• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2022 9:12 pm
Irfan Habib
231
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজনীতিত এতিয়া মন্দিৰ-মছজিদ, হিন্দু-মুছলমানৰ বতাহ বলিছে। দেশৰ পৌৰাণিক ঐতিহাসিক সমলসমূহত হিন্দুত্বৰ ৰহন সনাৰ ধুম ধুম উঠিছে। বিশেষকৈ মোগল শাসনকালত নিৰ্মিত প্ৰাচীন কীৰ্তি-চিহ্নসমূহত হিন্দুত্বৰ আধাৰ উদ্ভাৱনৰ তাড়নাত উঠিপৰি লাগিছে হিন্দুত্ববাদী মহল।

সমসাময়িকভাৱে দেশৰ বিভিন্ন প্ৰান্তত মুছলমানসকলৰ উপাসনাস্থলী মছজিদে মছজিদে হিন্দুৰ মঠ-মন্দিৰৰ অৱশিষ্ট উদ্ধাৰ অভিযানত নামি পৰিছে হিন্দুত্ববাদী আদৰ্শৰে পৰিপুষ্ট একাংশ লোক। শেহতীয়াকৈ বাৰানসীৰ জ্ঞানৱাপী মছজিদত শিৱলিঙ্গ উদ্ধাৰৰ দাবীৰ পিছতে এই অভিযান কাশী-মথুৰাৰ পৰা তাজমহল, কুতুব মিনাৰলৈকে শিপাইছে।

এনে সময়তে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ইতিহাসবিদ ৰফান হাবিবে এক উল্লেখনীয় মন্তব্য আগবঢ়াইছে। দেশৰ সাম্প্ৰতিক এই বিতৰ্কিত বিষয়সমূহৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ মোগল সম্ৰাট ঔৰঙ্গজেবে যিদৰে মন্দিৰ ধ্বংস কৰি ভুল কৰিছিল, তেনেদৰে বৰ্তমানৰ চৰকাৰেও একেই পথকে অনুসৰণ কৰি ভুল কৰিব নেকি বুলি প্ৰশ্ন কৰে।

খ্যাতনামা ইতিহাসবিদ গৰাকীয়ে কয় যে, মোগল সম্ৰাট জাহাংগীৰৰ শাসনকালত ৰাজা বীৰ সিং বুন্দেলাই কাশী আৰু মথুৰাৰ মন্দিৰ নিৰ্মাণ কৰিছিল। ইতিহাসৰ তথ্য অনুসৰি পিছত এই মন্দিৰ সমূহ ঔৰঙ্গজেবে ধ্বংস কৰিছিল। ইয়াত কোনো সন্দেহ নাই।

তেওঁ কয়, “ঔৰঙ্গজেবে মন্দিৰসমূহ ধ্বংস কৰাৰ সবিশেষ তথ্য ইতিহাসত লিপিবদ্ধ কৰা হৈছে। সেই সময়ত এইয়া কোনো গোপন কথা নাছিল।”

আনহাতে বাৰানসীৰ জ্ঞানৱাপীত শিৱলিঙ্গ বুলি দাবী কৰা গাঁথনিটোৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে হাবিবে। তেওঁ কয় যে জ্ঞানৱাপীত শিৱলিঙ্গ উদ্ধাৰক লৈ যথেষ্ট চৰ্চা হৈছে। কিন্তু জ্ঞানৱাপী বিতৰ্কৰ ক্ষেত্ৰত দাখিল কৰা আৱেদনখনত শিৱলিঙ্গৰ বিষয়ে কোনো তথ্যৰ উল্লেখ নাই।

তদুপৰি তেওঁ কয়, শিৱলিঙ্গ বনোৱাৰ কিছু নিৰ্দিষ্ট নিয়ম আছে। আকৃতিৰ একে হ’লেও যিকোনো বস্তুকে শিৱলিঙ্গ বুলি ক’ব নোৱাৰি।” বৰ্তমান শিৱলিঙ্গক কেন্দ্ৰ কৰি এক নতুন সমস্যাৰ সৃষ্টি কৰা হৈছে বুলি তেওঁ মত পোষণ কৰে।

দেশত ক্ৰমান্বয়ে মছজিদ-মন্দিৰ বিতৰ্ক বৃদ্ধি পাই অহাত ক্ষোভ উজাৰি ইতিহাসবিদগৰাকীয়ে কয়, “যেতিয়া মন্দিৰসমূহ ভাঙি পেলোৱা হৈছিল, তেতিয়া ইয়াৰ শিলবোৰ মছজিদত ব্যৱহাৰ কৰা হৈছিল। স্বাভাৱিকতেই এনে পৰিস্থিতিত মছজিদত হিন্দু ধৰ্মৰ চিহ্ন থকা শিল ব্যৱহৃত হৈছিল। সেইদৰে বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্কিত শিলৰ উপস্থিতিও বহুতো মন্দিৰত পোৱা যাব।”

এই প্ৰসঙ্গতে তেওঁ চিতোৰত ৰাণা কুম্ভাই নিৰ্মাণ কৰা মিনাৰৰ কথা উল্লেখ কৰে। হাবিবে কয় যএ মিনাৰৰ এটা শিলৰ ওপৰত আৰবী ভাষাত ‘আল্লা’ বুলি লিখা হৈছে, কিন্তু এই বাবেই এই মিনাৰটোক কোনোৱে মছজিদ বুলি দাবী কৰিব নোৱাৰে।

তেওঁ কয় যে যেতিয়াই পুৰণি সময়ত মছজিদ বা মন্দিৰ নিৰ্মাণ কৰা হৈছিল, সেই সমূহত বৌদ্ধ মঠৰ শিল পোৱা গৈছিল। সেই শিলৰ উপস্থিতিৰ দোহাই দি মন্দিৰ ভঙাৰ সিদ্ধান্ত হ’ব মূৰ্খতাৰ পৰিচয়। এনে পৰিস্থিতিত বহুতো মন্দিৰ ধ্বংস হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd