• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ধৰ্ষণকাৰী’ক সুৰক্ষা দিবলৈ ৩৫লাখ টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰৰ সন্মুখীন মহিলা আৰক্ষী বিষয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 5, 2020 7:36 am

2 min read

psi_3

উৎকোচ লৈ গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা মহিলা আৰক্ষী বিষয়া শ্বেতা জাদেজা।

45.1k
VIEWS
Share on FacebookShare on Twitter

অভিযুক্ত ব্যক্তিৰ পৰা শকত পৰিমানৰ ধন উৎকোচ হিচাপে দাবী কৰি ধৰ্ষণৰ গোচৰ গাপ দি ৰখাৰ এক গুৰুতৰ অভিযোগ উঠিছে আহমেদাবাদ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে।

উক্ত মহিলা বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু যিকোনো সময়তে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

বাতৰি অনুসৰি, জিএপি কৰ্প ছাইন্স নামৰ এটা বেচৰকাৰী সংস্থাৰ পৰিচালন সঞ্চালক কেনাল শ্বাহৰ বিৰুদ্ধে মহিলা থানাখনত সংস্থাটোৰ দুগৰাকী মহিলা কৰ্মচাৰীয়ে ধৰ্ষণৰ অভিযোগ দিছিল।

যোৱা মাহত ঘটনাটোৰ অন্যতম সাক্ষী সংস্থাটোৰ ছিকিউৰিটি অ’ফিচাৰগৰাকীয়ে কেনাল শ্বাহৰ বিৰুদ্ধে থানাত ভাবুকি দিয়াৰ এক সুকীয়া অভিযোগ দাখিল কৰিছিল।

উক্ত ধৰ্ষণৰ গোচৰ দুটাৰ এটা গোচৰৰ তদন্তৰ দায়িত্বত লাভ কৰিছিল থানাখনৰ উপ-আৰক্ষী পৰিদৰ্শক তথা বৰ্তমান থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বেতা জাদেজাই।

অভিযোগ অনুসৰি, অভিযুক্ত কেনাল শ্বাহক গ্ৰেপ্তাৰ নকৰাৰ বিনিময়ত ৩৫লাখ টকা উৎকোচ বিচাৰে তদন্তকাৰী এই মহিলা বিষয়াগৰাকীয়ে।

তদুপৰি, এই ধন আদায় নিদিলে মহিলা সহকৰ্মী দুগৰাকীক ধৰ্ষণ কৰা তথা ছিকিউৰিটি বিষয়াক ভাবুকি দিয়াৰ অভিযোগত গোচৰ তৰাৰ ভাবুকি দিয়ে।

মহালা বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চে দাখিল কৰা অভিযোগত এই কথা উল্লেখ কৰা হৈছে।

বাতৰি অনুসৰি, চাৰি বছৰ পূৰ্বে আৰক্ষীৰ চাকৰিত যোগ দিছিল শ্বেতা জাদেজাই।

মহিলা আৰক্ষী বিষয়াগৰাকীয়ে অভিযুক্ত কেনাল শ্বাহৰ জ্যেষ্ঠ ভাতৃ ভবেশ শ্বাহক থানালৈ মাতি আনি ২৫ লাখ টকা নিদিলে কেনাল গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনায়।

অৱশেষত ২০ লাখ টকাত বুজাবুজি কৰা হয়। মহিলা বিষয়াগৰাকীয়ে ভবেশ শ্বাহক নিজৰ এগৰাকী চিনাকি ব্যক্তিৰ জৰিয়তে টকাখিনি আদায় দিবলৈ কয়।

সেই মতে কেনালৰ ভাতৃয়ে উক্ত ব্যক্তিৰ একাউন্টত টকাখিনি পঠাই দিয়ে।

কিন্তু কেইদিনমান পাছত কেনাল শ্বাহৰ ভাতৃক পুনৰ থানালৈ মাতি পঠায় মহিলা বিষয়াগৰাকীয়ে।

মহিলাগৰাকীয়ে এইবাৰ কেনাল শ্বাহৰ বিৰুদ্ধে আন এটি ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰৰ পা বচাবলৈ আকৌ ২০ লাখ টকা দাবী কৰে।

এইবাৰ ১১ লাখ টকাত বুজাবুজি হয় আৰু পূৰ্বৰ দৰেই বিষয়াগৰাকীৰ চিনাকি ব্যক্তিৰ একাউন্টত টকাখিনি জমা কৰে।

ইয়াৰ মাজতে, যোৱা মাহত মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কেনাল শ্বাহৰ ভাতৃ ভবেশ শ্বাহে আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে।

তেওঁৰ অভিযোগৰ ভিত্তিত এগৰাকী আন উপ-পৰিদৰ্শকে  তদন্ত আৰম্ভ কৰে আৰু সকলো তথ্য প্ৰমান সংগ্ৰহ কৰে।

ক্ৰাইম ব্ৰাঞ্চে মহিলা আৰক্ষী বিষয়া শ্বেতা জাদেজাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু উৎকোচ লোৱা বিষয়া গৰাকীক গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে।

Recent News

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd