NORTHEAST NOW (Assamese)

শীঘ্ৰেই মই কৰ্কট ৰোগৰ পৰা আৰোগ্য হৈ উঠিম; সঞ্জয় দত্তৰ মন্তব্য

October 15, 2020 5:16 pm · এন ই নাও নিউজ

বলিউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই ছ’চিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’ত তেওঁ শীঘ্ৰে কৰ্কট ৰোগৰ পৰা আৰোগ্য হৈ উঠিব বুলি মন্তব্য প্ৰকাশ কৰে।

”মই অতি শীঘ্ৰে এই কৰ্কট ৰোগৰ পৰা আৰোগ্য হৈ উঠিম,” সঞ্জয় দত্তৰ হেয়াৰ ষ্টাইলিষ্ট আলিম হাকিমে শ্বেয়াৰ কৰা এটি ভিডিঅ’ত সঞ্জয় দত্তই এইদৰে কয়।

”মই কে জি এফ চেপ্টাৰ-২ৰ বাবে দীঘলৈ দাঢ়ি ৰাখিছো, আমি নৱেম্বৰত ইয়াৰ কাম আৰম্ভ কৰিম…..মই কাইলৈ চামচেৰাৰ বাবে ডাবিঙৰ কামো আৰম্ভ কৰিম…..সেয়া ভাল লগা কাম হ’ব,” সঞ্জয় দত্তই লগতে কয়।

উল্লেখযোগ্য যে, বলিউদৰ অভিনেতা গৰাকীয়ে বৰ্তমান সময়ত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে।

কিছুদিন পূৰ্বে দত্তই ছ’চিয়েল মিডিয়াত নিজৰ এখন ফটো আপলোড কৰিছিল য’ত অভিনেতা গৰাকীক যথেষ্ট খীন দেখা গৈছিল।

সঞ্জয় দত্তৰ অনুৰাগী সকলে অভিনেতা গৰাকীয়ে সোনকালে কৰ্কট ৰোগক জয় কৰি অভিনয়ৰ মাজলৈ উভতি আহিব বুলি আশা প্ৰকাশ কৰিছে।

Related News