NORTHEAST NOW (Assamese)

পৰেশ বৰুৱা ‘ঘূৰি’ আহিলে ‘বাতিল’ কৰিম নাগৰিকত্ব বিধেয়ক, মন্তব্য হিমন্ত বিশ্বৰ

November 25, 2018 8:56 pm · কল্পজ্যোতি শইকীয়া
Updated: November 25, 2018 8:57 pm
হিমন্ত বিশ্ব শৰ্মা| ফাইল ছবি।

‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি দিম, পৰেশ বৰুৱা ঘূৰি আহক।‘ দেওবাৰে সংবাদমেলত পৰেশ বৰুৱাৰ প্ৰতি এই প্ৰত্যাহ্বান দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

বিধেয়কৰ বাবেই আলফালৈ যুৱ-প্ৰজন্ম ধাৱমান হোৱা কথাটো মানি ল’ব নুখুজি বৰুৱাক এই প্ৰত্যাহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

‘আলফালৈ ল’ৰা যোৱাৰ ইছু যদি নাগৰিকত্ব সংশোধনী বিধেয়ক হয়, তেন্তে এই বিধেয়কখন বাতিল কৰি দিয়া হ’ব যদি পৰেশ বৰুৱা ঘূৰি আহে। কিন্তু তেওঁ আহিব জানো?’ প্ৰশ্ন শৰ্মাৰ।

নিষিদ্ধ সংগঠনটোলৈ যুৱক-যুৱতী যোৱাৰ কাৰণৰূপে ‘কৰ্মসংস্থান’হীনতালৈ আঙুলিয়াই মন্ত্ৰীজনে।

‘আলফালৈ যোৱা ল’ৰা এজনক যদি গুৱাহাটীতে চাকৰি দিব পাৰিলোহেঁতেন তেন্তে তেওঁটো আলফালৈ নগ’লহেঁতেন,‘ শৰ্মাৰ মত।

‘সন্ত্ৰাসবাদৰ সৈতে অৰ্থনৈতিক কাৰণ জৰিত হৈ আছে‘ বুলি মন্তব্য কৰি আলফামুখী যুৱকসকলক  ঘূৰাই আনিবলৈ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব লাগিব বুলি তেওঁ দাবী কৰে।

পিছে বিত্ত বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ এই ভাষ্যই ৰাজ্যত কৰ্মসংস্থানহীনতালৈকে আঙুলি টোঁৱালে নেকি, তাক লৈ এতিয়া চলিছে চৰ্চা।

Related News