• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰোধীৰ অংকত আউল! নিৰ্বাচন অকলেই খেলিব তৃণমূলে: ঘোষণা মমতা বেনাৰ্জীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2023 7:05 am
Mamata Banerjee
195
VIEWS
Share on FacebookShare on Twitter

চমু চাপিছে ২৪ ৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে শাসক-বিৰোধী উভয়েই ৰাজনৈতিক অংক সমাধানৰ যো-জা চলাইছে যদিও বিৰোধীৰ অংকত আউল লগাই বৃহস্পতিবাৰে এক বৃহৎ ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

ঐক্যবদ্ধ বিৰোধীৰ বাবে কিছুদিন পূৰ্বলৈকে সক্ৰিয় হৈ থকা মমতা বেনাৰ্জীয়ে বিৰোধী মহাজোঁটৰ আশা ত্যাগ কৰি অকলেই ২৪ ৰ লোকসভা নিৰ্বাচনী ৰণত নমাৰ মনস্থ কৰিছে। লোকসভা নিৰ্বাচনত তৃণমূলে ৰাইজৰ সমৰ্থনত অকলেই যুঁজিব বুলি ঘোষণা কৰিছে দলটোৰ মুৰব্বী বেনাৰ্জীয়ে।

বৃহস্পতিবাৰে এক বিবৃতি যোগে মমতা বেনাৰ্জীয়ে ২০২৪ চনত তৃণমূল আৰু জনসাধাৰণৰ মাজত মিত্ৰতা দেখিবলৈ পোৱা যাব বুলি মন্তব্য কৰে। বিৰোধী শক্তিৰ সৈতে লগ হোৱাৰ সম্ভাৱনা নাকচ কৰি কয়, “আমি আন কোনো ৰাজনৈতিক দলৰ সৈতে নাযাওঁ। আমি জনসাধাৰণৰ সমৰ্থনত অকলে যুঁজিম।”

“যিসকলে বিজেপিক পৰাস্ত কৰিব বিচাৰে, তেওঁলোকে আমাক ভোট দিব বুলি মোৰ বিশ্বাস। একে সময়তে মই বিশ্বাস কৰোঁ যে চিপিআই (এম) আৰু কংগ্ৰেছক ভোট দিয়াসকলে আচলতে বিজেপিক ভোট দিছে। এই সত্য আজি পোহৰলৈ আহিছে।”— বেনাৰ্জীয়ে লগতে কয়।

উল্লেখ্য যে, পশ্চিম বংগৰ বিগত বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ পাছতে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল তৃণমূলে। অহা বৰ্ষত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে তেতিয়াৰ পৰাই বিৰোধীৰ ঐক্যৰ যো-জা চলাইছিল মমতা বেনাৰ্জীয়ে।

অৱশ্যে এই লক্ষ্যত বিফল হ’লেও তেওঁ তৃণমূল কংগ্ৰেছক কেইবাখনো ৰাজ্যৰ ৰাজনীতিত প্রৱেশ ঘটাইছিল। বৃহস্পতিবাৰে ঘোষিত মেঘালয় নিৰ্বাচনতো প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈ তৃণমূলে ৫ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয়।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd