• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানে ক্ষতিগ্ৰস্ত কৰা কেইবাটাও পৰিয়ালৰ ঘৰ লণ্ড ভণ্ড কৰিলে বনৰীয়া হাতীৰ জাকে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2020 12:09 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত। ক’ৰ’নাৰ লগতে বানে হোজাই জিলাত আতংকিত কৰাৰ সমতে এইবাৰ হাতীৰ জাকে অঞ্চলবাসীৰ চিন্তা বৃদ্ধি কৰিছে।

জানিব পৰা মতে সোমবাৰে হোজাইৰ দীঘলবাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা এটা বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত ওলাই আহি অঞ্চলটোত উপদ্ৰৱ চলায়।

হাতীৰ জাকটোৱে হোজাইৰ দীঘলবাৰী গাঁৱৰ মৌচুমী হাচাম, জিতেশ্বৰ হাচাম আৰু জ্যোতিকা কুৰ্মীৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে।

‍‘এই ঘটনাটো ৰাতিপুৱা প্ৰায় ৩ মান বজাত সংঘটিত হৈছে। বনৰীয়া হাতীৰ এটা জাকে হঠাৎ আক্ৰমণ কৰে। লগে লগে ওচৰ চুবুৰীয়াৰ লোকে আমাক উদ্ধাৰ কৰে যদিও ঘৰটো লণ্ডভণ্ড কৰে’, জ্যোতিকা কুৰ্মীয়ে এইদৰে কয়।

তেওঁ লগতে কয়, ‍‘এতিয়া আমাৰ হাতত খাবলৈও একো নাই আৰু চালিও নাই। বছৰৰ তৃতীয়টো বান, হাতীৰ আক্ৰমণে আমাক শেষ কৰি পেলালে। চৰকাৰে শীঘ্ৰে সাহায্য প্ৰদান কৰিব লাগে’।

‘বানৰ বাবে বনৰীয়া হাতী সমূহে খাদ্যৰ অভাৱত ভুগিছে যাৰ বাবে খাদ্যৰ সন্ধানত লোকালয়লৈ আহি উপদ্ৰৱ চলাইছে’, এজন গাঁওবাসীয়ে এই মন্তব্য কৰে।

ইফালে গাঁওবাসীয়ে অভিযোগ কৰা মতে বন বিভাগে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ লগতে ৰাইজৰ অভাৱ অভিযোগো গুৰুত্বসহকাৰে নলয়।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd