NORTHEAST NOW (Assamese)

ধিক্কাৰ! ৰাজপথত প্ৰকাশ্যে ধৰ্ষণ মহিলাক : বাটৰ বাটৰুৱাই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং

October 8, 2024 7:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: October 8, 2024 7:46 pm

দেশত হ্ৰাস পোৱা নাই ধৰ্ষণৰ ঘটনা। ধৰ্ষণৰ বিৰুদ্ধে যিমান প্ৰতিবাদ চলিলেও দিনক দিনে বৃদ্ধি পাই আহিছে ধৰ্ষণৰ জঘন্য ঘটনা।

মধ্যপ্ৰদেশৰ উজ্জয়িনৰ কয়লা গেট এলেকাত বুধবাৰে সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে অভিযুক্তই ভুক্তভোগীক বিবাহৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পিছতে ৰাস্তাৰ কাষৰ শৌচাগাৰলৈ লৈ গৈ অভিযুক্তই মহিলাগৰাকীক ধৰ্ষণ কৰে। আনকি ধৰ্ষণৰ সময়ত কাষতে থিয় হৈ একাংশ বাটৰুৱাই ভিডিঅ’ ৰেকৰ্ডিং কৰে। তাৰ পিছত সামাজিক মাধ্যমত সেই ভিডিঅ’টো ভাইৰেল হৈ পৰে।

এই ভিডিঅ’ৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

জানিব পৰা মতে ধৰ্ষণৰ পিছতে মহিলাগৰাকীক ভাবুকি দি অভিযুক্তই পলায়ন কৰে। ইয়াৰ পিছতে থানাত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। আৰক্ষীয়ে ভিডিঅ’টো চোৱাৰ পিছত অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, এই ঘটনাত ইতিমধ্যে বিৰোধী কংগ্ৰেছে মধ্যপ্ৰদেশৰ শাসকীয় দলটোক সমালোচনা কৰিছে। ৰাজ্যৰ আইন-শৃংখলাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতাসকলে। আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

মধ্যপ্ৰদেশ কংগ্ৰেছে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘পবিত্ৰ নগৰ উজ্জয়িনক আকৌ এবাৰ লজ্জিত কৰা হৈছে। ক্ষমতাত থকাসকলে হয় লাজত মৰিব লাগে নহয় পদত্যাগ কৰিব লাগে।”

ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী জিতু পাটোৱাৰীয়ে টুইট কৰি কয়, “আকৌ এবাৰ পবিত্ৰ নগৰ উজ্জয়িন কলংকিত হৈছে। মধ্যপ্ৰদেশৰ ৰাজহুৱা ৰাজপথত এতিয়া ধৰ্ষণ সংঘটিত হৈছে।”

Related News