• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ অমান্তি আৰক্ষী: ভুক্তভোগী কন্যাসহ আত্মহত্যাৰ পথ বাছি ল’লে মাতৃয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2022 6:59 am
Woman daughter suicide
193
VIEWS
Share on FacebookShare on Twitter

নিজ নাবালিকা সন্তান ধৰ্ষণৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় আৰক্ষী চকীত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ গৈ আৰক্ষীৰ পক্ষপাতিত্বৰ ফলত বিফল হৈ সন্তানসহ আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে এগৰাকী মহিলাই। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত।

ৰাজ্যখনৰ এলুৰু জিলাত সংঘটিত এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰকাশিত খবৰ অনুসৰি মৃত মহিলাগৰাকীয়ে যোৱা ১২ ছেপ্টেম্বৰত ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ উদ্দেশ্যে এলুৰু জিলাৰ পেদাভেগী আৰক্ষী থানাত উপস্থিত হৈছিল।

স্থানীয় এগৰাকী যুৱকে মৰম কৰাৰ চলেৰে সুযোগ বুজি মহিলাগৰাকীৰ নাবালিকা সন্তানক যৌন নিৰ্যাতন চলাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ কাষ চাপিছিল মহিলাগৰাকী।

কিন্তু থানাখনত কৰ্মৰত উপ-পৰিদৰ্শক গৰাকীয়ে এই অভিযোগ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে। এনে পৰিস্থিতিত মহিলাগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰাত আৰক্ষী বিষয়া গৰাকীয়ে মাতৃ-কন্যাক গালি-গালাজ কৰি অপদস্থ কৰে বুলি অভিযোগ উত্থাপন হৈছে।

এই ঘটনাত অপমানিত অনুভৱ কৰি তথা ন্যায়ৰ পৰা বঞ্চিত হৈ মহিলাগৰাকীয়ে শীতল পানীয়ৰ সৈতে কীটনাশক মিহলি কৰি কন্যা সন্তানটিসহ সেই পানীয় পান কৰি আত্মহত্যা কৰে।

মৃত মহিলাগৰাকীৰ ভাতৃয়ে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে তেওঁলোকে অভিযোগ দাখিলৰ বাবে যোৱাৰ সময়ত আৰক্ষী উপ-পৰিদৰ্শক গৰাকীয়ে অভিযোগ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে মাতৃ-কন্যাক অতি নিকৃষ্ট আৰু অশালীনভাৱে গালি-গালাজ কৰে।

এই অপমান সহ্য কৰিব নোৱাৰা বাবেই মহিলাগৰাকীয়ে এনে চৰম পন্থা অৱলম্বন কৰে বুলি অভিযোগ কৰি তেওঁৰ ভাতৃয়ে এই আত্মহত্যাৰ বাবে আৰক্ষী বিষয়াগৰাকীক দোষাৰোপ কৰে।

এজন আৰক্ষী বিষয়াই ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত এগৰাকী নাবালক ছোৱালী আৰু তাইৰ মাতৃয়ে আত্মহত্যা কৰিছিল। ঘটনাটো আৱিষ্কাৰ হোৱাৰ পিছত আৰক্ষী বিষয়াজনক তেওঁলোকৰ আত্মহত্যাত উদগনি দিয়াৰ বাবে নিলম্বিত কৰা হৈছিল।

ঘটনাটোৰ বিষয়ে প্ৰচাৰ হোৱাৰ পাছতে অভিযুক্ত উপ-পৰিদৰ্শক গৰাকীক মাতৃ-কন্যাৰ আত্মহত্যাত উচতনি দিয়াৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কৰা হয়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd