• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাটি কিনিব নেকি?

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
February 26, 2022 4:08 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত বাস কৰা প্ৰায় সংখ্যক  মধ্যবিত্তৰে এক সপোন থাকে। মহানগৰীত এক কঠা মাটি কিনা, পাৰিলে কাৰোবাৰপৰা ধাৰ কৰি কিম্বা বেংকৰ খণ লৈ হ’লেও তাত এটা ঘৰ বনোৱা, এখন সুখৰ সংসাৰ লহপহকৈ গঢ় দিয়া ইত্যাদি ইত্যাদি অলেখ সপোন আমাৰ বুকুত থাকে। দুখৰ কথা যে আমাৰ বেছিভাগৰে সেই সপোন পূৰ্ণ নহয় আৰু লাখ-লাখ মহানগৰবাসীয়ে সেই স্বপ্ন বুকুত বান্ধিয়েই এই সংসাৰৰ পৰা মেলানি মাগিবলগীয়া হয়।

এই সপোন পূৰ কৰিব নোৱাৰো এই কাৰণেই যে বছৰৰ কথা বাদেই মাহে মাহে গুৱাহাটী মহানগৰ আৰু তাৰ পাৰ্শ্বৱতী সমগ্ৰ এলেকাত মাটিৰ দাম হোৰাহোৰে বাঢ়ি আছে। সেই বৃদ্ধি আকৌ হাজাৰৰ হিচাপত নহয়। লাখ অথবা কোটিৰ হিচাপত গতিকে কোনোমতে পেট পুহি ৰখা মধ্যবিত্তই উপায়ন্তৰ হৈ পাহাৰে-কন্দৰে মাটি দখল কৰি থাকিব লগা হয় অথবা সুদীৰ্ঘ জীৱন মালিকৰ টিটকাৰি শুনি ভাৰাতীয়া হিচাবে  জীৱন পাৰ কৰিব লগা হয়।

তাৰে মাজতে কিছুলোকে গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰ, ক্ষেত্ৰী, জাগীৰোড, আজাৰা,ছয়গীও আদি এলেকাত মাটি কিনিবলৈ বিচাৰে যদিও মাটিৰ দাম বৃদ্ধিৰ ভূতটোৱে সেইবোৰ ঠাইকো লাহে লাহে আক্ৰান্ত কৰিবলৈ ধৰিছে।

গতিকে সেই সপোনটোও এতিয়া মহানগৰীয়া মধ্যবিত্তৰ মনাকাশত অস্ত যাবলৈ ধৰিছে। ইয়াৰ মাজতে আহিছে এক মধুৰতম

খবৰ। খবৰটো হ’ল গুৱাহাটীৰ নিকটৱৰ্তী জাগীৰোড কাগজ কলৰ মাটিৰ মূল্য বিঘাই প্রতি ঠিক কৰা হৈছে তেনেই সামান্য।

কিন্তু এই মাটি কিনিব পাৰিব কোনে? আহক, আচল ৰহস্যৰ অলপ উমান লওঁ।

শেহতীয়াভাৱে হিন্দুস্তান পেপাৰ ক’ৰপোৰেচন লিমিটেডৰ ফালৰপৰা নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ

ভূ-সম্পত্তি নিলামৰ বাবে যিখন ‘Sale Notice For Assets of Hindustan Paper Corporation Limited- In Liquidation’  শীৰ্ষক নিবিদা প্রকাশ কৰা হৈছে সেইখনৰ সন্দৰ্ভত দুটামান অভিমত দাঙি ধৰিবলৈ বিচাৰিছো। ১৫ ফেব্ৰুৱাৰী

তাৰিখে ৰাজহুৱা কৰা নিবিদাখনৰ পূৰ্বে কাগজ কল দুটাৰ লিকুইডেটৰ জনে নগাঁও আৰু কাছাৰ কাগজ কলৰ সমস্ত ভূমি সম্পত্তি ১১৩৯ কোটি টকাত নিলামৰ বাবে নিবিদা আহ্বান কৰিছিল। নিলাম নিবিদাত তালিকাভূক্ত কৰিছিল নগাঁও কাগজ কলৰ ৫৭৩.৯৫ একৰ ভূমি সম্পত্তি, কাছাৰ কাগজ কলৰ ১০০৮ একৰ ভূমি সম্পত্তি, হাফলঙত থকা ১০ কঠা লীজ ভূমি, মুম্বাইত থকা হাউছিং ফ্লেট, গুৱাহাটীৰ দুটা ফ্লেট, কলকাতাৰ হাউছিং কলনি, দিল্লীৰ কাৰ্যালয় আৰু নগালেণ্ড পেপাৰ

কোম্পানীত বিনিয়োগ কৰা প্রায় ১০ কোটি টকা মূল্যৰ ইকুইটি শ্বেয়াৰ। যোৱা ১৫ ফেব্ৰুৱাৰীত জাৰি কৰা নিলামকৰণৰ তালিকাৰ পৰা ১ কোটি ৪ লাখ মূল্যৰ গুৱাহাটীৰ গেম ভিলেজত থকা দুটা আৱাসিক ফ্লেট আৰু কলকাতাৰ চল্টলেক চিটিত থকা হাৰ্ট হাস্পতালৰ সমীপৰ হাউছিং কলনীৰ ৫৮.৫০ কোটি টকা মূল্যৰ সম্পত্তি আঁতৰাই দিয়া হৈছে।

অৰ্থাৎ কাগজ কলৰ গুৱাহাটী আৰু কলকাতাৰ এই দুই সম্পত্তি বিক্ৰী হোৱাটো স্পষ্ট হৈ পৰিছে। লিকুইডেটৰজনে ইতিপূৰ্বে বহুবাৰ নিলামৰ নিবিদা আহ্বান কৰাৰ পাছতো কোনো প্ৰতিষ্ঠানে কাগজ কল দুটা ক্ৰয় কৰিবলৈ আগবাঢ়ি নহাৰ পৰিপ্ৰেক্ষিতত এইবাৰ কাগজ কল দুটাৰ ভূমি সম্পত্তিৰ মূল্য ৪১৩.৩৪ কোটি টকা নিৰূপণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। এইখিনিতে প্রশ্ন উঠিছে দুটা ।

প্রথমতে, অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমে ইতিপূৰ্বে কাগজ কল দুটা ৩০০ কোটি টকাত ক্ৰয়ৰ বাবে লিকুইডেটৰক প্রস্তাৱ দিছিল ৷ইয়াৰ আগতে বিজেপি দলে কথা দিছিল যে শাসনত অধিষ্ঠিত হ’লে দলটোৱে অশোক কাগজ কল, নগাঁও কাগজ কল, কাছাৰ কাগজ কল আদি পুনৰুজ্জীৱিত কৰি কাৰ্যক্ষম কৰি তুলিব। ২০১৬ চনৰ ২৭ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ পঞ্চগ্ৰামত অনুষ্ঠিত এক নিৰ্বাচনী সমাৱেশত ভাষণ প্ৰদান কৰি অসমবাসীক প্ৰতিশ্ৰুতি দিছিল যে

বিজেপি চৰকাৰে এই দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰি তুলিব আৰু অসমত চৰকাৰ গঠন কৰিলে ৰাজ্য চৰকাৰে কাগজ কল দুটা চলাবলৈ সকলো ধৰণৰ সহায় আগবঢ়াব। ২০১৬ ছেপ্টেম্বৰত অৰ্থাৎ অসমত সৰ্বানন্দ সোণোৱাল চৰকাৰ প্রতিষ্ঠা হোৱাৰ মাত্ৰ তিনিমাহ পাছত নগাঁও কাগজ কলৰ পুনৰ্গঠন আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আঠশ কোটি টকাৰ এক প্ৰস্তাৱ প্রস্তুত কৰিছে বুলি বিজেপি শাসিত অসম চৰকাৰৰ ফালৰপৰা ঘোষণা কৰা হৈছিল। পুনৰ

২০১৭ চনৰ আগষ্ট মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাগজ কল দুটাৰ পুনৰুজ্জীৱনৰ বাবে কেন্দ্ৰৰপৰা ১৮০০ কোটি টকা বিচৰা বুলি মন্তব্য প্রকাশ কৰিছিল। আশ্চৰ্যৰ কথাটো হ’ল বিজেপি শাসিত অসম চৰকাৰে পৰৱৰ্তী সময়ত এই সমগ্র প্রতিশ্ৰুতি ধোৱাঁচাঙত উঠাই দি কাগজ কল দুটা নিলাম কৰাত সন্মতি প্রকাশ কৰিছিল। এইবেলি ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ দখল কৰাৰ পাছতে ঘোষণা কৰিছিল যে অসম চৰকাৰে কাগজ কলৰ কৰ্মচাৰীক প্ৰাপ্য বাকেয়াৰ ৫৭০ কোটি টকা তিনি মাহৰ ভিতৰত প্রদান কৰিব। সেই তিনিমাহ কাহানিবাই উকলিল যদিও কাগজ কলৰ কৰ্মচাৰীসকলে আজিলৈকে কোনো বকেয়া ধন লাভ নকৰিলে। ধনৰ অভাৱত ইমানদিনে ৯৯ জন কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱটি ল’ব লগা হ’ল যদিও অসম বা ভাৰত চৰকাৰে এই কাগজ কলৰ কৰ্মচাৰীসকলৰ প্ৰতি সামান্যতমো সহানুভূতি প্রকাশ নকৰিলে। কাগজ কল দুটা

পুনৰুজ্জীৱিত নকৰি কেৱল কল দুটাৰ ভূ-সম্পত্তি কিনিবলৈ আগ্ৰহী অসম চৰকাৰে এতিয়া ৪১৩.১৪ কোটি টকা ( যি মূল্য

অসম চৰকাৰে প্রস্তাৱ কৰা মূল্যতকৈ এশ কোটিতকৈ বেছি) মূল্যৰে এই মাটি কিনিবনে? যদিহে অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমে কাগজ কলৰ মাটিখিনি কিনে তেন্তে সেই মাটিত কি কৰিব? এই প্ৰশ্নটোৰ উত্তৰ স্বচ্ছতাৰ কথা বাৰম্বাৰ কৈ অহা অসম চৰকাৰে অসমৰ ৰাইজক জনাব লাগে।

দ্বিতীয়তে, আজি কিছুদিন আগতে কামৰূপ মহানগৰ জিলাৰ পাঁচটা ৰাজহ চক্র এলেকাত মাটিৰ চৰকাৰী মূল্য ৫০ ৰ পৰা ৩০০ শতাংশ পৰ্যন্তলৈ বৃদ্ধি কৰা হৈছে। লগতে ৰাজ্যখনৰ বাকী প্ৰান্ততো মাটিৰ চৰকাৰী মূল্য বৃদ্ধিৰ যো-জা চলোৱা বুলি কথা ওলাইছে। দেখা যায় যে নিবিদাত উল্লেখ কৰা ধৰণে যদি মাটিৰ মূল্য হয় তেন্তে নগাঁও কাগজ কলৰ ৫৭৩.৯৫ একৰ মাটি (অসমত ১ একৰ মাটিত ৩.০২৪ বিঘা মাটি বুলি ধৰিলে বিঘাৰ হিচাপত মাটি হ’ব প্রায় ১৭৩৫ বিঘা মাটি) আৰু

কাছাৰ কাগজ কলৰ ১০০৮ একৰ (প্রায় ৩০৪৮ বিঘা) মাটিৰ মূল্য বজাৰ মূল্যতকৈ বহুগুণে কম ধৰা হৈছে। গড় হিচাপত

প্রতি বিঘা মাটিত প্রায় ৮৬৩,৭৬৭ টকা৷ যিসময়ত অসমৰ যিকোনো চহৰীয়া অঞ্চলত মাটিৰ মূল্যই বিঘাই প্রতি বজাৰ মূল্যত

কোটিৰ ঘৰ চুইছে আৰু আনকি ভিতৰুৱা গ্রামাঞ্চলতো মাটি বিঘাই প্রতি কেবা লক্ষাধিক টকা হৈছে সেই সময়ত গুৱাহাটীৰ  একেবাৰে নিকটৱৰ্তী জাগীৰোড আৰু শিলচৰৰ পাশ্বৱতী কাগজ কলৰ মাটিৰ মূল্য কেনেকৈ ইমান কম হ’ব পাৰে? সময়েহে হয়তো এই প্রশ্নৰ সঠিক উত্তৰ সকলোৰে আগত উন্মোচন কৰিব।

(লেখকৰ e-mail : [email protected])

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd