NORTHEAST NOW (Assamese)

বন্ধ হৈ পৰিব মহানগৰীত জনপ্ৰিয় ৰেপিড’ বাইক সেৱা?

March 6, 2019 10:08 pm · কল্পজ্যোতি শইকীয়া

সেৱা আৰম্ভ কৰাৰ মাত্ৰ এমাহ-দুমাহৰ ভিতৰতে মহানগৰীত ব্যাপক জনপ্ৰিয়তা লাভ কৰা ৰেপিড’ বাইক সেৱাই ব্যৱসায়িকভাৱে মাধমাৰ শোধোৱাৰ শংকাত ভুগিছে ওলা-উবেৰৰ চালকসকল। মহানগৰৰ প্ৰায় সংখ্যক এজনীয়া যাত্ৰীয়ে ওলা-উবেৰ কেবৰ সলনি পচন্দ কৰিবলৈ ধৰিছে ৰেপিড’ বাইক। নিঃসন্দেহে কম দামেই ইয়াৰ অন্যতম কাৰণ। ফলত জীৱিকাৰ শংকাত ভুগিছে ওলা-উবেৰ কেব অপাৰেটৰসকল।

জীৱিকাৰ শংকাত ভোগা বুলি আজি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত কয় ওলা-উবেৰ কেব অপাৰেটৰ সন্থাৰ সভাপতি ইছমাইল আলীয়ে নিজমুখে স্বীকাৰ কৰে। লগতে এই বাইক সেৱা আৰম্ভ হোৱাৰ পৰা বহু ওলা-উবেৰ চালক ভাড়া নাপাই ঘৰতে শুই-বহি কটাব লগীয়া হৈছে বুলিও আলীয়ে আমাৰ আগত কয়।

উল্লেখ্য যে, ভাৰতৰ অন্যান্য প্ৰান্তত যেনে কেৰেলা, বাংগালুৰু, মুম্বাই ইত্যাদি ঠাইত বহু দিনৰ আগতেই ৰেপিড’ বাইক টেক্সি সেৱা আৰম্ভ হৈছিল যদিও যোৱা বৰ্ষৰ ১৭ ডিচেম্বৰৰ দিনাহে গুৱাহাটী মহানগৰীত ইয়াৰ আনুষ্ঠানিক আৰম্ভণি হয়। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই উদ্বোধন কৰিছিল এই সেৱা। বাংগালুৰুৰ ‘ৰেপিড’ নামৰ প্ৰতিষ্ঠানটোৱে অসমত আগ বঢ়াই আছে এই বাইক সেৱা।

ইপিনে, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আইনৰ গণ্ডীৰ ভিতৰত থকা বুলি অনুভৱ কৰি এই সেৱা শুভাৰম্ভণি কৰিলেও ইয়াক এক আইন বিৰোধী ‘বাইক সেৱা’ আখ্যা দিলে কেব-অপাৰেটৰ সন্থাৰ সভাপতিজনে।

“ব্যক্তিগত বাহনেৰে কি যুক্তিত ভাড়া মাৰিব পাৰে? বাণিজ্যিক বাহন হ’লেহে দুচকীয়া বাহনেৰে ভাড়া মাৰিব পাৰে বুলি গুৱাহাটী জিলা পৰিবহণ বিষয়াই আমাক কৈছিল।” এইদৰে কয় ইছমাইল আলীয়ে।

যদি দুচকীয়া বাহনখন বাণিজ্যিক বাহন হয় তেন্তে তেওঁলোকৰ কোনো আপত্তি নাথাকিব বুলি আমাৰ আগত সভাপতিজনে জনায়।

তেওঁ ৰেপিড’ বাইক সেৱাৰ উন্মোচক গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰি কয়, “চৰকাৰে বিষয়টো পৰ্য্যবেক্ষণ নকৰি কিয় ব্যক্তিগত বাহন ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ অনুমতি দিলে? মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কিয় নোচোৱা-নেমেলাকৈ উদ্বোধন কৰিলে?”

তেওঁ আৰু কয়, “যদি ব্যক্তিগত বা বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱৰা বাহনেৰে ভাড়া মাৰিব পাৰে, তেন্তে আমাৰ বাহনসমূহো ব্যক্তিগত কৰি লওঁ। আমাৰ কেব অপাৰেটৰসকলৰ ভাড়া মৰাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ আছে।”

কেব অপাৰেটৰ সন্থাই এই ৰেপিড’ বাইকসেৱাৰ বিৰুদ্ধে গুৱাহাটী জিলা পৰিৱহণ বিষয়াক ৬ দিন পূৰ্বে অভিযোগ দাখিল কৰে। ব্যক্তিগত বাহনেৰে ভাড়া মৰা বুলি এই অভিযোগ দিয়া হৈছে।

ইপিনে, ব্যক্তিগত বাহনেৰে ভাড়া মৰাটো আইন উলংঘাৰ উদাহৰণ নেকি বুলি গুৱাহাটী জিলা পৰিবহণ বিষয়া বাপন কলিতাক আমাৰ সাংবাদিকে সোধাত তেওঁ বিষয়টো এৰাই চলে, যদিও তেওঁ কেব অপাৰেটৰ সন্থাৰ পৰা অভিযোগ পোৱাৰ কথা স্বীকাৰ কৰে।

“এইক্ষেত্ৰত মই একো ক’ব নোৱাৰিম। এই বিষয়টো চৰকাৰে সিদ্ধান্ত লৈছিল। চৰকাৰে মন গ’লে যিকোনো কৰিব পাৰে। তেওঁলোকে আইনো সলাব পাৰে। কেব অপাৰেটৰ এছ’চিয়েশ্যনে এখন আপত্তি দাখিল কৰিছে যদিও এইক্ষেত্ৰত মই কোনো ব্যৱস্থা ল’ব নোৱাৰিম বুলি কৈ দিছো।” জিলা পৰিবহণ বিষয়াজনে অসহায়তা প্ৰকাশ কৰি কয়।

আনহাতে, ৰেপিড’ৰ গুৱাহাটী চিটী হেড সুমন আচাৰ্য্যই সেৱাত ব্যৱহৃত বাহনসমূহ ব্যক্তিগত বুলি স্বীকাৰ কৰি লগতে কয়, “কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আমাৰ অনুমোদন আছে। ৰাজ্য চৰকাৰকো ইতিমধ্যে অনুৰোধ জনোৱা হৈছে। গতিকে চিন্তাৰ কোনো কাৰণ নাই, চলি থাকিব।”

ইয়াৰ বিপৰীতে ওলা-উবেৰ কেব অপাৰেটৰ সন্থাৰ সভাপতিজনে ‘ৰেপিড’ বাইক সেৱাৰ বিৰুদ্ধে অতি শীঘ্ৰে আইনৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে। লগতে দুচকীয়া ব্যক্তিগত বাহনেৰে যাত্ৰী কঢ়িওৱা বন্ধ কৰিবলৈ সকীয়াই দি তেওঁ কয় “আমি তেওঁলোকক এমাহ সময় দিছো, যদি বন্ধ নকৰে আমি গুৱাহাটীত কেব চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিম।”

তেনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন হয়, “আইনী প্ৰক্ৰিয়াৰ মাজলৈ বিষয়টো সোমাই পৰিলে মহানগৰীত অচল হৈ পৰিব নেকি জনসাধাৰণৰ পচন্দৰ ৰেপিড’ সেৱা?”

Related News