‘মৰমেৰে সুঁৱৰিম আমি’, নাগা বিদ্ৰোহী খ’লি কন্যাকৰ মৃত্যুত আলফা (স্বাঃ) সেনাপ্ৰধান পৰেশ

nscn im vc ulfa-i c-in c paresh

খ’লি কন্যাক (বাওঁফালে) আৰু পৰেশ অসম। ফাইল ছবি।

নাগা জাতীয় সেৱা (Naga National Service)ত আজীৱন সেৱা আগবঢ়াই ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা এন এচ চি এন (আই এম)ৰ চৰকাৰৰ উপাধ্যক্ষ, অৱসৰপ্ৰাপ্ত জেনেৰেল খ’লি চেতক’ কন্যাকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি নাগা বিদ্ৰোহীজনক “মৰমেৰে সোঁৱৰা” হ’ব বুলি মন্তব্য কৰিছে আলফা (স্বাধীন)ৰ উপ সভাপতি তথা সেনাপ্ৰধান পৰেশ অসমে।

“আমাৰ সংগঠনৰ বন্ধু আৰু শুভাকাংক্ষী ৰূপে আমি সকলোৱে মৰমেৰে সুঁৱৰিম তেওঁক,” জেনেৰেল কন্যাকৰ মৃত্যুত “শোকাভিভূত” আলফা (স্বাঃ)ৰ সমূহ সদস্যৰ হৈ এই বিবৃতি সেনাপ্ৰধান পৰেশৰ।

কন্যাকৰ “আত্মাৰ শান্তি” কামনাৰে নাগা বিদ্ৰোহীজনৰ “সতীৰ্থ, অনুজ, পৰিয়ালৰ এৰি যোৱা সদস্য আৰু অনুগামীসকলক” গভীৰ সমবেদনা জনাইছে পৰেশে।

১৯২৮ চনত নাগালেণ্ডৰ ৱাংচু গাঁৱত জন্ম লোৱা কন্যাকে ১৯৫৬ চনৰ এপ্ৰিলত নাগা জাতীয় সেৱাত যোগদান কৰি মৃত্যু পৰ্য্যন্ত বিভিন্ন দায়িত্ব পালন কৰিছিল। নাগাসকলৰ অন্যতম বৃহৎ গোষ্ঠী কন্যাকৰ সৰ্বোচ্চ নেতা বুলি মান্যতা দিয়া হৈছিল সদ্যপ্ৰয়াত খ’লিক।

২০১৭ চনৰ মাৰ্চত ৮৯ বছৰীয়া কন্যাকক আৰু ৬টা বছৰৰ বাবে উপাধ্যক্ষৰূপে দায়িত্ব দিছিল এন এচ চি এন (আই এম)ৰ সাধাৰণ পৰিষদে।

এসময়ৰ অবিভক্ত এন এচ চি এনৰ সেনাপ্ৰধান খ’লি কন্যাক সংগঠনটো বিভক্ত হোৱাৰ পিছত ১৯৮৮ চনত খাপলাং-পন্থীৰ উপাধ্যক্ষ পদত অধিস্থিত হৈছিল।

২০১১ চনত এন এচ চি এন (কে)ৰ পৰাও ফালৰি কাটি আহি কন্যাকে এন এচ চি এন (ইউ) গঠন কৰিছিল। কিন্তু তেওঁ আই এম-গোটলৈ উভটি আহি ২০১৬ চনৰ ১৯ মে’ত সংগঠনটোৰ উপাধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।

যোৱা ১২ ডিচেম্বৰত নতুন দিল্লীত ষ্ট্ৰ’কত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত ফৰ্তিছ হস্পিতেলত মৃত্যু হৈছিল অৱসৰপ্ৰাপ্ত নাগা জেনেৰেলজনৰ।