• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Mob lynching : শিৱসাগৰত দলবদ্ধ হিংস্ৰতাৰে মৰিয়াই হত্যা কৰিলে এজনক

ভয়ংকৰ ৰূপ লৈছে দলবদ্ধ মানুহৰ হিংস্ৰতাই। অজুহাত ভিন্ন হ'ব পাৰে, হিংস্ৰতা আৰু তাৰ পৰিণাম একে।

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 12, 2019 9:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় এবছৰ পূৰ্বে কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰিত মানুহৰ নৃশংসতাৰ বলি হৈ অভিজিত আৰু নীলোৎপল নামৰ দুজন প্ৰতিভাশালী চফল যুৱকৰ মৃত্যু হোৱাৰ দৰে অনুৰূপ ঘটনা ঘটিছে শিৱসাগৰৰ নামতি নামৰ ঠাইডোখৰত।

শেহতীয়াকৈ ঘটনাটোৰ কিছু দৃশ্য বন্দী হোৱা ভিডিঅ’টো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত, য’ত ভুক্তভোগী যুৱকজনৰ হাত-ভৰি বান্ধি মানুহৰ এটা জুমক হাঁহি-খিকিন্দালিৰে মানুহৰ জীৱনৰ সৈতে খেলা দেখা গৈছে।

Apply Now

আক্ৰান্ত যুৱকজনক ঘেৰি থকা এজনক কোৱা শুনা গৈছে, “কাৰেণ্টৰ শ্বক অকণমান দি দিব লাগিছিল ইয়াক।”

দলবদ্ধ মানুহৰ বিবেকশূন্য হিংস্ৰতাৰ বলি হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা যুৱকজনৰ নাম শান্তনু বৰগোহাঁই (ঘৰত মতা নাম জিতু বৰগোহাঁই)।

শান্তনুৰ তেওঁৰ ঘৰ নাজিৰাৰ ৰজাপুলত। বয়স প্ৰায় ৩৪ বছৰ, পত্নী আৰু এটি ৭ বছৰীয়া পুত্ৰ আছে। শান্তনু মাক-দেউতাকৰ একমাত্ৰ পুত্ৰ আছিল।

শান্তনুৰ শোকাৰ্ত দেউতাকে জানিবলৈ দিয়ামতে, শান্তনুৱে যোৱা ৮ আগষ্টত যোৰহাটলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু আবেলি উভতি আহিছিল। ঘূৰি আহোতে নামতিস্থিত বায়েকৰ ঘৰত সোমাই আহে।

বায়েকৰ ঘৰৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত নামতি সাপ্তাহিক বজাৰত এই অমানৱীয় বৰ্বৰতাৰ সন্মুখীন হয় শান্তনু। ঘটনাৰ সময়ত তেওঁ সুৰাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।

কিবা হুলস্থূল কৰাৰ অভিযোগত তেওঁক একাংশ লোকে ধৰি-বান্ধি মাৰপিট কৰে। আনকি হিংস্ৰ প্ৰাণীৰ দৰে আক্ৰমণ কৰোতে মানুহবোৰে কাপোৰ-কানি পৰ্য্যন্ত খুলি পেলায় শান্তনুৰ। এই আক্ৰমণৰ দৃশ্য তেওঁলোকে ম’বাইলতো ৰেকৰ্ডিং কৰে। সেই দৃশ্যত দেখা গৈছে, শান্তনুৱে নিজৰ বান্ধি থোৱা হাত দুখন তেওঁলোকলৈ আগ বঢ়াই খুলি দিবলৈ অনুৰোধ কৰিছে, আৰু উন্মত্ত লোকসকলে তাত আমোদ পাই কিৰিলি পাৰিছে।

ঘটনাটোৱে বেয়ালৈ গতি কৰাত স্থানীয় কোনো ব্যক্তিয়ে জিতুৰ বায়েক আৰু আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি জিতুক উদ্ধাৰ কৰে। আৰক্ষীৰ পিছতে বায়েকো আহি উপস্থিত হয় আৰু শান্তনুক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে। কিন্তু মানুহৰ পাশৱিকতাৰ ওচৰত হাৰ মানি শান্তনুৰ চিকিৎসালয়তে মৃত্যু হয়।

শান্তনুৰ বৃদ্ধ পিতৃয়ে এই অমানৱীয় ঘটনাটোৰ উচিত তদন্ত বিচাৰছে। ইতিমধ্যে আৰক্ষীক গোচৰ দিয়া হৈছে যদিও আৰক্ষীয়ে এতিয়ালৈকে এজনকো গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা নাই। আনকি আৰক্ষীৰ বিৰুদ্ধে ঘটনাটোক বজাৰৰ হাটখোৱাৰ সৈতে বুজাবুজিৰে গুৰুত্বহীন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ আনিছে ভুক্তভোগীৰ পৰিয়ালে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈয়ো আৰু মুমূৰ্ষু অৱস্থাত যুৱকজনক দেখিও কাকো একো নুসুধিলে। কাকো আটক বা গ্ৰেপ্তাৰ নকৰিলে, অভিযোগ পৰিয়ালটোৰ।

মদ্যপান কৰিলেই বা কিবা ভুল-দোষ কৰিলেই এইদৰে ৰাজপথত এজন যুৱকক মৰিয়াই মৰিয়াই মাৰি পেলোৱা ঘটনাটোত শিৱসাগৰৰ সচেতন লোক লজ্জিত হৈছে।

ইপিনে মানুহৰ হাততে জীৱন হেৰুওৱা শান্তনুৰ পত্নীয়ে কান্দি কান্দি ক’লে, “মোক ইমান কম বয়সতে বিধৱা কৰিলে, যিকেইজনে মাৰিছিলে, সেইকেইজনৰ মনত অকণমানো দয়া-মমতা নাইনে?”

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd