• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হানিমুন মাৰ্ডাৰ ২.০! মেঘালয়ৰ পিছত এইবাৰ ৰাজস্থানত প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2026 5:19 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ পিছত এইবাৰ ৰাজস্থান। আকৌ এবাৰ বিয়াৰ পিছত প্ৰেমিকৰ লগ লাগি স্বামীক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। পত্নীগৰাকীয়ে বিয়াৰ মাত্ৰ তিনিমাহৰ ভিতৰতে প্ৰাক্তন প্ৰেমিক আৰু বন্ধুসকলৰ সৈতে মিলি স্বামীক হত্যা কৰি পৰিকল্পনা ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাজস্থানৰ এই ঘটনাৰ লগত মেঘালয়ৰ হানিমুন মাৰ্ডাৰৰ বহু সাদৃশ্য আছে।

তাৰিখটো আছিল ৩০ জানুৱাৰী। ৰাতি তেতিয়া ৯ টা বাজিছিল। ৰাজস্থানৰ শ্ৰীগংগানগৰ জিলাৰ এখন থানালৈ ফোন আহিল। আৰক্ষীক জনোৱা মতে, পথত এজন পুৰুষ আৰু এগৰাকী মহিলা অচেতন হৈ পৰি আছে। আৰক্ষীয়ে খৰধৰকৈ অঞ্চলটোলৈ গৈ দুয়োকে উদ্ধাৰ কৰে। স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ সময়ত চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে।

Apply Now

লগত থকা মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, মৃত লোকজন তেওঁৰ স্বামী। সিহঁতে ফুৰিবলৈ ওলাই গৈছিল। সেই সময়তে এখন গাড়ীয়ে তেওঁলোকক খুন্দা মাৰে। মহিলাগৰাকীয়ে পিন্ধা সোণৰ গহনাও লুটপাত কৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰথম অৱস্থাত আৰক্ষীয়ে সমগ্ৰ বিষয়টোক দুৰ্ঘটনা আৰু ডকাইতিৰ অপৰাধ বুলি গণ্য কৰিছিল। শ্ৰীগংগানগৰৰ এছ পি অমৃতা দুহানে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “এজাহাৰ লাভ কৰাৰ পিছত আমি সেই স্থান পৰিদৰ্শন কৰিলোঁ। ফৰেনছিক বিজ্ঞান লেবৰ দলকো তদন্ত কৰিবলৈ অৱগত কৰা হয়। মৃত লোকজনৰ নাম আশীষ আৰু মহিলাগৰাকীৰ নাম অঞ্জু।”

কিন্তু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীৰ সন্দেহ বাঢ়ি আহিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আশীষৰ চিকিৎসা প্ৰতিবেদন অঞ্জুৰ বক্তব্যৰ সৈতে মিল নাছিল। আশীষৰ শৰীৰত আঘাতৰ চিন আৰু ডিঙি চেপি ধৰাৰ চিন থকা বুলি চিকিৎসা প্ৰতিবেদনত প্ৰকাশ পাইছে। কিন্তু অঞ্জুৰ মেডিকেল ৰিপৰ্টত তেওঁৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন দেখা পোৱা নাই। ইয়াৰ পিছত আৰক্ষীয়ে অঞ্জুৰ ফোন কলৰ ৰেকৰ্ড চালে। তেতিয়াই সত্য পোহৰলৈ আহিল।

আৰক্ষীয়ে অঞ্জুৰ কল ৰেকৰ্ডৰ পৰা এটা নম্বৰ পাইছিল। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে পোহৰলৈ আহিল যে ফোন নম্বৰটো সঞ্জু নামৰ এজন ব্যক্তিৰ। তেতিয়া পুলিচে গম পালে যে সঞ্জু আচলতে অঞ্জুৰ প্ৰেমিক। অঞ্জুৰ বিয়াৰ আগৰে পৰাই দুয়োৰে সম্পৰ্ক আছিল। আৰক্ষীয়ে জনোৱা মতে, অঞ্জুৱে প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি স্বামীক হত্যাৰ পৰিকল্পনা কৰিছিল। সেইটো দুৰ্ঘটনা বুলি ঢাকি ৰখাৰ চেষ্টা কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, তিনিমাহ পূৰ্বে অঞ্জু আৰু আশীষৰ বিয়া হৈছিল। কিন্তু অঞ্জু এই বিবাহত সুখী নাছিল। তেওঁ পিতৃৰ ঘৰলৈ গৈছিল। তাতে আকৌ সঞ্জুৰ লগত তেওঁৰ যোগাযোগ হ’ল। তাতেই আৰম্ভ হ’ল আশীষক হত্যা কৰাৰ পৰিকল্পনা। পৰিকল্পনা অনুসৰি অঞ্জু শহুৰেকৰ ঘৰলৈ উভতি আহিল।

আশীষৰ ৰাতিৰ আহাৰ খোৱাৰ পিছত খোজ কঢ়াৰ অভ্যাস আছিল। অঞ্জুৱেও তেওঁৰ লগত খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। ৩০ জানুৱাৰীত অঞ্জু আশীষৰ লগত বাহিৰলৈ ওলাই যায়। সেই সময়ত সঞ্জু আৰু তেওঁৰ দুই বন্ধু ৰকি ওৰফে ৰোহিত আৰু বাদল ওৰফে সিদ্ধাৰ্থ ওচৰতে লুকাই আছিল। তেওঁলোকে আশীষক হত্যা কৰে। সন্দেহৰ পৰা হাত সাৰিবলৈ অঞ্জুৱে সঞ্জু আৰু লগৰ কেইজনৰ হাতত গহনা আৰু ফোনটো গতাই দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অঞ্জুৱে নিজৰ বক্তব্য অবিৰতভাৱে সলনি কৰাত সন্দেহ কৰা হৈছিল। তাৰ পিছত তদন্ত আৰু বাকী থকা প্ৰমাণৰ ভিত্তিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে যোৱা বছৰ ৰাজা ৰঘুবংশী আৰু সোণম বিয়াৰ পিছত হানিমুনৰ বাবে মেঘালয়লৈ যায়। তাতে নিৰুদ্দেশ হৈ পৰে ৰাজা আৰু সোণম। ১২ দিনৰ অন্তত উদ্ধাৰ হয় ৰাজাৰ মৃতদেহ। উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন ধাবাত উদ্ধাৰ কৰা হয় সোণমক। যদিও প্ৰথমে দুৰ্ঘটনা বুলি কোৱা হৈছিল, পিছলৈ তদন্তত এইটো এটা হত্যাকাণ্ড বুলি জানিব পৰা যায়। প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে ষড়যন্ত্ৰ কৰি সোণমে স্বামী ৰাজাক হত্যা কৰিছিল। ভাড়াতীয় হত্যাকাৰীও নিযুক্ত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm
বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd