• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2022 2:54 pm
Woman and 6-Year-Old Daughter Gangraped
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া মহিলাৰ ওপৰত হোৱা অপৰাধ বা ধৰ্ষণৰ দৰে নৃশংস অত্যাচাৰ তেনেই সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। গতানুগতিক যেন হৈ পৰিছে শিশু ধৰ্ষণৰ দৰে মানৱ সমাজক ভূলুন্ঠিত কৰা নাৰকীয় ঘটনাও। দেশৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈছে এনে নৃশংস ঘটনা। এইবাৰ উত্তৰাখণ্ডত সংঘটিত হৈছে শিশুক দলবদ্ধ ধৰ্ষণৰ দৰে নাৰকীয় কাণ্ড।

উত্তৰাখণ্ড আৰক্ষীয়ে দেওবাৰে জানিবলৈ দিয়া অনুসৰি ৰাজ্যখনৰ হৰিদ্বাৰৰ ৰুৰকীত এগৰাকী মহিলা আৰু তেওঁৰ ছয় বছৰীয়া কন্যা সন্তানক লিফ্ট দিয়াৰ চলেৰে এজন ব্যক্তিয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে চলন্ত গাড়ীতে দলবদ্ধ ধৰ্ষণ কৰে।

Apply Now

আৰক্ষীৰ ভাষ্য অনুসৰি মহিলাগৰাকীয়ে তেওঁৰ ছয় বছৰীয়া সন্তানটিৰ সৈতে নিশা মুছলমানসকলৰ ধৰ্মীয় স্থান পিৰান কালিয়াৰৰ পৰা ঘৰ অভিমুখে গৈ আছিল। মাজবাটতে এওঁক চনু নামৰ এজন ব্যক্তিয়ে নিজৰ গাড়ীত ঘৰত নমাই দিয়াৰ প্ৰস্তাৱ দিয়ে।

চনুৰ প্ৰস্তাৱৰ সঁহাৰি দি মহিলাগৰাকী তেওঁৰ গাড়ীত বহে। আৰক্ষী অধীক্ষক প্ৰমেন্দ্ৰ ডোভালে জানিবলৈ দিয়া মতে চনু নামৰ এই মানুহজনৰ কিছু বন্ধু পূৰ্বৰে পৰা গাড়ীখনত আছিল।

অভিযোগ অনুসৰি মহিলাগৰাকী গাড়ীত উঠাৰ পিছতে চনু আৰু গাড়ীত থকা অন্য লোকসকল চলন্ত মহিলাগৰাকী আৰু তেওঁৰ সন্তানটিৰ ওপৰত জপিয়াই পৰে আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণৰ পিছতে মাতৃ-সন্তানক এটা খালৰ ওচৰত গাড়ীৰ পৰা পেলাই থৈ যায় বুলি অভিযোগ উঠিছে।

এনে নৃশংস অত্যাচাৰৰ সন্মুখীন হোৱাৰ পাছত শাৰীৰিক মানসিকভাৱে অৱশ হৈ পৰা মহিলাগৰাকীয়ে কোনোমতে খোজকাঢ়িয়ে মাজনিশা এখন আৰক্ষী চকীত উপস্থিত হয় আৰু আৰক্ষীক এই ঘটনাৰ বিষয়ে অৱগত কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীয়ে গাড়ীখনত কিমান জন লোক আছিল সেয়া সঠিকভাৱে ক’ব নোৱাৰিলে যদিও গাড়ীখন চনু নামৰ লোকজনৰ আৰু তেওঁৱেই গাড়ীখন চলাই নিছিল বুলি দাবী কৰিছে।

আৰক্ষীয়ে ওচৰত উপস্থিত হোৱাৰ পিছতে মাতৃ -কন্যা দুয়োকে ৰুৰকী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু স্বাস্থ্য পৰীক্ষা পিছত তেওঁলোক ধৰ্ষণ বলি হোৱাটো নিশ্চিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। অভিযুক্ত ব্যক্তিকেইজনৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো এজন অভিযুক্তকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd