NORTHEAST NOW (Assamese)

হাতী-মানুহৰ সংঘাত : তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল ৬২ বছৰীয়া মহিলাৰ

January 31, 2025 9:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 31, 2025 8:17 pm

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সমীপৰ দাওৰিজাৰ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় তাৰমণি বৰ্মন নামৰ এগৰাকী ৬২ বছৰীয়া মহিলা।

জানিব পৰা মতে, নিশা হাতীটোৱে শুই থকা অৱস্থাত মহিলাগৰাকীৰ ঘৰৰ বেৰ ভাঙি দিয়ে আৰু আক্ৰমণ কৰে।

স্থানীয় ৰাইজৰ মতে, তাৰমণি বৰ্মনৰ স্বামী পুনিল বৰ্মনো প্ৰায় ৯ বছৰ পূৰ্বে একেধৰণৰ আক্ৰমণৰ বলি হৈছিল।

এই শোকাৱহ ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় তামুলপুৰ বন বিভাগৰ বিষয়া।

তামুলপুৰৰ হৰিঞ্চৰা গাঁৱত কেইদিনমান আাগতে একেধৰণৰ ঘটনা সংঘটিত হৈছিল। হাতীৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল। সম্প্ৰতি তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

অঞ্চলটোত হাতী-মানুহৰ সংঘাতৰ ক্ৰমবৰ্ধমান ঘটনাই গাঁওবাসীৰ মাজত উদ্বেগ সৃষ্টি কৰিছে।

Related News