• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2026 5:00 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এক ডাঙৰ ঘোষণা কৰিছে। শেহতীয়াকৈ তেওঁ জনাইছে যে ২০২৭ চনত অনুষ্ঠিত হ‘বলগীয়া এদিনীয়া বিশ্বকাপেই হ‘ব ভাৰতৰ হৈ তেওঁৰ শেষ বিশ্বকাপ।

 ইতিমধ্যে টেষ্ট আৰু টি-টুৱেণ্টি ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা কোহলীয়ে বৰ্তমান কেৱল এদিনীয়া ক্ৰিকেটতহে ভাৰতক প্ৰতিনিধিত্ব কৰি আছে। ৩৭ বছৰীয়া এইগৰাকী মহান খেলুৱৈয়ে এদিনীয়া ক্ৰিকেটত ৫৪ টা শতক অৰ্জন কৰিছে আৰু শচীন তেণ্ডুলকাৰৰ ১৮,৪২৬ ৰাণৰ পিছতেই ১৪,৯৪১ ৰাণেৰে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে।

Apply Now

 ২০১১ চনত নিজৰ দেশত বিশ্বকাপ জয়ৰ সোৱাদ পোৱা কোহলীয়ে ২০২৩ চনৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ‘বলগীয়া হৈছিল।

 অহা ২০২৭ চনৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়াই যুটীয়াভাৱে এই বিশ্বকাপ আয়োজন কৰিব, যিখন কোহলীৰ কেৰিয়াৰৰ পঞ্চমখন বিশ্বকাপ হ‘ব। সম্প্ৰচাৰকাৰী প্ৰতিষ্ঠান জিঅ‘ ষ্টাৰৰ আগত শনিবাৰে কোহলীয়ে কয় যে ভাৰতৰ হৈ এইখনেই তেওঁৰ অন্তিম বিশ্বকাপ হ‘ব আৰু এয়াই তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰেৰণা। খেলপথাৰত নিজৰ সৰ্বস্ব উজাৰি দিবলৈ তেওঁ প্ৰস্তুত বুলিও জানিবলৈ দিয়ে। তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে বিশ্বকাপ জয় কৰা আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা সকলো ত্যাগ স্বীকাৰ কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু।

 পঞ্চাশ অভাৰৰ বিশ্বকাপক ক্ৰিকেটৰ অন্যতম কঠিন প্ৰত্যাহ্বান বুলি অভিহিত কৰি কোহলীয়ে কয় যে বিদেশৰ মাটিত খেলিবলগীয়া হোৱাৰ বাবে ই আৰু অধিক প্ৰত্যাহ্বানজনক হ‘ব। তেওঁৰ মতে, এখন এদিনীয়া খেলৰ তীব্ৰতা টি-টুৱেণ্টি ক্ৰিকেটৰ দৰেই, কিন্তু ইয়াত এদিনতে প্ৰায় আঢ়ৈখন টি-টুৱেণ্টি খেলৰ সমান কষ্ট কৰিবলগীয়া হয়। এনে এখন ডাঙৰ প্ৰতিযোগিতাত ক্ৰমাগতভাৱে দহখন খেলত একেই শক্তি আৰু তীব্ৰতা বজাই ৰখাটো সঁচাকৈয়ে এক ডাঙৰ কথা আৰু ই খেলুৱৈ এজনৰ পৰা বহুতখিনি শক্তি কাঢ়ি নিয়ে বুলি তেওঁ উল্লেখ কৰে।

 আনহাতে, বৰ্তমান কেৱল এদিনীয়া ক্ৰিকেট খেলা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মায়ো আগন্তুক বিশ্বকাপক লৈ নিজৰ অপৰিসীম আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ কয় যে ক্ৰিকেটৰ পৰা তেওঁৰ কাম শেষ হৈছে বুলি তেওঁ কেতিয়াও ভবা নাই। যিমান দিনলৈকে খেলি থাকিব, সিমান দিনলৈকে সন্মুখত নতুন লক্ষ্য থাকিব আৰু তেওঁ বিশ্বকাপলৈ আগ্ৰহেৰে বাট চাই আছে।

ইফালে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হ‘বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত কোহলী আৰু ৰোহিত দুয়োকে অন্তৰ্ভুক্ত কৰা হৈছে। অহা দেওবাৰে তিৰুৱনন্তপুৰমত এই শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd