NORTHEAST NOW (Assamese)

যোগীৰ উত্তৰ প্ৰদেশত আন এক ধৰ্ষণকাণ্ড: সুৰা পান কৰিবলৈ বাধ্য কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ চাৰি দুৰ্বৃত্তৰ

September 26, 2022 3:15 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰমাৎ নাৰী সুৰক্ষাৰ বধ্যভূমিত পৰিণত হৈছে উত্তৰ প্ৰদেশ। ৰাজ্যখনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আমোলত মহিলা সুৰক্ষা নিশ্চিত হোৱা বুলি শাসকীয় বিজেপিয়ে ঢাক-ঢোল কোবাই আহিলেও এই মিথ্যাচাৰিতা উদঙাই প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে নাৰীৰ বিৰুদ্ধে বৰ্বৰ উৎপীড়নৰ ঘটনা।

শেহতীয়াকৈ পুনৰ উত্তৰ প্ৰদেশত আন এক ধৰ্ষণকাণ্ড পোহৰলৈ আহিছে। ৰাজ্যখনৰ বাৰাবাঁকীৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী মহিলাক সুৰা পান কৰিবলৈ বাধ্য কৰি চাৰি দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, মহিলাগৰাকীক কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিয়ে গাঁৱৰে এটা পুখুৰীৰ কাষলৈ মাতি নিয়ে। পূৰ্ব পৰিকল্পিতভাৱে পুখুৰীটোৰ পাৰত সেই সময়ত আন তিনিগৰাকী ব্যক্তি উপস্থিত আছিল।

ইয়াৰ পিছতে চাৰিও দুৰ্বৃত্তই মহিলাগৰাকীক সুৰা পান কৰিবলৈ বাধ্য কৰে আৰু সুৰা পানৰ পাছতে মহিলাগৰাকীক উপৰ্যুপুৰি ধৰ্ষণ কৰে।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰ্ণেন্দু সিঙে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে শনিবাৰে তেওঁৰ স্বামীৰ সৈতে আৰক্ষীৰ কাষ চাপে আৰু এক অভিযোগ দাখিল কৰিছিল।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰে। ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত দেৱী দীন নামৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন অভিযুক্ত কেইবাগৰাকীৰ সন্ধান চলাই থকা হৈছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Related News