• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চলন্ত ৰেলৰ ভিতৰত কন্যাসন্তান জন্ম দিলে এগৰাকী মহিলাই, সহায়ৰ বাবে আগবাঢ়ি আহিল সহযাত্ৰীসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 10:47 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে পুৰণি ফৰিদাবাদ ৰেলৱে ষ্টেচনৰ সমীপত এক আশ্চৰ্যজনক ঘটনা সংঘটিত হয়। এখন চলন্ত ৰেলত এগৰাকী মহিলাই এটি কন্যাসন্তান জন্ম দিবলগীয়া হয়। ৰেলখনত উপস্থিত থকা আন মহিলা যাত্ৰীসকলৰ তৎপৰতা আৰু সহায়ৰ বাবে মাতৃ আৰু নৱজাতক দুয়ো বৰ্তমান সুৰক্ষিত হৈ আছে। ৰেল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ঘটনাটোৰ পিছত ফৰিদাবাদ ষ্টেচনত ৰেলখন ৰখাই দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীৰ পৰা জানিব পৰা মতে, মধ্যপ্ৰদেশৰ পান্না জিলাৰ বাসিন্দা অভিলাষা নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামী জৱাহৰলালৰ সৈতে জম্মুৰ কাট্ৰাৰ পৰা ঘৰলৈ উভতি আহিছিল। তেওঁলোক শ্ৰী মাতা বৈষ্ণো দেৱী কাট্ৰা-জবলপুৰ এক্সপ্ৰেছেৰে ভ্ৰমণ কৰি আছিল। অহা মাহতহে মহিলাগৰাকীৰ প্ৰসৱৰ সময় আছিল যদিও শুকুৰবাৰে বিয়লি ৰেলখন দিল্লী পোৱাৰ লগে লগে তেওঁৰ মৃদু প্ৰসৱ বেদনা আৰম্ভ হয়। ৰেলখন তুগলাকাবাদ ষ্টেচন পাৰ হোৱাৰ পাছত বিষ অসহ্য হৈ পৰে আৰু তেওঁৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটে।

Apply Now

মহিলাগৰাকীৰ এনে সংকটপূৰ্ণ অৱস্থা দেখি ডবাটোত থকা আন মহিলা যাত্ৰীসকল লগে লগে সহায়ৰ বাবে আগবাঢ়ি আহে। তেওঁলোকে বিচনা চাদৰ আৰু কম্বলেৰে আসনসমূহ ঢাকি দি এটা সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰে আৰু ওচৰৰ যাত্ৰীসকলক কিছু আঁতৰলৈ পঠিয়াই দিয়ে। মহিলাসকলৰ সহযোগত ৰেলৰ ভিতৰতে প্ৰসৱ সম্পন্ন হয়। ইয়াৰ মাজতে এজন যাত্ৰীয়ে ৰেলৱে নিয়ন্ত্ৰণ কক্ষক ঘটনাটোৰ বিষয়ে খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে ৰেল প্ৰশাসনে তৎপৰতা দেখুৱাই পুৰণি ফৰিদাবাদ ষ্টেচনত ৰেলখন ৰখাৰ ব্যৱস্থা কৰে।

মাতৃ আৰু নৱজাতকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰেলখন প্ৰায় ২৬ মিনিট ধৰি ষ্টেচনটোত ৰৈ থাকে। ৰেলৱেৰ মহিলা চিকিৎসা কৰ্মচাৰীসকলে ডবাটোত উপস্থিত হৈ দুয়োৰে প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰে। ইয়াৰ পিছত ৰেল সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষীৰ মহিলা জোৱানসকলৰ সহায়ত তেওঁলোকক এম্বুলেন্সেৰে ফৰিদাবাদৰ বি কে হাস্পতাললৈ লৈ যোৱা হয়। বৰ্তমান মাতৃ আৰু কন্যা সন্তানটি সম্পূৰ্ণ সুস্থ আছে বুলি চিকিৎসক আৰু আৰক্ষীয়ে নিশ্চিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd