NORTHEAST NOW (Assamese)

পুনৰ চৰ্চাত কাশ্মীৰ! ভাৰতে দখল কৰিব নেকি পাকিস্তান অধিকৃত কাশ্মীৰ!

April 5, 2022 7:12 pm · এন ই নাও নিউজ, গুৱাহাটী

কিছুদিন পূৰ্বে বিজেপিৰ এটা শ্লোগান আছিল- অযোধ্যা এক ঝাঁকী হেঁ, কাশী মথুৰা বাকী হেঁ। অৰ্থাৎ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কেৱল এটা আগজাননিহে, অযোধ্যাৰ পাছত কাশী মথুৰাতো মন্দিৰ নিৰ্মাণ কৰা হ’ব।

এতিয়া অযোধ্যা, ৰাম জনমভূমি ইত্যাদি বিষয়বোৰৰ ঠাই লৈছে কাশ্মীৰে। হিন্দুত্ববাদীসকলৰ মতে, কাশ্মীৰ হৈছে হিন্দুসকলৰ ভূমি, কাশ্মীৰৰ মুছলিমসকল আক্ৰমণকাৰীহে! “কাশ্মীৰ ফাইলছ’’ চিনেমাখনৰ দ্বাৰা বিজেপি চৰকাৰে তাকেই দেখুৱাব বিচাৰিছে।

কিন্তু অযোধ্যাক লৈ দিয়া শ্লোগানটোৰ লগত কাশ্মীৰ ফাইলছক কিয় তুলনা কৰা হৈছে, সেই সম্পৰ্কে চাও আহক এটা বিশেষ প্ৰতিবেদন!

কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৈছিল যে মোদী চৰকাৰে অতি সোনকালেই পাকিস্তান অধিকৃত কাশ্মীৰ তথা পিঅ’কে মুক্ত কৰিব। অৰ্থাৎ উক্ত বিতৰ্কিত ভূমিখণ্ডক পুনৰ ভাৰতৰ অধীনলৈ আনিব।

কেন্দ্ৰীয় মন্ত্ৰীজনে কৈছিল যে মোদী চৰকাৰে কাশ্মীৰৰ পৰা ৩৭০ ধাৰা আঁতৰোৱাৰ পূৰ্বে কোনেও সেইটো কল্পনা কৰাই নাছিল। কেৱল মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবেই ই সম্ভৱ হৈ উঠিছে। ঠিক সেইদৰে পাকিস্তানৰ পৰা কাশ্মীৰ আঁজুৰি অনাটোও সেয়ে কোনো অসম্ভৱ কথা নহয়।

উল্লেখ্য যে পাকিস্তান অধিকৃত কাশ্মীৰক লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে বাৰম্বাৰ এনেধৰণৰ মন্তব্য কৰি অহা দেখা গৈছে। ইয়াৰ পূৰ্বেও তেওঁ এবাৰ কৈছিল যে কাশ্মীৰ দখল বিজেপি চৰকাৰৰৰ অন্যতম এটা লক্ষ্য।

এইখিনিতে চাও আহক কাশ্মীৰৰ কোনিখিনি অংশ পাকিস্তানৰ দখলত আছে। ভাৰতৰ মেপত কাশ্মীৰক সাধাৰণতে যিদৰে দেখুওৱা হয়, বাস্তৱ ক্ষেত্ৰত প্ৰকৃততে তেনে নহয়। কাশ্মীৰ এটা অতি বিশাল অঞ্চল।

কাশ্মীৰৰ উত্তৰ-পশ্চিম অঞ্চলটো বৰ্তমানেও বিতৰ্কিত। অঞ্চলটোক পাকিস্তান অধিকৃত কাশ্মীৰ বুলি জনা গ’লেও ঠাইখণ্ডৰ আন এটা নাম হৈছে “আজাদ কাশ্মীৰ’’। কাশ্মীৰক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কেইবাটাও বিচ্ছিন্নতাবাদী সংগঠনে দাবী কৰি আহিছে।

তেওঁলোকৰ মতে, পাকিস্তান অথবা ভাৰত নহয়, কাশ্মীৰৰ অধিকাৰ কেৱল কাশ্মীৰীসকলৰহে। ইয়াকে কাশ্মিৰীয়ৎ বুলি কোৱা হয়। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰা সময়তো কাশ্মীৰৰ মহাৰাজা হৰি সিঙে কাশ্মীৰক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপেই থকাটো বিচাৰিছিল।

কিন্তু পাকিস্তান আৰু কাশ্মীৰৰ একাংশ মুছলিম সংগঠনে হৰি সিঙৰ শাসনৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে কাশ্মীৰক পাকিস্তানৰ স’তে যুক্ত কৰিব বিচাৰিছিল যাৰ বাবে সেই বছৰৰে ২৬ অক্টোবৰতে হৰি সিঙে ভাৰত চৰকাৰৰ শৰণাপণ্ণ হৈছিল।

ভাৰতৰ অধীনলৈ কাশ্মীৰ আহে যদিও তেতিয়াও কিন্তু কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ হাতত ৰয়। বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়াতো উত্থাপিত হয়। তাৰপাছতে পাকিস্তান অধিকৃত কাস্মীৰ আৰু ভাৰত অধিকৃত কাশ্মীৰত যুদ্ধবিৰতি ঘোষণা কৰা হয়।

দুয়োখন দেশৰ অধিকৃত কাশ্মীৰৰ ভূমিখণ্ডক লাইন অৱ কণ্ট্ৰল, চমুকৈ এলঅ’চি সীমাৰেখাৰে দ্বিখণ্ডিত কৰি ৰখা হৈছে। এই পাকিস্তান অধিকৃত কাশ্মীৰকেই “আজাদ কাশ্মীৰ” নামৰেও জনা যায়।

১৯৭২ চনত দুয়োখন দেশৰ মাজত চিমলা চুক্তি কৰা হয়। এই চুক্তি মতে, কাশ্মীৰক লৈ হোৱা বিবাদ শান্তপূৰ্ণ উপায়েৰে মীমাংসা কৰাৰ সিদ্ধান্ত লোৱা হয়। তেতিয়াৰে পৰা বিষয়টো তেনেদৰেই আছে।

ইতিমধ্যে ভাৰত পাকিস্তানৰ মাজত কেইবাখনো যুদ্ধ হৈ গৈছে, কিন্তু ভাৰত চৰকাৰে কাশ্মীৰৰ বিবাদমান ভূমিখণ্ড নিজৰ হাতলৈ আনি পৰা নাই।

১৯৯৪ চনত নৰসিংহ ৰাও চৰকাৰে সংসদত এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। তাত কোৱা হৈছিল যে সমগ্ৰ জম্মু-কাশ্মীৰৰ অধিকাৰ ভাৰতৰ হাতত। যদি এই অধিকাৰ খৰ্ব কৰা হয়, তেন্তে সকলো ধৰণে প্ৰতিৰোধ কৰা হ’ব। কিন্তু তাৰ পাছতো কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত বিবাদ চলিয়ে আছে।

বৰ্তমান সমগ্ৰ বিশ্ব এনেধৰণৰ সীমা বিবাদেৰে উত্তাল হৈ আছে। ইউক্ৰেইন যুদ্ধও এইধৰণৰ বিবাদৰ ফল। তেনেস্থলত অদূৰ ভৱিষ্যতে পুনৰ কাশ্মীৰক লৈ এখন বিশাল যুদ্ধৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব নেকি?

যিহেতু ইতিমধ্যে ৩৭০ ধাৰা বাতিল কৰি মোদী চৰকাৰে কাশ্মীৰৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তালৈ লক্ষ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ মন্তব্য সেয়ে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

Related News