জনশূন্য পথত স্কুটী আৰোহী যুৱতীক দলবদ্ধ ধৰ্ষণ: আৰক্ষীৰ এনকাউণ্টাৰত দুই অভিযুক্ত আহত

Woman gang-raped

এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ গাজিয়াবাদৰ এক জনশূন্য পথত বান্ধৱীৰ সৈতে স্কুটি চলাই গৈ থকা অৱস্থাত ২০ বছৰীয়া এগৰাকী যুৱতীক ৰখাই এদল পুৰুষে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, যোৱা ৩০ নৱেম্বৰত সংঘটিত হয় এই ঘটনা। নিজৰ এগৰাকী বান্ধৱীৰ সৈতে যুৱতীগৰাকীয়ে এক জনশূন্য পথত স্কুটি চলাবলৈ শিকি থকাৰ সময়তে ধৰ্ষণৰ বলি হয় যুৱতীগৰাকী।

এই কাণ্ডৰ মূল অভিযুক্ত হিচাপে জুনেইদে নামৰ এজন যুৱকক চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, যুৱতীগৰাকীক পথত দেখাৰ পিছতে জুনেইদে তেওঁৰ বন্ধু ইমৰাণসহ আন কেইজনমান লোকলৈ ফোন কৰি সেই স্থানলৈ মাতে।

তাৰ পিছতে আটাইকেইজন লগ হৈ স্কুটী আৰোহী দুই যুৱতীক আগভেটি ধৰি এগৰাকী যুৱতীগৰাকীক পথৰ কাষৰ জোপোহালৈ টানি লৈ যায় আৰু তাতেই উপৰ্যুপৰি ধৰ্ষণ কৰে। আনগৰাকী যুৱতীকো ধৰ্ষণৰ উদ্দেশ্যে জোপোহালৈ টানি নিয়াৰ চেষ্টা চলাইছিল দুৰ্বৃত্তৰ দলটোৱে।

কিন্তু সেই স্থানেৰে এখন বাহন অহা দেখি দুৰ্বৃত্তৰ দলটো পলায়ন কৰে আৰু যুৱতীগৰাকী ৰক্ষা পৰে। এই চৰম নিৰ্যাতনৰ পিছতে ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীয়ে স্থানীয় আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই অভিযোগৰ পিছত দেওবাৰে অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলায় আৰু জুনেইদৰ সন্ধান লাভ কৰে। আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত অভিযুক্ত জুনেইদৰ দুয়োটা ভৰিতে গুলী লাগে বুলি সদৰী কৰে আৰক্ষীয়ে।

আহত জুনেইদক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইফালে আৰক্ষীয়ে চিকিৎসালয়ত জুনেইদক জেৰা কৰাৰ পিছত আন অভিযুক্তৰ সন্ধানত অভিযান চলায় আৰু কাষৰীয়া অঞ্চলতে আটাইকেইজন অভিযুক্ত থকা বুলি তথ্য লাভ কৰে।

আৰক্ষীয়ে দাবী কৰা মতে, অভিযুক্তৰ গ্ৰেপ্তাৰৰ উদ্দেশ্যে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হোৱাৰ পাছতে আটাইকেইজন অভিযুক্ত পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীৰ গুলীত ইমৰাণ আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে ইমৰাণসহ আন তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে বুলি প্ৰকাশ কৰে আৰক্ষীয়ে।

ইফালে এনকাউণ্টাৰস্থলীৰ পৰা এটা পিষ্টল আৰু কাৰ্টিজ উদ্ধাৰ হৈছে বুলিও দাবী কৰে আৰক্ষীয়ে। ধৃত অভিযুক্তকেইজনৰ পূৰ্বৰ কোনো অপৰাধজনিত তথ্য আছে নেকি, সেই সন্দৰ্ভত তদন্ত চলি আছে বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।