NORTHEAST NOW (Assamese)

বাক্সাৰ গুৱাবাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ, কৃষকৰ ঘৰ ভাঙি লণ্ডভণ্ড

May 1, 2020 5:19 pm · দীপক কুমাৰ পাঠক
হাতীয়ে ভাঙি পেলোৱা ঘৰটোৰ ছবি।

ক’ভিড-১৯ৰ আতংকৰ মাজতে বাক্সা জিলাৰ গুৱাবাৰীত বৃ্হস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়।

ভূতৰ ওপৰত দানহৰ দৰে লকডাউনৰ মাজতে গুৱাবাৰী অঞ্চলৰ ২নং ডোঙাৰগাঁৱত বন্যহস্তীৰ তাণ্ডৱত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ।

পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা অকলশৰীয়া প্ৰকাণ্ড বনৰীয়া  হাতীটোৱে নিশা ২ নং ডোঙাৰগাঁওত প্ৰৱেশ কৰে।

হাতীটোৱে গাঁওখনত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ গছ-গছনি ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও তেজ বাহাদুৰ চুৱেদি নামৰ দুখীয়া কৃষক পৰিয়ালটোৰ সম্পূৰ্ণ আৱাস ভাঙি পেলায়।

পৰিয়ালটোৰ দুটা থকা ঘৰ আৰু এটা পাকঘৰসহ মুঠ তিনিটা ঘৰ হাতীটোৱে ভাঙি ছিঙি বিধ্বস্ত কৰে।

হাতীটোৱে ঘৰৰ ভিতৰত থকা ধান-চাউল আদি খাই তাহিলং কৰাৰ উপৰিও ঘৰৰ ভিতৰত থকা বিভিন্ন আচবাব, ল’ৰা-ছোৱালীৰ কিতাপ-পত্ৰ, অন্যান্য মূল্যবান সামগ্ৰী আদিও ভাঙি-ছিঙি চুৰমাৰ কৰে।

তাৰোপৰি বাৰীৰ তামোল, নাৰিকল গছ আদিও ভাঙি তাণ্ডৱ চলায়।

হাতীটোৱে ঘৰটোত আক্ৰমণ কৰাৰ সময়ত ঘৰৰ ভিতৰতে আছিল তেজ বাহাদুৰৰ পৰিয়ালৰ সদস্যসকল। কোনোমতে প্ৰাণ লৈ পলাবলৈ সক্ষম হয় তেওঁলোক।

দীৰ্ঘদিন ধৰি এই অকলশৰীয়া দলবিচ্ছিন্ন বনৰীয়া হাতীটোৱে উপদ্ৰৱ কৰি আহিছে অঞ্চলটোত।

হাতীটোৰ অত্যাচাৰত বহু লোক গৃহহীন হোৱাৰ উপৰিও বহু লোকে মৃত্যুমুখতো পৰিব লগা হৈছে।

ইপিনে দুখীয়া কৃষক পৰিয়ালটোক চৰকাৰীভাৱে সাহায্য প্ৰদানৰ বাবে অনুৰোধ জনাইছে বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক তথা অঞ্চলটোৰ সমাজকৰ্মী মাধৱ ছেত্ৰীয়ে।

Related News