• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতলৈ আহিব নেকি টেচলা? মোদীৰ সৈতে মাস্কৰ বৈঠকৰ পাছতে ভাৰতত আৰম্ভ আবেদন প্ৰক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2025 6:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এলন মাস্কৰ কোম্পানী টেচলাই ভাৰতত নিযুক্তি আৰম্ভ কৰিছে। সোমবাৰৰ পৰা নিয়োগ এপ লিংকডইনত টেচলাৰ বিভিন্ন পদৰ বাবে আবেদন গ্ৰহণ কৰিবলৈ আৰম্ভ কৰা হৈছে। মন কৰিবলগীয়া যে চলিত মাহত আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এলনৰ সাক্ষাৎৰ এসপ্তাহৰ পাছত টেচলাই এই পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ পাছতে আৰম্ভ হ’ল জল্পনা-কল্পনা, কিন্তু সঁচাকৈয়ে এইবাৰ ভাৰতলৈ আহিব নেকি টেচলা?

সোমবাৰৰ পুৱাৰে পৰা ১৩টা পদৰ বাবেও আৱেদন গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে কোম্পানীটোৱে। টেকনিচিয়ান, কাষ্টমাৰ চাৰ্ভিচ মেনেজাৰ, ডেলিভাৰী, বিশেষজ্ঞকে ধৰি বিভিন্ন পদৰ বাবে নিযুক্তি আৰম্ভ হৈছে। এতিয়াৰ বাবে মুম্বাই আৰু দিল্লীৰ বাসিন্দাক অগ্ৰাধিকাৰ দিয়া হৈছে। বহুতে কয় যে এই আমেৰিকান ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানীটোৱে সকলো হিচাপ কৰি ভাৰতীয় বজাৰত প্ৰৱেশৰ বাবে প্ৰস্তুতি চলাইছে। সেইবাবেই এই হঠাৎ সিদ্ধান্ত লোৱা হৈছে।

Apply Now

ভাৰতলৈ টেচলাৰ আগমনৰ বিতৰ্ক বহু পুৰণি। ভাৰতত কাৰখানা নিৰ্মাণৰ প্ৰতি ইলনে দীৰ্ঘদিন ধৰি আগ্ৰহী আছিল যদিও শুল্ক বাধা হৈ আহিছে। যদি আপুনি ভাৰতলৈ ৪০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৪.৭৮ লাখ টকা) বা তাতকৈ অধিক মূল্যৰ গাড়ী আমদানি কৰে তেন্তে আপোনাৰ পৰা ৭০ৰ পৰা ১০০ শতাংশ শুল্ক আদায় কৰা হ’ব। আৰু ভাৰতীয় মুদ্ৰাত এখন টেচলা গাড়ীৰ দাম প্ৰায় ৫০ লাখৰ পৰা আৰম্ভ হয়। সেয়েহে টেচলাই আমদানি শুল্কত ৰেহাই লাভ কৰিলেহে ভাৰতত ইলেক্ট্ৰিক গাড়ীৰ কাৰখানা নিৰ্মাণ কৰিব বুলি ইংগিত দিছিল। ফলস্বৰূপে প্ৰাৰম্ভিক আলোচনাৰ মাজতো ভাৰতত কাৰখানা নিৰ্মাণৰ টেচলাৰ পৰিকল্পনা বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈছে। কিন্তু বহু বিবেচনাৰ অন্তত অৱশেষত যোৱা বছৰ ইলেক্ট্ৰিক বাহনৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে নিজৰ স্থিতি কোমল কৰিলে।

বহুতে বিশ্বাস কৰে যে শেহতীয়াকৈ এলন-মোদীৰ বৈঠকৰ পৰাই ভাৰতত টেচলাই উত্তেজনা লাঘৱ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা সপ্তাহত ৱাশ্বিংটনত মোদীৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত বহিছিল। তাতেই এলনৰ লগত তেওঁৰ চমু সাক্ষাৎ হৈছিল। মন কৰিবলগীয়া যে যোৱা বছৰৰ জুন মাহত আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এলনক লগ পাইছিল। ব্যস্ত আমেৰিকা ভ্ৰমণৰ মাজতে তেওঁ টেচলাৰ বছক লগ কৰিবলৈ সময় পাইছিল। যদিও কেন্দ্ৰটোৱে নিউয়ৰ্কত অনুষ্ঠিত হোৱা বৈঠক সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাছিল, তথাপিও মাস্কে কয় যে ভাৰতত টেচলাৰ ভৱিষ্যতক লৈ তেওঁ উচ্ছ্বসিত। তেওঁ লগতে মন্তব্য কৰে যে ভাৰতৰ বজাৰত বিশ্বৰ আন যিকোনো ডাঙৰ দেশতকৈ অধিক সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd