লাডেনৰ সন্ত্ৰাস অব্যাহত, নাগ্ৰীজুলি চাহ বাগিচাত পুনৰ ভাঙিলে ৯টাকৈ বাসগৃহ
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত লাডেন নামৰ বনৰীয়া হাতীটোৰ সন্ত্ৰাস আজিও অব্যাহত আছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা লাডেন নামৰ বনৰীয়া হাতীটোৰ সন্ত্ৰাসে নিদ্ৰাহৰণ কৰিছে বৃহত্তৰ ভাৰত-ভুটান সীমান্তৰ নাগ্ৰীজুলি অঞ্চলৰ গঞাৰ। সন্ধিয়া হ’লেই অঞ্চলবাসীয়ে নিজৰ ঘৰ-দুৱাৰ এৰি আশ্ৰয় ল’ব লগা হৈছে নিৰাপদ স্থানত।
শেহতীয়াকৈ ২জনকৈ লোকক হত্যা কৰা লাডেনে পুনৰ শনিবাৰে নিশা নাগ্ৰীজুলি চাহ বাগিচাৰ উৰিয়া শ্ৰমিক লাইনত সোমাই অঞ্জনা সোনা, বসন্ত তাঁতী, জয়ন্ত তাঁতী, ৰাজেন্দ্ৰ তাঁতী, জ্ঞানদৈ তাঁতী, ৰাজকুমাৰী লোহা, ভাৰত বাঘ, অভি তাঁতী আৰু ভাইদি তাঁতীসহ মুঠ ৯টাকৈ পৰিয়ালৰ ঘৰৰ লগতে ঘৰৰ ভিতৰৰ ধান-চাউল আৰু অন্যান্য খাদ্য-বস্তু খাই তহিলং কৰে।
হাতীটোই ঘৰৰ ভিতৰত থকা বিচনা, আলনা, চকী-মেজ, অলমাৰিসহ সকলো বয়-বস্তু ভাঙি তাণ্ডৱ চলায়। নৰহত্যাকাৰী হাতীটোৰ প্ৰৱেশ ঘটাৰ লগে লগে যিয়ে যেনেকৈ পাৰে তেনেকৈ পলাই পত্ৰং দিয়ে আৰু নিজৰ নিজৰ জীৱন কথমপি ৰক্ষা কৰিবলৈ সক্ষম হয়।
হাতীৰ তাণ্ডৱৰ খবৰ পাই নাগ্ৰীজুলিৰ বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহায়ত ফটকা ফুটাই, জুইৰ মলা জ্বলাই পুৱতি নিশাহে হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয়।
আজি পুৱা নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহই আৰক্ষীৰ দল এটা লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ উপদ্ৰুত পৰিয়ালৰ ক্ষয়-ক্ষতিৰ বুজ লয়।
হাতীটোক ট্ৰেংকুলাইজ কৰি নাগ্ৰীজুলিৰ পৰা অন্য কোনো ঘন বনাঞ্চললৈ স্থানান্তৰিত কৰাৰ বাবে ৰাইজে চৰকাৰ আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলক অনুৰোধ জনাইছে। অন্যথা লাডেনৰ হাতত আৰু কিমান নিৰীহ লোকৰ প্ৰাণ যায় বা আৰু কিমান পৰিয়াল গৃহহাৰা হব লগা হয় তাৰ কোনো নিশ্চয়তা নাই বুলি ৰাইজৰ মাজত বহুল ভাৱে চৰ্চিত হৈছে।