• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, December 7, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিনেমাৰ কায়দাৰে বিয়াৰ প্ৰলোভন দি কুখ্যাত অপৰাধীক জালত পেলালে মহিলা আৰক্ষীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 1, 2019 8:52 am

2 min read

arrest-750x375-1140x570

প্ৰতিনিধিত্বমূলক ফটো

25.7k
VIEWS
Share on FacebookShare on Twitter

এজন কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে হাবাথুৰি খাইছিল আৰক্ষী। কোনোমতেই ধৰিব পৰা নাছিল অপৰাধীজনক। অৱশেষত এক ব্যতিক্ৰমী পথ অৱলম্বন কৰিলে আৰক্ষীয়ে।

অপৰাধীজনৰ ফোন নম্বৰ সংগ্ৰহ কৰি এগৰাকী মহিলা আৰক্ষী বিষয়াৰ জৰিয়তে দিয়া হ’ল বিয়াৰ প্ৰস্তাৱ। এইদৰেই সফলতা আহিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অপৰাধীক।

চিনেমাৰ কাহিনীৰ দৰে এই ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছট্টৰপুৰত।

বাতৰি অনুসৰি উত্তৰ প্ৰদেশৰ মহবা জিলাৰ বিজৌৰি গাঁওৰ বালকিষণ চৌবে নামৰ অপৰাধীজনৰ নামত হত্যাকে ধৰি মুঠ ১৬টা গোচৰ আছে।

চলিত বৰ্ষৰ আগষ্ট মাহত মধ্যপ্ৰদেশৰ নাওগাও অঞ্চলত তাৰ বিৰুদ্ধে এজন লোকক হত্যা কৰাৰ অভিযোগ উঠে। ইয়াৰ পাছতেই বালকিষণৰ সন্ধানত আৰক্ষীয়ে তালাচী অব্যাহত ৰাখে।

বহু প্ৰচেষ্টাৰ পাছতো আৰক্ষী সন্ধান লাভত ব্যৰ্থ হোৱাৰ পাছত বালকিষণক সন্ধান দিওঁতাক ১০ হাজাৰ টকাৰ পুৰষ্কাৰো ঘোষণা কৰে। কিন্তু ইয়াতো সফল নহ’ল আৰক্ষী।

ইয়াৰ মাজতে হঠাতে বালকিষণৰ মোবাইল নম্বৰ এটা আৰক্ষীৰ হাতত পৰে। সেইটো ট্ৰেক কৰি তাৰ গোপন ঘাটিৰ সন্ধান লাভ কৰে যদিও আৰক্ষীয়ে সেই স্থান গৈ পোৱাৰ পূৰ্বে সি পলায়ন কৰে।

প্ৰায় হতাশ হৈ পৰা আৰক্ষীৰ তদন্তকাৰী দলে অৱশেষত এটা অভিনৱ পন্থা গ্ৰহণ কৰে। আৰক্ষীয়ে জানিব পাৰে যে পলাতক অপৰাধী বালকিষণে বিয়াৰ কৰাবৰ বাবে ছোৱালী বিচাৰিছে।

এই খবৰ লাভ কৰাৰ পাছতে এগৰাকী মহিলা বিষয়াক টোপ হিচাপে ব্যৱহাৰ কৰে আৰক্ষীয়ে।

পৰিকল্পনা মতে দিল্লীৰ পৰা সংগ্ৰহ কৰা এখন ছীমকাৰ্ডৰ পৰা এদিন হঠাতে মহিলাগৰাকীয়ে ফোন কৰে। ফোন কৰি মহিলাগৰাকীয়ে কয় যে ভুলতে ফোনটো লাগি গ’ল। কিন্তু ইয়াৰ পাছতো ফোনটো কাটি নিদিলে বালকিষণে।

বালকিষাণে মহিলাগৰাকীৰ ঘৰ ক’ত জানিব বিচাৰে। চিকাৰ হাতত পৰাৰ ইংগিত লাভ কৰি তেওঁ নিজকে বুণ্ডেলখণ্ডৰ বাসিন্দা বুলি জনাই লগতে ক’লে যে কামৰ খাতিৰত বৰ্তমান দিল্লীতে থাকিবলৈ লৈছে। সিদিনা দুয়োজনে কিছু কথা পাতিলে।

ইয়াৰ পিছদিনাৰ পৰাই বালকিষণে ফোন কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা গঢ়ি উঠিল। সম্পৰ্ক গভীৰ হৈ পৰাৰ উপলব্ধি কৰি এদিন হঠাতে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ দিলে।

লগে লগে ৰাজী হৈ গ’ল বালকিষাণ। দুয়োজনে আলোচনা কৰি মধ্যপ্ৰদেশৰ ছট্টৰপুৰৰ এটি মন্দিৰত বিয়া পতাৰ সিদ্ধান্ত ল’লে।

যোৱা বৃহস্পতিবাৰে পৰিকল্পনা অনুসৰি সেই মন্দিৰত দৰাৰ বেশত উপস্থিত হ’ল বালকিষণ। ইয়াতেই সাধাৰণ পোছাকত থকা আৰক্ষীয়ে বালকিষণক গ্ৰেপ্তাৰ কৰি আনি ভৰালে ৰঙাঘৰত।

নৰ্থ-ইষ্ট নাওৰ বিভিন্ন ভিডিঅ’ চাবলৈ আমাৰ YouTube চেনেলটো Subscribe কৰক

Recent News

Story-9-4-1140x570

ডিব্ৰুগড়ত ৰহস্যজনক পৰিস্থিতিত কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ

Letter to CJI from Women's and People's Organizations on 4 Police Encounter Deaths in Hyderabad

হায়দৰাবাদ ধৰ্ষণ-হত্যা অভিযুক্তৰ এনকাউণ্টাৰ: তেলেংগানা উ. ন্যা.ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ নাৰী সমাজকৰ্মীৰ

শিৱসাগৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত যুৱক

শিৱসাগৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত যুৱক

effective_1st_october_sbi_will_also_charge_for_transaction_decline_due_to_insufficient_balance_at_a_1568316536

আগন্তুক ২৫দিনত বন্ধ হৈ যাব SBIৰ ATM debit কাৰ্ড; শীঘ্ৰেই কৰি লওক এই কাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd