NORTHEAST NOW (Assamese)

মমতা আক্ৰমণ : হুইল চেয়াৰত বহি হ’লেও নিৰ্বাচনী প্ৰচাৰ চলাব মমতা বেনাৰ্জীয়ে

March 11, 2021 4:56 pm · এন ই নাও নিউজ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে এটা ভিডিঅ’ মেচেজৰ যোগেৰে তেওঁৰ তৃণমূল কংগ্ৰেছৰ দলীয় কৰ্মীসকলক শান্তি-শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ কৰে।

যোৱাকালি নন্দীগ্ৰামত অচিনাক্ত দুৰ্বৃত্তই মমতাক আক্ৰমণ কৰাৰ পাছত তেওঁক কলকাতাৰ এছএছকেএম হস্পিতালত ভৰ্তি কৰোৱা হয়।

হস্পিতালৰ বিচনাৰ পৰা পঠিওৱা বাৰ্তাটোত মমতাই কয় যে তেওঁ বাওঁ গুৰুহা, ভৰি আৰু আঁঠুত গুৰুত্বৰ আঘাট পাইছে।

তদুপৰি বুকুৰ বিষ আৰু উশাহ-নিশাহ লোৱাতো কষ্ট পোৱা বুলি তেওঁ বাৰ্তাটোত কৈছে।

মমতাই কয় যে অহা ২-৩ দিনৰ পাছত তেওঁ হস্পিতালৰ পৰা উলাব আৰু কিছুদিনৰ বাবে হুইলছেয়াৰ ব্যৱহাৰ কৰিবলগা হ’ব পাৰে বুলিও তেওঁ কয়।

তৎসত্বেও তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই যাব বুলি বাৰ্তাটোত জনায়।

উল্লেখযোগ্য নন্দীগ্ৰামত মমতা আক্ৰমণৰ কাণ্ডৰ পাছতে উত্তৰ২৪ পৰগণা, হুগলী, হাউৰা, বীৰভূম, চাউথ২৪ পৰগণা আৰু জলপাইগুৰিৰ তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।

কৰ্মকৰ্তাসকলে বিজেপিৰ বিৰুদ্ধে শ্লোগান দিয়ে আৰু বিজেপিয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা বুলিও কয়।

নন্দীগ্ৰামৰ বিৰুলীয়া বাজাৰ- য’ত মমতা আঘাটপ্ৰাপ্ত হৈছিল, সেই ঠাইতো দলীয় কৰ্মীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যষ্ট কৰে।

তৃণমূল কংগ্ৰেছৰ নেতা শ্বেইখ ছুফীয়ানৰ এখন অভিযোগনামাৰ ভিত্তিত পশ্চিম বংগ আৰক্ষীয়ে বিষয়টো সম্পৰ্কত এটা গোচৰ ৰুজু কৰিছে।

আনহাতে, বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে ঘটনাটোক মমতাৰ নাটক আখ্যা দিছে আৰু ইয়াৰ বাবে চিবিআই অনুসন্ধানোৰ দাবী কৰিছে।

Related News