• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৰ্বৰ! গুজৰাটত দৰমহা বিচৰাৰ বাবেই দলিত যুৱকৰ মুখত জোতা সুমুৱাই ক্ষমা খুজিবলৈ বাধ্য মহিলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2023 8:50 pm
Dalit man Harassed

অভিযুক্ত মহিলাগৰাকী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ মৰ্বি চহৰত সংঘটিত হৈছে এক জঘন্য ঘটনা। ২১ বছৰীয়া এজন দলিত যুৱকক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলা ব্যৱসায়ীসহ ছয়গৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। অভিযোগ অনুসৰি, দৰমহা বিচৰাৰ বাবেই যুৱকজন সন্মুখীন হয় নিৰ্যাতনৰ।

মহিলাগৰাকীৰ প্ৰতিষ্ঠানটোত কাম কৰা যুৱকজনে পোন্ধৰদিনৰ প্ৰাপ্য দৰমহা বিচৰাৰ বাবেই মহিলাগৰাকীয়ে জোতা মুখত সুমুৱাই দি ক্ষমা খুজিবলৈ বাধ্য কৰা বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত নীলেশ দলছানিয়া নামৰ দলিত যুৱকজনে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, ৰাভাপাৰ ক্ৰছৰোডৰ এটা বাণিজ্যিক কমপ্লেক্সত থকা ৰানিবা ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোত অক্টোবৰৰ আৰম্ভণিতে টাইলছ মাৰ্কেটিঙত জড়িত দলছানিয়াক মাহিলী ১২ হাজাৰ টকাৰ দৰমহাত নিযুক্তি দিয়া হৈছিল।

কিন্তু ১৮ অক্টোবৰত হঠাতে তেওঁক বৰ্খাস্ত কৰে। ইয়াৰ পিছতে দলছানিয়াই কোম্পানীত কাম কৰা ১৬ দিনৰ দৰমহা বিচাৰে যদিও কোম্পানীৰ স্বত্বাধিকাৰী বিভূতি পেটেল ওৰফে ৰাণিবাই কোনো স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত থাকে আৰু তাৰ পিছত যুৱকজনে ফোন কৰিলেও কোনো সঁহাৰি দিয়া বন্ধ কৰে।

এনে পৰিস্থিতিত যোৱা বুধবাৰে সন্ধিয়া দলছানিয়া, ভাতৃ মেহুল আৰু আন এজন যুৱক প্ৰাপ্য ধন সংগ্ৰহৰ বাবে কাৰ্যালয়লৈ যোৱাৰ সময়তে ব্যৱসায়ীগৰাকীৰ ভাতৃয়ে আন কিছু সহযোগীৰ সৈতে তিনিওকে আক্ৰমণ কৰে। আনহাতে স্বত্বাধিকাৰী বিভূতি পেটেলেও যুৱকজনক চৰ সোধাই বাহিৰলৈ টানি লৈ যায়।

ছয়-সাতজন লোকে এইদৰে তিনিওকে মাৰপিট কৰাৰ পিছতে বিভুতি পেটেলে তেওঁৰ জোতা দলছানিয়াৰ মুখত ল’বলৈ বাধ্য কৰাইছিল আৰু তেওঁক দৰমহা বিচৰাৰ বাবে ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ কৰিছে যুৱকজনে। লগতে উক্ত এলেকাত পুনৰ দেখা পালে তেওঁক হত্যা কৰাৰো ভাবুকি দিয়ে।

এনে অকথ্য নিৰ্যাতনৰ পিছত আনকি এটা ভিডিঅ’ শ্বুট কৰি দলছানিয়াক জোৰকৈ তেওঁ বিভূতীৰ কাৰ্যালয়লৈ ধন দাবী কৰিবলৈ আহিছিল বুলি ক’বলৈ বাধ্য কৰাইছিল বুলিও অভিযোগ উত্থাপন হৈছে। এনে আতিশয্যৰ পিছত যুৱককেইজনক তাৰ পৰা খেদি পঠিওৱা হয়।

ইফালে ঘৰলৈ উভতি অহাৰ পিছতে যুৱকজনক মৰ্বি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যুৱকজনৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে আৰক্ষীয়ে বিভূতি পেটেল, তেওঁৰ ভাতৃ ওম পেটেল আৰু আন লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই গোচৰৰ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰি স্থানীয় এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই অৱশ্যে গোচৰ সন্দৰ্ভত এইপৰ্যন্ত কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি সদৰী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

June 25, 2026 7:33 pm
ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

June 25, 2026 7:16 pm
বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

June 25, 2026 7:33 pm
ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

June 25, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd