NORTHEAST NOW (Assamese)

চীনৰ ৰুদ্ধ পৰিবেশত নহয়, ভাৰতৰ মুক্ত গণতন্ত্ৰৰ পৰিবেশত মৃত্যুক সাৱটিব বিচাৰে দালাই লামাই

September 23, 2022 4:54 pm · এন ই নাও নিউজ,গুৱাহাটী

তিব্বতীয় ধৰ্মগুৰু দালাই লামাই পুনৰ ভাৰতৰ প্ৰতি নিজৰ আনুগত্য ব্যক্ত কৰিলে।শেহতীয়াকৈ তেওঁ কয় যে তেওঁ চীনৰ পৰিৱৰ্তে ভাৰতৰ মুক্ত গণতন্ত্ৰৰ দ্বাৰা পৰিবেষ্টিত পৰিবেশত শেষ নিশ্বাস ত্যাগ কৰিবলৈ বিচাৰে।

দালাই লামাই হিমাচল প্ৰদেশৰ ধৰ্মশালাত থকা তেওঁৰ বাসভৱনত নৱ প্ৰজন্মৰ একাংশৰ সৈতে বাৰ্তালাপৰ সময়ত এনেদৰে কয়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান ইউএছআইপিৰ দ্বাৰা আয়োজিত উক্ত বাৰ্তালাপৰ সময়ত তেওঁ এই মন্তব্য কৰে।দালাই লামাই কয়” মই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক কৈছিলো, মই আৰু ১৫-২০ বছৰ জীয়াই থাকিম, কোনো প্ৰশ্নই নাই। যেতিয়া মই মৰিম, মই ভাৰততে মৃত্যুক সাৱটিবলৈ পছন্দ কৰিম।

ভাৰতত এনে লোক আছে যিয়ে দেশ প্ৰেম প্ৰদৰ্শন কৰে, সেয়া নিৰ্ভেজাল প্ৰেম। যদি মই চীনা বিষয়াসকলৰ দ্বাৰা পৰিবেষ্টিত হৈ মৰিব লাগে তেন্তে সেয়া অতি দুখজনক হ’ব… । মই পছন্দ কৰো মুক্ত গণতন্ত্ৰৰ সৈতে এই দেশত মৃত্যুক সাৱটিবলৈ ” । তেওঁ লগতে কয় যে তেওঁৰ মৃত্যুৰ সময়ত… এজনবিশ্বাসী বন্ধুৰ দ্বাৰা তেওঁক আৱৰি থাকিব লাগিব, যিয়ে সঁচাকৈয়ে প্ৰকৃত অনুভূতি দেখুৱায়,” ।

দালাই লামাৰ এনে বক্তব্যৰ এটা ভিডিঅ’ ফেচবুকত পোষ্ট কৰা হৈছে। দালাই লামাক আধ্যাত্মিক শিক্ষা আৰু লগতে বিদ্বেষপূৰ্ণ ৰাজনৈতিক দৃষ্টিভংগীৰ বাবে সমগ্ৰ বিশ্বতে মানুহে শ্ৰদ্ধা কৰি আহিছে।তিব্তৰ লোকসকলৰ স্বাধীনতাৰ পক্ষত থকাৰ বাবেই তেওঁক চীনা কৰ্তৃপক্ষই সন্দেহৰ দৃষ্টিৰে চাই আহিছে। চীনা কৰ্তৃপক্ষই প্ৰায়ে তেওঁক এজন বিতৰ্কিত আৰু বিচ্ছিন্নতাবাদী ব্যক্তি হিচাপে অভিহিত কৰি আহিছে।

১৯৫০ ৰ দশকত চীনে অবৈধভাৱে তিব্বত দখল কৰাৰ সময়ত তিব্বতীয় আধ্যাত্মিক নেতাজনে ভাৰতত আশ্ৰয় ল’ব লগা হৈছিল। দালাই লামাই তিব্বতৰ সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চীনৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দি আহিছে। দালাই লামাৰ বিষয়ে পূৰ্বে পৰা ভাৰত চৰকাৰৰ স্থিতি স্পষ্ট আৰু স্থিৰ আছিল। তেওঁ এজন শ্ৰদ্ধাৰ ধৰ্মীয় নেতা আৰু ভাৰতৰ জনসাধাৰণে তেওঁক সন্মান কৰে।

Related News