• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2022 2:54 pm
Woman and 6-Year-Old Daughter Gangraped
216
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া মহিলাৰ ওপৰত হোৱা অপৰাধ বা ধৰ্ষণৰ দৰে নৃশংস অত্যাচাৰ তেনেই সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। গতানুগতিক যেন হৈ পৰিছে শিশু ধৰ্ষণৰ দৰে মানৱ সমাজক ভূলুন্ঠিত কৰা নাৰকীয় ঘটনাও। দেশৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈছে এনে নৃশংস ঘটনা। এইবাৰ উত্তৰাখণ্ডত সংঘটিত হৈছে শিশুক দলবদ্ধ ধৰ্ষণৰ দৰে নাৰকীয় কাণ্ড।

উত্তৰাখণ্ড আৰক্ষীয়ে দেওবাৰে জানিবলৈ দিয়া অনুসৰি ৰাজ্যখনৰ হৰিদ্বাৰৰ ৰুৰকীত এগৰাকী মহিলা আৰু তেওঁৰ ছয় বছৰীয়া কন্যা সন্তানক লিফ্ট দিয়াৰ চলেৰে এজন ব্যক্তিয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে চলন্ত গাড়ীতে দলবদ্ধ ধৰ্ষণ কৰে।

আৰক্ষীৰ ভাষ্য অনুসৰি মহিলাগৰাকীয়ে তেওঁৰ ছয় বছৰীয়া সন্তানটিৰ সৈতে নিশা মুছলমানসকলৰ ধৰ্মীয় স্থান পিৰান কালিয়াৰৰ পৰা ঘৰ অভিমুখে গৈ আছিল। মাজবাটতে এওঁক চনু নামৰ এজন ব্যক্তিয়ে নিজৰ গাড়ীত ঘৰত নমাই দিয়াৰ প্ৰস্তাৱ দিয়ে।

চনুৰ প্ৰস্তাৱৰ সঁহাৰি দি মহিলাগৰাকী তেওঁৰ গাড়ীত বহে। আৰক্ষী অধীক্ষক প্ৰমেন্দ্ৰ ডোভালে জানিবলৈ দিয়া মতে চনু নামৰ এই মানুহজনৰ কিছু বন্ধু পূৰ্বৰে পৰা গাড়ীখনত আছিল।

অভিযোগ অনুসৰি মহিলাগৰাকী গাড়ীত উঠাৰ পিছতে চনু আৰু গাড়ীত থকা অন্য লোকসকল চলন্ত মহিলাগৰাকী আৰু তেওঁৰ সন্তানটিৰ ওপৰত জপিয়াই পৰে আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণৰ পিছতে মাতৃ-সন্তানক এটা খালৰ ওচৰত গাড়ীৰ পৰা পেলাই থৈ যায় বুলি অভিযোগ উঠিছে।

এনে নৃশংস অত্যাচাৰৰ সন্মুখীন হোৱাৰ পাছত শাৰীৰিক মানসিকভাৱে অৱশ হৈ পৰা মহিলাগৰাকীয়ে কোনোমতে খোজকাঢ়িয়ে মাজনিশা এখন আৰক্ষী চকীত উপস্থিত হয় আৰু আৰক্ষীক এই ঘটনাৰ বিষয়ে অৱগত কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীয়ে গাড়ীখনত কিমান জন লোক আছিল সেয়া সঠিকভাৱে ক’ব নোৱাৰিলে যদিও গাড়ীখন চনু নামৰ লোকজনৰ আৰু তেওঁৱেই গাড়ীখন চলাই নিছিল বুলি দাবী কৰিছে।

আৰক্ষীয়ে ওচৰত উপস্থিত হোৱাৰ পিছতে মাতৃ -কন্যা দুয়োকে ৰুৰকী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু স্বাস্থ্য পৰীক্ষা পিছত তেওঁলোক ধৰ্ষণ বলি হোৱাটো নিশ্চিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। অভিযুক্ত ব্যক্তিকেইজনৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো এজন অভিযুক্তকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd