• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাতী-মানুহৰ সংঘাত: বাক্সাৰ নাগ্ৰীজুলি থানাত সজাগতা সভা বন বিভাগৰ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , August 26, 2018 8:45 pm

2 min read

হাতী-মানুহৰ সংঘাত: বাক্সাৰ নাগ্ৰীজুলি থানাত সজাগতা সভা বন বিভাগৰ
76
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তত হোৱা অবাধ বন ধ্বংস আৰু বনাঞ্চলসমূহত চলা অবাধ বেদখলৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰিছে বাক্সা জিলা বন সংমণ্ডল বিষয়া ভাবেশ চন্দ্ৰ দাসে।

২৫ আগষ্টৰ আবেলি বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলত হাতী আৰু মানুহৰ সংঘাত বিষয়ক এখন সজাগতা সভাত অংশ গ্ৰহণ কৰি বন বিষয়াগৰাকীয়ে এই মন্তব্য কৰে।

নাগ্ৰীজুলি আৰক্ষী চকী চৌহদত বন বিভাগৰ উদ্যোগত চাহ জনজাতি ছাত্র সন্থাৰ বাক্সা জিলা সমিতিৰ সভাপতি অজয় কাৰমালিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি বন সংমণ্ডল বিষয়াগৰাকীয়ে কয় যে মানুহৰ অদূৰদৰ্শিতা আৰু অবাধ বনাঞ্চল ধ্বংসৰ ফলত বনৰীয়া হাতীৰ লগতে বন্যপ্ৰাণীসমূহৰ বিচৰণ ভূমি সংকুচিত হোৱাৰ লগতে তীব্ৰ খাদ্য সংকটত ভোগাৰ ফলতেই হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে।

নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠন, নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহ, নাগ্ৰীজুলি বন তালাচী চকীৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বন বিষয়াগৰাকীয়ে কয় যে হাতী মানুহৰ সংঘাত ৰোধৰ বাবে নাগ্ৰীজুলি অঞ্চলত পৰ্যাপ্ত পৰিমাণে  বন কৰ্মী নথকাত সংঘাত ৰোধৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও এই সমস্যা অচিৰেই সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

বিগত সময়ত হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোক দুজনৰ বাবে শোক প্ৰকাশ কৰি ভবেশ চন্দ্ৰ দাসে কয় যে অঞ্চল এটাত হাতী প্ৰৱেশ কৰাৰ খবৰ পালে জনসাধাৰণে সজাগ হৈ বন বিভাগৰ লোকক খবৰ দি নিৰাপদ দূৰত্বত অৱস্থান কৰিব লাগে।

সভাত উপস্থিত থাকি তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ বনাঞ্চলিক বিষয়া কেশৱ চন্দ্ৰ ব্ৰহ্ময়ো ভাষণ ৰাখি হাতী খেদাত ৰাইজৰ সহায়-সহযোগ কামনা কৰে।

সভাৰ অন্তত বনৰীয়া হস্তী উপদ্ৰুত অঞ্চলৰ লোকৰ মাজত উচ্চ ক্ষমতাৰ টৰ্চ লাইট, উচ্চ শব্দ সৃষ্টিকাৰী ফটকা আদি বিতৰণ কৰা হয়। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহকো ক্ষতি পূৰণ দিয়া হ’ব বুলি আশ্বাস দিয়ে বন বিভাগৰ বিষয়াসকলে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd