• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী-মানুহৰ সংঘাত: বাক্সাৰ নাগ্ৰীজুলি থানাত সজাগতা সভা বন বিভাগৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 26, 2018 8:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তত হোৱা অবাধ বন ধ্বংস আৰু বনাঞ্চলসমূহত চলা অবাধ বেদখলৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰিছে বাক্সা জিলা বন সংমণ্ডল বিষয়া ভাবেশ চন্দ্ৰ দাসে।

২৫ আগষ্টৰ আবেলি বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলত হাতী আৰু মানুহৰ সংঘাত বিষয়ক এখন সজাগতা সভাত অংশ গ্ৰহণ কৰি বন বিষয়াগৰাকীয়ে এই মন্তব্য কৰে।

Apply Now

নাগ্ৰীজুলি আৰক্ষী চকী চৌহদত বন বিভাগৰ উদ্যোগত চাহ জনজাতি ছাত্র সন্থাৰ বাক্সা জিলা সমিতিৰ সভাপতি অজয় কাৰমালিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি বন সংমণ্ডল বিষয়াগৰাকীয়ে কয় যে মানুহৰ অদূৰদৰ্শিতা আৰু অবাধ বনাঞ্চল ধ্বংসৰ ফলত বনৰীয়া হাতীৰ লগতে বন্যপ্ৰাণীসমূহৰ বিচৰণ ভূমি সংকুচিত হোৱাৰ লগতে তীব্ৰ খাদ্য সংকটত ভোগাৰ ফলতেই হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে।

নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠন, নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহ, নাগ্ৰীজুলি বন তালাচী চকীৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বন বিষয়াগৰাকীয়ে কয় যে হাতী মানুহৰ সংঘাত ৰোধৰ বাবে নাগ্ৰীজুলি অঞ্চলত পৰ্যাপ্ত পৰিমাণে  বন কৰ্মী নথকাত সংঘাত ৰোধৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও এই সমস্যা অচিৰেই সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

বিগত সময়ত হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোক দুজনৰ বাবে শোক প্ৰকাশ কৰি ভবেশ চন্দ্ৰ দাসে কয় যে অঞ্চল এটাত হাতী প্ৰৱেশ কৰাৰ খবৰ পালে জনসাধাৰণে সজাগ হৈ বন বিভাগৰ লোকক খবৰ দি নিৰাপদ দূৰত্বত অৱস্থান কৰিব লাগে।

সভাত উপস্থিত থাকি তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ বনাঞ্চলিক বিষয়া কেশৱ চন্দ্ৰ ব্ৰহ্ময়ো ভাষণ ৰাখি হাতী খেদাত ৰাইজৰ সহায়-সহযোগ কামনা কৰে।

সভাৰ অন্তত বনৰীয়া হস্তী উপদ্ৰুত অঞ্চলৰ লোকৰ মাজত উচ্চ ক্ষমতাৰ টৰ্চ লাইট, উচ্চ শব্দ সৃষ্টিকাৰী ফটকা আদি বিতৰণ কৰা হয়। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহকো ক্ষতি পূৰণ দিয়া হ’ব বুলি আশ্বাস দিয়ে বন বিভাগৰ বিষয়াসকলে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd