কিবা নহয় কিবা কাৰণত প্ৰায়ে অনুৰাগীৰ মাজত চৰ্চিত হৈ আহিছে ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। কিছু দিন পূৰ্বে এটা টিভি শ্ব’ত নাৰী সন্দৰ্ভত কৰা আপত্তিকৰ মন্তব্যৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা পাণ্ডিয়া অৱশ্যে এইবাৰ এটা ভিডিঅ’ৰ বাবেহে ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত হাৰ্দিকে নিজৰ ভাতৃ ক্ৰুনাল পাণ্ডিয়াৰ সৈতে এসময়ত খলকনি তোলা ধনুষৰ হোৱাই দিছ কোলাবেৰি দি গানটো গাই থকা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে বৰ্তমান ৱেষ্ট ইণ্ডিজৰ সৈতে এদিনীয়া শৃংখলা খেলি থকা ভাৰতীয় ক্ৰিকেট দলৰ পৰা বিশ্ৰাম দিয়া হৈছিল হাৰ্দিক পাণ্ডিয়াক। এই সময়ত হাৰ্দিকে নিজৰ বন্ধু তথা পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ লগতে বিভিন্ন পাৰ্টিতো অংশ লোৱা পৰিলক্ষিত হৈছে।
ভিডিঅ’টোত হাৰ্দিকে এটা ঘৰুৱা পাৰ্টিত নিজৰ ভাতৃ তথা বন্ধুৰ লগত ফূৰ্তি কৰি আছিল। আৰু সেই সময়তে হাৰ্দিকে ভাতৃ ক্ৰুনালৰ সৈতে উক্ত জনপ্ৰিয় গীতটি পৰিৱেশন কৰে। চাৰি বছৰ পূৰ্বে ধনুষৰ এই গানটো ব্যাপক হাৰত জনপ্ৰিয় হৈছিল।
হাৰ্দিক আৰু ক্ৰুনালে গাই থকা গীতৰ ভিডিঅ’টো ময়ূৰ মেহতা নামৰ এজন লোকে ইনষ্টাগ্ৰামত চেয়াৰ কৰে। আৰু পাছত হাৰ্দিকেও নিজৰ ইনষ্টাগ্ৰামত ভিডিঅ’টো চেয়াৰ কৰিছিল।
হাতত মাইক্ৰ’ফোন লৈ গাই থকা গীতটোৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। অনুৰাগী সকলে হাৰ্দিকৰ এই গায়কৰূপী অৱতাৰক প্ৰশংসা কৰা দেখা গৈছে।