• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আন্তৰ্জাতিক পৰ্যায়ত ভাৰতৰ ভাবমূৰ্তি ম্লান হ’ব নেকি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
December 7, 2023 5:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ Department of Justice এ যোৱা ২৯ নবেম্বৰৰ দিনা খালিস্তান আন্দোলনৰ অন্যতম নেতা গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত নিখিল গুপ্তা নামৰ ভাৰতীয় নাগৰিক এজনক দোষী সাব্যস্ত কৰিছে। কোৱা হৈছে যে ভাৰতৰ এগৰাকী জ্যেষ্ঠ নিৰাপত্তা আৰু চোৰাংচোৱাৰ বিষয়াই নিখিল গুপ্তাক এই দায়িত্ব দিছিল। এই প্ৰসংগত খালিস্তান আন্দোলনৰ আন এজন নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ প্ৰসঙ্গটোও চৰ্চালৈ আহিছে।

পান্নুন আৰু নিজ্জাৰ দুয়োকে ভাৰত চৰকাৰে খালিস্তানী সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে। কিন্তু, তাৰ বিপৰীতে পান্নুনৰ কানাডা আৰু আমেৰিকাৰ দ্বৈত নাগৰিকত্ব থকাৰ বাবে আমেৰিকাই তেওঁক মাৰ্কিন নাগৰিক বুলি উল্লেখ কৰিছে। আমেৰিকাৰ অভিযোগ অনুসৰি, গুপ্তাই শিখ নেতাজনক হত্যা কৰিবলৈ এজন হত্যাকাৰীক এক লাখ মাৰ্কিন ডলাৰ দিবলৈয়ো সন্মত হৈছিল।

Apply Now

অভিযোগনামাত অৱশ্যে স্পষ্টভাৱে পান্নুনৰ নাম উল্লেখ কৰা হোৱা নাই আৰু তাৰ পৰিৱৰ্তে ‘ভুক্তভোগী’ বুলি উল্লেখ কৰা হৈছে। কিন্তু সমগ্ৰ বিষয়টোৰ লগত ভাৰত চৰকাৰ জড়িত বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে।পান্নুনক হত্যা কৰিবলৈ গুপ্তাই যিজন ব্যক্তিক নিয়োগ কৰিছিল সেইজন ব্যক্তি আছিল আমেৰিকাৰ ড্ৰাগছ এনফৰ্চমেণ্ট এজেন্সী (ডি ই এ)ত কৰ্মৰত এজন চোৰাংচোৱা। তেওঁৰ যোগেদিহে এতিয়া গোটেই ঘটনাটো পোহৰলৈ আহিছে।

এইখিনিতে উল্লেখযোগ্য যে কানাডাত যোৱা ১৮ জুনৰ দিনা নিজ্জাৰক গুলীয়াই হত্যা কৰাৰ কেইদিনমান পিছতে চেক গণৰাজ্যত বন্দী হৈছিল নিখিল গুপ্তা। সেয়ে, ঘটনাৰ কেইমাহমানৰ পাছতে তেওঁ দোষী সাব্যস্ত হোৱাৰ অভিযোগটো মনকৰিবলগীয়া।

নিজ্জাৰৰ হত্যাৰ লগত ভাৰত জড়িত বুলি অভিযোগ আনি এক চেপ্তেম্বৰৰ দিনা কানাডাই ভাৰত আৰু কানাডাৰ মাজত স্বাক্ষৰিত হ’বলগা বাণিজ্য চুক্তিখন বাতিল কৰিছিল। তাৰ পৰৱৰ্তী সময়ত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ১৮ চেপ্তেম্বৰৰ দিনা কানাডাৰ সংসদত নিজ্জাৰ হত্যাৰ লগত ভাৰতীয় চোৰাংচোৱা সংস্থা জড়িত থকাৰ নিৰ্ভৰযোগ্য সাক্ষ্য প্ৰমাণ থকা বুলি ঘোষণা কৰিছিল আৰু লগে লগে কানাডাত থকা ৰ’ৰ উচ্চাপদাধিকাৰী পৱন কুমাৰ ৰায়ক কানাডাৰ পৰা বহিস্কাৰ কৰিছিল। তাৰ প্ৰত্যুত্তৰত ভাৰতত থকা কানাডাৰ চোৰাংচোৱা সংস্থাৰ প্ৰধান অলিভিয়াৰ চেলভেষ্ট্ৰেক(Olivier Sylvestre) ভাৰতে বহিস্কাৰ কৰিছিল। এই বিষয়টো লৈ ভাৰত আৰু কানাডাৰ মাজৰ কূতনৈতিক সম্পৰ্ক যথেষ্ট অৱনতি ঘটে।

তাৰ মাজতে ৯ আৰু ১০ ছেপ্টেম্বৰত ভাৰতত জি-২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। সেই সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত ট্ৰুডোৱে নিজ্জাৰ হত্যাৰ বিষয়টো উত্থাপন কৰিছিল।ই আলোচনাত এক অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি কৰিছিল। তাৰ পিছত ২০ চেপ্তেম্বৰৰ দিনা কানাডালৈ যোৱা ভাৰতীয় নাগৰিক সকলক অতি সতৰ্কতা অৱলম্বন কৰিবলৈ ভাৰত চৰকাৰে সতৰ্ক দিছিল আৰু ২১ চেপ্তেম্বৰৰ দিনা ভাৰত ভ্ৰমণ কৰিবলৈ বিচৰা কানাডাৰ নাগৰিক সকলৰ বাবে সাময়িকভাবে ভিচা প্ৰদান বন্ধ ৰখা হৈছিল।

অক্টোবৰ মাহৰ ১০ তাৰিখৰ ভিতৰত ভাৰতৰ পৰা ৪১ জন কানাডাৰ কূতনৈতিক বিষয়াক নিজ দেশলৈ ওভতাই নিবলৈ কানাডা চৰকাৰক কোৱা কৈছিল। তাৰ প্ৰতিক্ৰিয়া হিচাপে কানাডাই মুম্বাই, চণ্ডিগড় আৰু বাংগালুৰুত থকা তেওঁলোকৰ বাণিজ্যিক দূতাবাসত ভাৰতীয় নাগৰিকক ভিচা দিয়াটো বন্ধ কৰিছিল।নবেম্বৰত অৱশ্যে আকৌ দুয়োখন দেশৰ মাজৰ ভিচা সেৱা আৰম্ভ হৈছিল।

প্ৰশ্ন হৈছে এই নিখিল গুপ্তা বোলা মানুহজন কোন? এওঁ হ’ল আন্তৰ্জাতিক পৰ্যায়ত নিচাযুক্ত সামগ্ৰী আৰু অবৈধ অস্ত্ৰ সস্ত্ৰ সৰবৰাহৰ লগত জড়িত এগৰাকী ব্যক্তি। এতিয়া এনে অপৰাধমূলক কামৰ লগত জড়িত ব্যক্তি এজনৰ লগত ভাৰত চৰকাৰৰ নাম সাঙোৰ খাই পৰাটোৱে আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ ভাৱমূৰ্তি অৱনমিত নকৰিব নে? কানাডাই নিজ্জাৰ হত্যাৰ লগত ভাৰত চৰকাৰ জড়িত বুলি ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰোতে ভাৰতে পোনচাতে তাক অস্বীকাৰ কৰিছিল আৰু তাক লৈ দুয়োখন দেশৰ মাজৰ ব্যৱসায়িক আৰু কূটনৈতিক সম্পৰ্ক যথেষ্ট অৱনতি হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে।

এতিয়া আমেৰিকাৰ Justice Departmentএ নিখিল গুপ্তাৰ বিৰুদ্ধে অনা অভিযোগ কিন্তু ভাৰত চৰকাৰে পোনচাতেই নস্যাৎ কৰা নাই।বৰং চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে বুলিহে কৈছে।এই ক্ষেত্ৰত বহিঃ পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ অৰিন্দম বাগিচীয়ে ৩০ নৱেম্বৰৰ দিনা কৰা মন্তব্যটো গুৰুত্বপূৰ্ণ। কৈছে “As regards the case against an individual that has been filed in a US Court allegedly linking him to an Indian official, this is a matter of concern. We have said and let me reiterate this is also contrary to government policy.”

ইয়াৰ অৰ্থ কি? মোদী চৰকাৰৰ দিনত বিদেশত ভাৰতৰ সুনাম চাৰিওফালে ৰৈ বৈ যোৱা বুলি কৈ থকা সময়ত এই ঘটনাটোৱে আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ ভাষ্যই আন্তৰ্জাতিক মহলত ভাৰতৰ ভাবমূৰ্তি ম্লান নকৰিবনে? এতিয়া আকৌ পান্নুনে ভাৰতৰ সংসদ ভৱনতে আক্ৰমণ কৰিব বুলি দিয়া ভাবুকিক বা ভাৰত চৰকাৰে কি ভাবে লয়? তাৰবাবে আমেৰিকাক বা কি কয়? নে কানাডাতকৈ আমেৰিকা শক্তিশালী বাবে একো নোকোৱাকৈ থাকিব?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd