উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাত বিজেপিৰ এক অনুষ্ঠানত হঠাৎ সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিস্থিতিৰ। বুধবাৰে এখন সম্বৰ্দ্ধনা সভাৰ মাজতে এগৰাকী মহিলাই কাৰ্যালয়ত প্ৰৱেশ কৰি দলীয় নেতাৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি ৰাজহুৱাভাৱে চৰ শোধায়। এই ঘটনাত নিমিষতে উত্তেজনা বিয়পি পৰে।
জানিব পৰা মতে, সেইদিনা বিজেপিৰ কাৰ্যালয়ত মনোনীত কাউন্সিলাৰ আৰু দলৰ বিষয়ববীয়াৰ বাবে এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে মহিলাগৰাকীয়ে তাত প্ৰৱেশ কৰি সংশ্লিষ্ট নেতাজনৰ লগত কাজিয়াত লিপ্ত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে, মহিলাগৰাকীয়ে হঠাতে নেতাজনক চৰ মাৰি কলাৰত ধৰি টানি উলিয়াই আনিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত সভাস্থলীত উপস্থিত থকাসকলৰ মাজত আতংক বিয়পি পৰে।
মহিলাগৰাকীয়ে এল আই চি ডিপোজিটৰ নামত নেতাগৰাকীক প্ৰায় ৪.৫ লাখ টকা গতাই দিয়াৰ অভিযোগ উত্থাপন কৰে। কিন্তু জমা নকৰাকৈয়ে সেই ধন আত্মসাৎ কৰা বুলি তেওঁ দাবী কৰে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি টকা ঘূৰাই দিবলৈ দাবী জনাই আহিছিল। সেইদিনা পুত্ৰৰ সৈতে পোনে পোনে কাৰ্যালয়লৈ গৈ প্ৰতিবাদ জনায়।
পৰিস্থিতি সোনকালে উত্তপ্ত হৈ পৰে। কাজিয়া গৈ হতাহতিত পৰিণত হয়, আনকি চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে। উপস্থিত দলীয় কৰ্মীসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল যদিও কিছু সময়ৰ বাবে উত্তেজনা নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই গৈছিল।
এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মহিলাগৰাকীকে ধৰি আন লোকসকলক কাৰ্যালয়ৰ পৰা আঁতৰাই নিয়ে। প্ৰায় এঘণ্টা ধৰি বন্ধ হৈ থকাৰ পিছত পুনৰ আৰম্ভ হয় কাৰ্যসূচী।
এই ঘটনা মূলতঃ আৰ্থিক লেনদেনক লৈ ব্যক্তিগত বিবাদ আছিল বুলি দলটোৱে জনাইছে। প্ৰাক্তন জিলা সভাপতি সমীৰ ত্ৰিপাঠীয়ে কয়, “এই বিষয়টো আগতে জনোৱা হ’লে এনে পৰিস্থিতিৰ পৰা হাত সাৰিব পৰা গ’লহেঁতেন। দুয়োটা পক্ষ দলৰ সৈতে জড়িত। শীঘ্ৰে সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।”
ইপিনে, সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত মহিলাগৰাকীয়ে নেতাগৰাকীৰ সৈতে কাজিয়া আৰু হতাহতি কৰা দেখা গৈছে। ইতিমধ্যে এই ঘটনাক লৈ ৰাজনৈতিক চৰ্চাও আৰম্ভ হৈছে।





