• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ধৰ্ষণকাৰী’ক সুৰক্ষা দিবলৈ ৩৫লাখ টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰৰ সন্মুখীন মহিলা আৰক্ষী বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2020 7:36 am
psi_3

উৎকোচ লৈ গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা মহিলা আৰক্ষী বিষয়া শ্বেতা জাদেজা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিযুক্ত ব্যক্তিৰ পৰা শকত পৰিমানৰ ধন উৎকোচ হিচাপে দাবী কৰি ধৰ্ষণৰ গোচৰ গাপ দি ৰখাৰ এক গুৰুতৰ অভিযোগ উঠিছে আহমেদাবাদ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে।

উক্ত মহিলা বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু যিকোনো সময়তে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

Apply Now

বাতৰি অনুসৰি, জিএপি কৰ্প ছাইন্স নামৰ এটা বেচৰকাৰী সংস্থাৰ পৰিচালন সঞ্চালক কেনাল শ্বাহৰ বিৰুদ্ধে মহিলা থানাখনত সংস্থাটোৰ দুগৰাকী মহিলা কৰ্মচাৰীয়ে ধৰ্ষণৰ অভিযোগ দিছিল।

যোৱা মাহত ঘটনাটোৰ অন্যতম সাক্ষী সংস্থাটোৰ ছিকিউৰিটি অ’ফিচাৰগৰাকীয়ে কেনাল শ্বাহৰ বিৰুদ্ধে থানাত ভাবুকি দিয়াৰ এক সুকীয়া অভিযোগ দাখিল কৰিছিল।

উক্ত ধৰ্ষণৰ গোচৰ দুটাৰ এটা গোচৰৰ তদন্তৰ দায়িত্বত লাভ কৰিছিল থানাখনৰ উপ-আৰক্ষী পৰিদৰ্শক তথা বৰ্তমান থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বেতা জাদেজাই।

অভিযোগ অনুসৰি, অভিযুক্ত কেনাল শ্বাহক গ্ৰেপ্তাৰ নকৰাৰ বিনিময়ত ৩৫লাখ টকা উৎকোচ বিচাৰে তদন্তকাৰী এই মহিলা বিষয়াগৰাকীয়ে।

তদুপৰি, এই ধন আদায় নিদিলে মহিলা সহকৰ্মী দুগৰাকীক ধৰ্ষণ কৰা তথা ছিকিউৰিটি বিষয়াক ভাবুকি দিয়াৰ অভিযোগত গোচৰ তৰাৰ ভাবুকি দিয়ে।

মহালা বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চে দাখিল কৰা অভিযোগত এই কথা উল্লেখ কৰা হৈছে।

বাতৰি অনুসৰি, চাৰি বছৰ পূৰ্বে আৰক্ষীৰ চাকৰিত যোগ দিছিল শ্বেতা জাদেজাই।

মহিলা আৰক্ষী বিষয়াগৰাকীয়ে অভিযুক্ত কেনাল শ্বাহৰ জ্যেষ্ঠ ভাতৃ ভবেশ শ্বাহক থানালৈ মাতি আনি ২৫ লাখ টকা নিদিলে কেনাল গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনায়।

অৱশেষত ২০ লাখ টকাত বুজাবুজি কৰা হয়। মহিলা বিষয়াগৰাকীয়ে ভবেশ শ্বাহক নিজৰ এগৰাকী চিনাকি ব্যক্তিৰ জৰিয়তে টকাখিনি আদায় দিবলৈ কয়।

সেই মতে কেনালৰ ভাতৃয়ে উক্ত ব্যক্তিৰ একাউন্টত টকাখিনি পঠাই দিয়ে।

কিন্তু কেইদিনমান পাছত কেনাল শ্বাহৰ ভাতৃক পুনৰ থানালৈ মাতি পঠায় মহিলা বিষয়াগৰাকীয়ে।

মহিলাগৰাকীয়ে এইবাৰ কেনাল শ্বাহৰ বিৰুদ্ধে আন এটি ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰৰ পা বচাবলৈ আকৌ ২০ লাখ টকা দাবী কৰে।

এইবাৰ ১১ লাখ টকাত বুজাবুজি হয় আৰু পূৰ্বৰ দৰেই বিষয়াগৰাকীৰ চিনাকি ব্যক্তিৰ একাউন্টত টকাখিনি জমা কৰে।

ইয়াৰ মাজতে, যোৱা মাহত মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কেনাল শ্বাহৰ ভাতৃ ভবেশ শ্বাহে আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে।

তেওঁৰ অভিযোগৰ ভিত্তিত এগৰাকী আন উপ-পৰিদৰ্শকে  তদন্ত আৰম্ভ কৰে আৰু সকলো তথ্য প্ৰমান সংগ্ৰহ কৰে।

ক্ৰাইম ব্ৰাঞ্চে মহিলা আৰক্ষী বিষয়া শ্বেতা জাদেজাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু উৎকোচ লোৱা বিষয়া গৰাকীক গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd