• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন সঁচা কোন মিছা? জামগুৰিহাটত উচ্ছেদক লৈ মুখ্যমন্ত্ৰী আৰু বিধায়ক পদ্ম হাজৰিকাৰ ভিন্ন মত!

বিধায়ক আমিনুল ইছলামৰ মতে মুখ্যমন্ত্ৰী দিব ভূমি আবন্টন; পদ্ম হাজৰিকাৰ মতে দিয়া নহয়!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 23, 2021 8:40 pm
Padma VS Aminul
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডসৃষ্ট পৰিস্থিতিৰ মাজতে জামগুৰিহাটৰ একাংশ লোকক উচ্ছেদ কৰাক লৈ ইতিমধ্যে আৰম্ভ হ’ল ৰাজনীতি।

এই উচ্ছেদৰ পাছৰ সময়ছোৱাত দুটা মত দেখিবলৈ পোৱা গৈছে। এতিয়া প্ৰশ্ন হৈছে যে কোন সঁচা কোন মিছা? এফালে যদি ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ফেচবুকযোগে দাঙি ধৰিছে এটা মত তাৰ বিপৰীতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দাঙি ধৰিছে অন্য এটা মত।

Apply Now

প্ৰথমে আমি উল্লেখ কৰিছো যোৱা ২০ মে’ৰ দিনা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এআইয়ুডিএফে মুখ্যমন্ত্ৰীক সাক্ষাৎৰ পাছত ফেচবুকত কি লিখিছিল?

‘কৰোনাৰ সংকটকালত জামুগুৰিহাটত একাংশ লোকক উচ্ছেদ কৰা অমানৱীয় ঘটনা সম্পৰ্কত আজি আমি এআইইউডিএফ বিধায়িনী দলৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি এক স্মাৰক পত্র প্ৰদান কৰিলোঁ। এক সৌহার্দ্যপূর্ণ আলোচনাৰ অন্তত মূখ্যমন্ত্রী মহোদয়ে সাম্প্ৰতিক পৰিস্থিতিত উচ্ছেদ কাৰ্য বন্ধ ৰখা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু ইতিমধ্যে উচ্ছেদিত ভূমিহীন লোকসকলক ২/৩ বিঘাকৈ মাটিৰ আৱণ্টন দি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কৰি দিয়াৰ সংকল্পৰ কথা ব্যক্ত কৰে।‘ এয়া আছিল বিধায়ক আমিনুল ইছলামৰ মত।

আমিনুল ইছলামৰ উদ্ধৃতিৰে বিভিন্ন সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিলে। কিন্তু এই কথা মুঠেও মানি নলয় চতিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে।

কালি অৰ্থ্যাৎ ২২ মে’ৰ দিনা নিশা এক ফেচবুক পোষ্টযোগে পদ্ম হাজৰিকাই কয় ‘মোৰ সমষ্টিৰ অন্তৰ্গত চৰ-চাপৰি অঞ্চলত অবৈধভাৱে বসবাস কৰা যিসকল লোকক প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কৰা হৈছে, সেই লোকসকলক চৰকাৰীভাৱে কোনো ধৰণৰ সংস্থাপন দিয়া নহয়। দুই এটা ৱেব পৰ্টেলে এই সন্দৰ্ভত কিছু ভুল বাতৰি পৰিবেশন কৰাটো আমাৰ দৃষ্টি গোচৰ হৈছে।‘

‘মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ত ইতিমধ্যেই স্থিতি স্পষ্ট কৰি দিছে। কেৱল মাত্ৰ চতিয়া সমষ্টিৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট লোকৰ প্ৰতি আমাৰ দায়িত্ব থাকিব আৰু ইতিমধ্যেই প্ৰায় ১৭০ টি পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হৈছে। চতিয়াৰ ভূমিত অবৈধভাৱে বসবাসকাৰী লোকৰ দপদপনি সহ্য কৰা নহ’ব। কঠোৰ হাতেৰে ইয়াক প্ৰতিহত কৰা হ’ব।‘ পোষ্টটোত এইদৰে লিখি কয় পদ্ম হাজৰিকাই।

অৱশ্যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ কোনোধৰণৰ স্থিতি প্ৰকাশ কৰা নাই।

এতিয়া চতিয়াৰ উচ্ছেদক লৈ হোৱা ৰাজনীতিক লৈ বিমোৰত পৰিছে সাধাৰণ জনতা। প্ৰশ্ন হৈছে ‘প্ৰকৃততে সত্য কোন? কাৰ বাবে উচ্ছেদিত লোকসকল বলিৰ পাঠা হ’বলগীয়া হৈছে?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd