• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজমলৰ ঘৰ হোজাইত ঘৰ ভাঙিছে বিজেপি-কংগ্ৰেছৰ; এইবাৰ কাৰ হাতলৈ যাব সমষ্টিটো?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2021 4:31 pm
Hojai politics
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনীতিত ৰাজৈনিতক মহলৰ দৃষ্টি আকৰ্ষণ কৰা নিৰ্দিষ্ট সমষ্টিকেইটাৰ ভিতৰত অন্যতম সমষ্টি হৈছে হোজাই সমষ্টি।

হোজাইত অসমৰ ৰাজনীতিত এক প্ৰকাৰ আলোড়ন সৃষ্টি কৰি ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ প্ৰায় সৰ্বময় কৰ্তা হিচাপে চৰ্চিত হৈ পৰা মৌলানা বদৰুদ্দিন আজমলৰ ঘৰ। আজমলৰ ব্যৱসায়িক সাম্ৰাজ্যৰ কেন্দ্ৰও হৈছে এই হোজাই।

Apply Now

হোজাই সমষ্টিটো ৰাজনৈতিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। কিয়নো এই সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘু ৰাজনৈতিকভাৱে দুই মেৰুত অৱস্থান কৰি আছে।

সমষ্টিটোত ১৯৬৭ চনৰে পৰা কংগ্ৰেছ দলে মুঠ ৬বাৰকৈ বিজয়ী হৈছে। সেইদৰে, স্বতন্ত্ৰ পাৰ্টি, জনতা পাৰ্টি, নিৰ্দলীয়, এআইইউডিএফ আৰু বিজেপিয়ে এবাৰকৈ সমষ্টিটোত বিজয় সাৱ্যস্ত কৰিছে।

২০১৬চনত বিজেপিৰ শিলাদিত্য দেবে ১,০৫,৬১৫টা ভোট লাভ কৰি বিজয়ী হৈছিল। আনহাতে, সেইবাৰ এআইইউডিএফৰ ধনীৰাম থাওছেনে ৪৯,৭৫৬টা আৰু কংগ্ৰেছৰ ডাঃ অৰ্দ্ধেন্দু কুমাৰ দেই ৩৫,২০৭টা ভোট লাভ কৰিছিল।

ইপিনে, ২০১১চনৰ নিৰ্বাচনৰ ফলাফললৈ যদি চাও তেনেহ’লে দেখা পাওঁ যে সেইবাৰ কংগ্ৰেছৰ ডাঃ অৰ্দ্ধেন্দু কুমাৰ দেই ৭০,৬৪৯টা ভোট লাভ কৰি জয়লাভ কৰিছিল। আনহাতে, সেইবাৰ এআইইউডিএফৰ ডাঃ আদিত্য লাংথাছাই ৫০,৭৫৫টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ শিলাদিত্য দেবে লাভ কৰিছিল ৩০,০১১টা ভোট।

বিগত দুটা বিধানসভাৰ নিৰ্বাচনলৈ চালে দেখা যায় যে হোজাই সমষ্টিটোত বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফ তিনিটা দলৰেই আধিপত্য বিদ্যমান।

বিগত এই নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফে সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে এইবাৰ দুয়োটা দল মহাজোঁটত চামিল হৈছে আৰু হোজাইত এআইইউডিএফে প্ৰাৰ্থিত্ব দিয়া নাই।

তদুপৰি, এইবাৰ যোৱাটো নিৰ্বাচনৰ দৰে বিজেপিৰ প্ৰবল ঢৌ নাই কিম্বা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটাইও সমষ্টিটোত ক্ৰিয়া কৰি আছে। ইয়াৰ মূল কাৰণটো হৈছে বিজেপি বিধায়ক শিলাদিত্য দেবে নিজকে সমষ্টিটোৰ নেতা হিচাপে প্ৰতিষ্ঠিত হোৱাৰ চেষ্টা কৰাৰ বিপৰীতে ৰাজ্যখনৰ নেতা হোৱাৰ দৌৰতহে অধিক সময় কটালে আৰু তাকো বিতৰ্কিত ভূমিকাৰে।

ইপিনে, বিজেপি নেতৃত্বই শিলাদিত্য দেবৰ সলনি সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে ৰামকৃষ্ণ ঘোষক। ইয়াতেই অসন্তুষ্ট হৈ বিধায়ক শিলাদিত্যই দল এৰাৰ কথা ঘোষণা কৰিছে।

শিলাদিত্যই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলক বা নেখেলক তেওঁ যে বিজেপিৰ নতুন প্ৰাৰ্থীগৰাকীক সহায় কৰাৰ সম্ভাৱনা নাই সেয়া স্পষ্ট। নিজৰ বহুবল্কিতাৰ বাবে টিকটৰ পৰা বঞ্চিত হ’লেও হোজাইত শিলাদিত্যৰ নিজা এক ভিত্তি গঢ়ি উঠিছিল আৰু সেইটো দলৰ ওপৰত খড়গস্ত বিধায়কগৰাকীয়ে এইবাৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ বিৰোধিতাৰে প্ৰমান কৰিবলৈ আগবঢ়াটো নিশ্চিত হৈ পৰিছে।

আনহাতে, কংগ্ৰেছেও এইবাৰ হোজাইত এগৰাকী নতুন মুখৰ প্ৰাৰ্থী দেবব্ৰত সাহাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কিন্তু সাহাৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দে’ই বৃহস্পতিবাৰে আকস্মিকভাবে পদত্যাগ কৰে।

উল্লেখ্য হোজাই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ডাঃ অৰ্ধেন্দু কুমাৰ দে’ই ২০১১ চনৰ মে’ মাহত অসমৰ ভূমি সংৰক্ষণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

অৱশ্যে, কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী নেতা হিচাবে পৰিচিত দে’ৰ আধিপত্য লাহে লাহে দলটোত কমি আহিবলৈ ধৰিছিল আৰু সেইবাবেই তেওঁ পদত্যাগ কৰা বুলি বহুতে ধাৰণা কৰে।

এতিয়া আসন্ন বিধানসভাৰ নিৰ্বাচনত বিজেপি-কংগ্ৰেছৰ এনে আভ্যন্তৰীণ কন্দলৰ সুবিধা ল’বলৈ আন কোনো শক্তিশালী প্ৰাৰ্থী নোহোৱালৈ চাই অৱশেষত বিজেপি-কংগ্ৰেছৰ মাজতে প্ৰতিদ্বন্দ্বিতা সীমিত থকাটো নিশ্চিত।

কিন্তু এইবাৰ কংগ্ৰেছৰ সৈতে আজমলৰ মিত্ৰতাই হোজাইত বিজেপিৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কংগ্ৰেছ আৰু এআইইউডিএফৰ সন্মিলিত প্ৰচেষ্টাত বিজেপি ধৰাশায়ী হোৱাত আচৰিত হ’বলগীয়া নাথাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd