• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ ঘৰত অসম আৰক্ষীৰ অভিযান : গ্ৰেপ্তাৰ কৰিব পৰা নাই পলাতক ডি এছ পি ভাস্কৰ ওজাক

NE NOW NEWS মুকুট দাস
গুৱাহাটী , August 26, 2018 7:28 pm

2 min read

ভাস্কৰ ওজা

নিলম্বিত ডি এছ পি ভাস্কৰ ওজা।

77
VIEWS
Share on FacebookShare on Twitter

গোচৰ নিষ্পত্তিৰ বাবে ৩০ লাখ টকা দাবী কৰি নিলম্বিত হোৱা তথা বৰ্তমান পলাতক অৱস্থাত থকা ধুবুৰী জিলাৰ উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাক বিচাৰি আৰক্ষীয়ে তেওঁৰ বৰপেটাৰ ঘৰত অভিযান চলায়।

ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাৰ নেতৃত্বত এটা দলে যোৱানিশা নিলম্বিত বিষয়াজনৰ ঘৰত তেওঁক বিচাৰি এই অভিযানটো চলাইছিল।

অৱশ্যে ভাস্কৰ ওজাক বিচাৰি নাপাই অভিযানকাৰী দলটো শুদা হাতে ঘূৰি যাব লগীয়া হয়। আৰক্ষীয়ে সন্দেহ কৰামতে ভাস্কৰ ওজাই নিজৰ ঘৰৰ পৰা আঁতৰত ক’ৰবাত আত্মগোপন কৰিব পাৰে।

উল্লেখযোগ্য যে এটা গোচৰত অভিযুক্তৰ অনুকূলে কেছ ডায়েৰি প্ৰস্তুত কৰা, তদন্তত অভিযুক্তক ৰেহাই দিয়াৰ নামত অভিযুক্ত পক্ষৰ পৰা ৩০ লাখ টকা দাবী কৰিছিল ডি এছ পি ভাস্কৰ ওজাই। ইয়াৰ কল ৰেকৰ্ডিং ফাদিল হৈ পৰাৰ লগতে আৰক্ষী হাততো পৰিছিল।

পিছত আৰক্ষীয়ে এই কেলেংকাৰিটো গাপ দিয়াৰ চেষ্টা কৰিছিল যদিও কৃষক মুক্তিকে ধৰি বিভিন্ন পক্ষৰ হেঁচাত ডি এছ পি ভাস্কৰ ওজাৰ বিৰুদ্ধে ধুবুৰী থানাত ১০৪৩/১৮ নম্বৰৰ গোচৰ ৰুজু কৰা হয়। লগতে যোৱা ২০ জুলাইত ভাস্কৰ ওজাক নিলম্বিতও কৰা হয়। কিন্তু তাৰ পিছতো ভাস্কৰ ওজাক গ্ৰেপ্তাৰ নকৰাত আকৌ গ্ৰেপ্তাৰৰ বাবে দাবী তোলে কৃষক মুক্তি আৰু অন্যান্য পক্ষই।

আনহাতে আদালতত আগতীয়া জামিন বিচাৰি বিমুখ হৈছিল অভিযুক্ত আৰক্ষী বিষয়াজন। অভিযুক্ত এ পি এছ বিষয়াজনৰ বিৰুদ্ধে ধুবুৰী থানাত ৰুজু হোৱা ১০৪৩/২০১৮ (দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ নং ধাৰাৰ অধীনত) নম্বৰৰ গোচৰৰ কেছ ডায়েৰিত থকা তথ্য আৰু সমলৰ ভিত্তিত আদালতে আগতীয়া জামিন আবেদন নামঞ্জুৰ কৰিছিল।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd