NORTHEAST NOW (Assamese)

“ৰাহুল গান্ধী মোৰ গাৰ কাষলৈ আহিছিল, অস্বস্তি অনুভৱ কৰিছিলোঁ’’ অভিযোগ মহিলা সাংসদৰ

December 19, 2024 5:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 19, 2024 6:28 pm

নগালেণ্ডৰ বিজেপি সাংসদ ফাংনন কন্যাকে বৃহস্পতিবাৰে ৰাজ্যসভাৰ অধ্যক্ষৰ সন্মুখত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। অভিযোগ মহিলা সাংসদগৰাকীৰ কাষত থিয় হৈ ৰাহুলে অভব্য আচৰণ কৰ

চিঠিখনত অভিযোগ কৰি তেওঁ লিখিছে, “মই হাতত এখন প্লেকাৰ্ড লৈ সংসদৰ মকৰ দ্বাৰৰ চিৰিৰ ঠিক তলত থিয় হৈ আছিলো। অন্য দলৰ সন্মানীয় সাংসদসকলৰ বাবে এই মুহূৰ্তত নিৰাপত্তাৰক্ষীয়ে এটা পথ ঘেৰাও কৰি ৰাখিছিল। সেই অংশটোৰ মাজেৰে গৈ হঠাতে বিৰোধী দলৰ নেতা শ্ৰীযুত ৰাহুল গান্ধীজী আৰু অন্যান্য দলৰ সদস্যসকল মোৰ সন্মুখত হাজিৰ হল। তেওঁ মোৰ লগত উচ্চ মাতেৰে কথা কয়। তেওঁ বেয়া আচৰণ কৰে। কেৱল সেয়াই নহয়, মোৰ লগত তেওঁৰ শাৰীৰিক দূৰত্ব ইমানেই কম আছিল যে মই এগৰাকী মহিলা সদস্য হিচাপে অতি অস্বস্তি অনুভৱ কৰিছিলো। ৰাহুলৰ এই আচৰণ উপযুক্ত নহয়।”

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, দিল্লীৰ বিজেপি সাংসদ বংসুৰি স্বৰাজে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ সাংসদক আক্ৰমণ কৰাৰ অভিযোগেৰে এজাহাৰ দাখিল কৰে।

Related News