• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ ৱায়াৰলেছ বাৰ্তাই নাগালেণ্ডত সৃষ্টি কৰিছে চেপা উত্তেজনাৰ পৰিৱেশ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
October 21, 2019 10:28 pm
Naga Peace talk

প্ৰতিনিধিত্বমূলক ছবি।

6.6k
VIEWS
Share on FacebookShare on Twitter

কেইবদশক জোৰা সশস্ত্ৰ বিদ্ৰোহৰ ভূমিত পৰিণত হোৱা নাগালেণ্ডত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা শান্তিচুক্তিকেন্দ্ৰিক শংকা-আশংকাক গভীৰ কৰি তুলিছে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ এটা বেতাঁৰ বাৰ্তাই।

কেন্দ্ৰৰ দ্বাৰা শান্তি চুক্তিখনৰ চূডান্ত ৰূপায়ণৰ আগ জাননী হিচাপে অৰ্থোদ্ধাৰ কৰা এই বাৰ্তাটোত নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ কাৰ্য্যালয়ে আজি সকলো জিলা দণ্ডাধীশক তেওঁলোকৰ কাৰ্য্যালয় এৰি নাযাবলৈ নিৰ্দেশ দিছে।

জৰুৰী বাৰ্তাটো মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ উপ সচিব চি খাময়াং ইমলঙে প্ৰেৰণ কৰিছে আৰু সকলো উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, মহকুমা বিষয়া আৰু অতিৰিক্ত সহয়াক আয়ুক্তসকলকো নিজৰ নিজৰ কাৰ্য্যালয়ৰ পৰা আঁতৰি নাথাকিবলৈ কোৱা হৈছে।

ইয়াৰোপৰি বাৰ্তাটোৰ জৰিয়তে জিলা দণ্ডাধীশসকলক তেওঁলোকৰ নিজৰ অধীনত থকা বিষয়া-কৰ্মচাৰীসকলক এই জাননীৰ কথা তাৎক্ষণিকভাৱে অৱগত কৰিবলৈ কোৱা হৈছে। লগতে ছুটীত থকা সকলোকে তৎকালীনভাৱে কামত যোগদান কৰিবলৈ নিৰ্দেশ দিবলৈ কোৱা হৈছে।

নতুনকৈ কোনো বিষয়াৰ ছুটী, যদিহে জৰুৰী চিকিৎসাজনিত কাৰণ নহয় আৰু নাগালেণ্ডৰ মুখ্য সচিবৰ দ্বাৰা সমৰ্থিত নহয়, অনুমোদন নকৰিবলৈ কোৱা হৈছে।

নাগা শান্তি চুক্তি সন্দৰ্ভত চৰকাৰৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়া আৰু মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ে নীৰৱতা অৱলম্বন কৰাৰ সময়ত এই ৱায়াৰলেছ বাৰ্তাটোৱে সমগ্ৰ নাগা পক্ষবোৰৰ মাজত এটা চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।

যোৱা ১৮ অক্টোবৰত কেন্দ্ৰ কোনো বিলম্ব নকৰাকৈ নাগা শান্তি চুক্তিক পূৰ্ণ দিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰিছিল নাগালেণ্ডৰ ৰাজ্যপাল তথা কেন্দ্ৰ আৰু নাগা পক্ষবোৰৰ মাজৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে।

ইপিনে নাগা শান্তিচুক্তিৰ পৰা নাগা বিদ্ৰোহীসকলৰ মূল দাবী সুকীয়া সংবিধান আৰু সুকীয়া পতাকাৰ বাদ দিয়া হ’ব বুলি ওলাই থকা গুজৱেও পৰিস্থিতি ভিতৰি গম্ভীৰ কৰি ৰাখিছে।

এই দুয়োটা বা যিকোনো এটাৰ অবিহনে নাগা শান্তি চুক্তি অন্তঃসাৰশূন্য হ’ব আৰু নাগাসকলৰ দীঘলীয়া সংগ্ৰামক ই শূন্যত উপনীত কৰাবহি বুলি এন এছ চি এন (আই এম) গোটে ৰাজহুৱাকৈ মত প্ৰকাশ কৰি আহিছে।

আৰ এন ৰবিয়ে এন এছ চি এন (আই এম) ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টলৈ নিজকে টানি আনিছে আৰু ইয়াত কাল্পনিক কথা যোগ দিছে বুলি মন্তব্য কৰিছিল। গোটটোৰ কিছু সংখ্যক নেতাৰ মন্তব্যক তেওঁ দুৰ্ভাগ্যজনক মনোভাবৰ প্ৰকাশ আখ্যা দিয়ে।

শেহতীয়াকৈ আৰ এন ৰবিয়ে নাগালেণ্ডৰ শান্তি-শৃংখলা পৰিস্থিতি পৰ্য্যালোচনা কৰি আছে।

Recent News

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd