• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ ৱায়াৰলেছ বাৰ্তাই নাগালেণ্ডত সৃষ্টি কৰিছে চেপা উত্তেজনাৰ পৰিৱেশ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
October 21, 2019 10:28 pm
Naga Peace talk

প্ৰতিনিধিত্বমূলক ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবদশক জোৰা সশস্ত্ৰ বিদ্ৰোহৰ ভূমিত পৰিণত হোৱা নাগালেণ্ডত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা শান্তিচুক্তিকেন্দ্ৰিক শংকা-আশংকাক গভীৰ কৰি তুলিছে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ এটা বেতাঁৰ বাৰ্তাই।

কেন্দ্ৰৰ দ্বাৰা শান্তি চুক্তিখনৰ চূডান্ত ৰূপায়ণৰ আগ জাননী হিচাপে অৰ্থোদ্ধাৰ কৰা এই বাৰ্তাটোত নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ কাৰ্য্যালয়ে আজি সকলো জিলা দণ্ডাধীশক তেওঁলোকৰ কাৰ্য্যালয় এৰি নাযাবলৈ নিৰ্দেশ দিছে।

Apply Now

জৰুৰী বাৰ্তাটো মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ উপ সচিব চি খাময়াং ইমলঙে প্ৰেৰণ কৰিছে আৰু সকলো উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, মহকুমা বিষয়া আৰু অতিৰিক্ত সহয়াক আয়ুক্তসকলকো নিজৰ নিজৰ কাৰ্য্যালয়ৰ পৰা আঁতৰি নাথাকিবলৈ কোৱা হৈছে।

ইয়াৰোপৰি বাৰ্তাটোৰ জৰিয়তে জিলা দণ্ডাধীশসকলক তেওঁলোকৰ নিজৰ অধীনত থকা বিষয়া-কৰ্মচাৰীসকলক এই জাননীৰ কথা তাৎক্ষণিকভাৱে অৱগত কৰিবলৈ কোৱা হৈছে। লগতে ছুটীত থকা সকলোকে তৎকালীনভাৱে কামত যোগদান কৰিবলৈ নিৰ্দেশ দিবলৈ কোৱা হৈছে।

নতুনকৈ কোনো বিষয়াৰ ছুটী, যদিহে জৰুৰী চিকিৎসাজনিত কাৰণ নহয় আৰু নাগালেণ্ডৰ মুখ্য সচিবৰ দ্বাৰা সমৰ্থিত নহয়, অনুমোদন নকৰিবলৈ কোৱা হৈছে।

নাগা শান্তি চুক্তি সন্দৰ্ভত চৰকাৰৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়া আৰু মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ে নীৰৱতা অৱলম্বন কৰাৰ সময়ত এই ৱায়াৰলেছ বাৰ্তাটোৱে সমগ্ৰ নাগা পক্ষবোৰৰ মাজত এটা চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।

যোৱা ১৮ অক্টোবৰত কেন্দ্ৰ কোনো বিলম্ব নকৰাকৈ নাগা শান্তি চুক্তিক পূৰ্ণ দিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰিছিল নাগালেণ্ডৰ ৰাজ্যপাল তথা কেন্দ্ৰ আৰু নাগা পক্ষবোৰৰ মাজৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে।

ইপিনে নাগা শান্তিচুক্তিৰ পৰা নাগা বিদ্ৰোহীসকলৰ মূল দাবী সুকীয়া সংবিধান আৰু সুকীয়া পতাকাৰ বাদ দিয়া হ’ব বুলি ওলাই থকা গুজৱেও পৰিস্থিতি ভিতৰি গম্ভীৰ কৰি ৰাখিছে।

এই দুয়োটা বা যিকোনো এটাৰ অবিহনে নাগা শান্তি চুক্তি অন্তঃসাৰশূন্য হ’ব আৰু নাগাসকলৰ দীঘলীয়া সংগ্ৰামক ই শূন্যত উপনীত কৰাবহি বুলি এন এছ চি এন (আই এম) গোটে ৰাজহুৱাকৈ মত প্ৰকাশ কৰি আহিছে।

আৰ এন ৰবিয়ে এন এছ চি এন (আই এম) ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টলৈ নিজকে টানি আনিছে আৰু ইয়াত কাল্পনিক কথা যোগ দিছে বুলি মন্তব্য কৰিছিল। গোটটোৰ কিছু সংখ্যক নেতাৰ মন্তব্যক তেওঁ দুৰ্ভাগ্যজনক মনোভাবৰ প্ৰকাশ আখ্যা দিয়ে।

শেহতীয়াকৈ আৰ এন ৰবিয়ে নাগালেণ্ডৰ শান্তি-শৃংখলা পৰিস্থিতি পৰ্য্যালোচনা কৰি আছে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd