NORTHEAST NOW (Assamese)

পতিৰ সন্মুখতে ডিব্রুগড়ত মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, তিনিজনক গ্ৰেপ্তাৰ

August 11, 2019 9:39 pm · অভিক চক্ৰৱৰ্তী
ফটো নৰ্থ-ইষ্ট নাও

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বকপাৰা ঘৰবন্দীচুক গাঁৱত আজি পুৱতি নিশা এগৰাকী ৪০ বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ চলোৱাৰ অভিযোগত আৰক্ষীয়ে ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে আজি পুৱা প্ৰায় ২বজাত ভুক্তভোগী মহিলা গৰাকী আৰু তেওঁৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ত পতি নিজ ঘৰত শুই থকা অৱস্থাত উক্ত কাণ্ডটো সংঘটিত হয়। কেইবাবছৰ পূৰ্বে সংঘটিত এক দুৰ্ঘটনাত তেওঁ এখন হাত হেৰুৱাইছিল।

অভিযুক্ত ব্যক্তিকেইজনক লাহোৱাল ৰজাখাতৰ বাসিন্দা ভাস্কৰ গোঁহাই, মডাৰখাত হাটখোলাৰ বাসিন্দা তৃষ্টি শৰ্মা আৰু বকুল মাজগাঁৱৰ বাসিন্দা বাবাখকন কোঁৱৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে কয় যে মহিলাগৰাকীয়ে তেওঁ দাখিল কৰা এজাহাৰত উক্ত লোককেইজনে পানী বিচাৰি তেওঁলোকৰ দৰ্জাত টোকৰ মাৰিছিল বুলি উল্লেখ কৰিছিল। কিন্তু নিশাৰ সেই সময়ছোৱাত তেওঁলোকে দৰ্জা খুলি দিবলৈ অস্বীকাৰ কৰাত লোককেইজনে দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰে।

ইয়াৰ পিছত তেওঁক ভিতৰৰ পৰা ঘৰৰ বাহিৰলৈ উলিয়াই আনি অসহায় স্বামীৰ সন্মুখতে ধৰ্ষণ চলায়। আনহাতে ভুক্তভোগী পৰিয়ালটোৰ ঘৰটো গাঁওখনৰ এটা আওহতীয়া চুকত থকাৰ বাবে মহিলা গৰাকীয়ে সহায় বিচাৰি কৰা আৰ্তনাদ গাঁওবাসীয়ে শুনা নাপালে।

‘আমি মহিলা গৰাকীৰ ভাষ্য লৈছো। তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে পঠোৱা হয় আৰু প্ৰতিবেদনৰ বাবে ৰৈ থকা হৈছে। তিনিওগৰাকী অভিযুক্তকে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।‘ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰায়ে কয়।

Related News