ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হৈছে বাঘ। কেন্দ্ৰীয় চৰকাৰে গৰুক জাতীয় প্ৰাণী হিচাপে স্বীকৃতি দিব নিবিচাৰে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সোমবাৰে সংসদত এই কথা স্পষ্ট কৰি দিয়ে।
সাংসদ ভাগীৰথ চৌধুৰীয়ে উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে।
ভাগীৰথ চৌধুৰীয়ে সুধিছিল যে গোমাতা বা গৰু ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। গতিকে গৰুক জাতীয় জন্তুৰ মৰ্যাদা দিয়াৰ কিবা পৰিকল্পনা আছে নেকি কেন্দ্ৰীয় চৰকাৰৰ? এই প্ৰশ্নৰ উত্তৰত ৰেড্ডীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে বাঘ আৰু ময়ুৰক জাতীয় জন্তু আৰু জাতীয় পক্ষী বুলি ঘোষণা কৰিছে। এই দুই জীৱৰ সুৰক্ষাৰ বাবেও আইন প্ৰণয়ন কৰা হৈছে। গতিকে নতুন পৰিকল্পনা নাই।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘ভাৰত চৰকাৰে কিছুদিনৰ পৰা MoEF&CCৰ চৰকাৰী ৰেকৰ্ড প্ৰকাশ কৰা নাই। ২০১১ চনৰ ৩০ মে’ত মন্ত্ৰালয়ে বাঘ আৰু ময়ূৰক জাতীয় জন্তু আৰু জাতীয় চৰাই হিচাপে ঘোষণা কৰে।
ভাগীৰথ চৌধুৰীয়ে কেন্দ্ৰীয় চৰকাৰক এলাহাবাদ আৰু জয়পুৰ উচ্চ ন্যায়ালয়ে গৰুক ৰাষ্টৃয় জন্তু হিচাপে ঘোষণা কৰাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ দিছে নেকি বুলি সোধাত ৰেড্ডীয়ে কয় যে নিজ নিজ ৰাজ্যৰ বিধায়িনী দলে এই প্ৰশ্নৰ উত্তৰ দিব পাৰে। তেওঁ আৰু কয় যে পশুপালন আৰু দুগ্ধ পালন বিভাগে ক্ৰমে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহে কৰা প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে থলুৱা জাতৰ গৰুকে ধৰি থলুৱা জাতৰ গৰুৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় গোকুল অভিযান ৰূপায়ণ কৰি আছে। দেশত গৰুকে ধৰি ঘৰচীয়া জন্তুৰ উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে।।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি হিন্দুত্ববাদী ৰাজনৈতিক দল আৰু হিন্দুত্ববাদী সংগঠনসমূহে গৰুক জাতীয় প্ৰাণী হিচাপে মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। এই বিষয় সন্দৰ্ভত বহুতে আদালতৰ কাষ চাপিছে। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পৰিকল্পনা স্পষ্ট কৰি দিয়ে।
লগতে পঢ়কঃ পৰিচাৰিকাক যৌন নিৰ্যাতনৰ শাস্তি! ছিংগাপুৰত ভাৰতীয় লোকক ১৮ বছৰৰ জেল; ১২টা সৌকাৰ কোব
লগতে পঢ়কঃ জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা; প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ
লগতে পঢ়কঃ সংসদত সংবিধানৰ মৌলিক গাঁথনি সন্দৰ্ভত ‘প্ৰশ্ন’ তুলি বিতৰ্কত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ!