ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু

বনৰীয়া হাতীৰ আক্ৰমণত ডিগবৈত আজি দুগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিগবৈ আৰু ডুমডুমা বন সংমণ্ডলৰ আপাৰ দিহিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

উক্ত হাতীৰ জাকটেৰ আক্ৰমণত যোৱা দিনসমূহত ইতিমধ্যে নিহত হৈছে কেইবাজনকৈ লোক।

প্ৰাপ্ত তথ্য অনুসৰি ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈ দুলীয়াজান পথৰ মায়াবজাৰৰ সমীপৰ ঘন হাবিত এজন অচিনাক্ত ব্যক্তিক আজি বনৰীয়া হাতীয়ে আক্ৰমণ চলাই হত্যা কৰে। স্থানীয় লোকে এই সম্পৰ্কত ডিগবৈ আৰক্ষী আৰু স্থানীয় বন বিভাগক অৱগত কৰাত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। জানিব দিয়া মতে নিহত লোকজন মানসিক বিকাৰগ্ৰস্ত আছিল৷

ইপিনে, ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত আপাৰ দিহিং বনাঞ্চলৰ নাজিৰাটিং খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ বগাপানী খাৰজান নলাত আজি হাতীৰ আক্ৰমণত বগাপানী চাহ বাগিচাৰ খাৰিয়া লাইনৰ ৰুছু কুজু (৪৫) নামৰ লোকজন নিহত হয়৷ ঘটনাস্থলীত ডিগবৈ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে৷

উল্লেখযোগ্য যে উক্ত অঞ্চলসমূহত প্ৰায়ে বনৰীয়া হাতীৰ উপদ্ৰৱ চলি থকা পৰিলক্ষিত হয় যদিও বন বিভাগৰ ফালৰ পৰা বনাঞ্চলৰ কাঁটা তাঁৰৰ বেৰ বা আন কোনো ব্যৱস্থা গ্ৰহণ নকৰাত হাতী আৰু মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।