বিজ্ঞাপনটোত কোৱা হৈছে যে ইয়াক মাত্ৰ ৩.৫ মিনিটত ৰন্ধা সাজু হৈ উঠিব। কিন্তু প্ৰকৃততে ইয়াতকৈ বহুত বেছি সময় লাগে। এনে অভিযোগ তুলিয়েই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মহিলাই ইনষ্টেন্ট পাস্তা ব্ৰেণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
ফ্লৰিডাৰ মহিলাগৰাকীৰ নাম আমাণ্ডা ৰামিৰেজ। তেওঁ কয় যে তেওঁ ‘ভেলভিটা শ্বেলচ এণ্ড চীজ’ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁ দাবী কৰে যে এই পাস্তাক ‘ইনষ্টেন্ট’ বুলি কোৱা হয়। প্ৰকৃততে, ইয়াক বনাবলৈ বহুত বেছি সময় লাগে। ইপিনে, কোম্পানীটোৱে তেওঁলোকৰ মাইক্ৰ’ৱেভত কৰিব পৰা পাস্তা কাপৰ বিজ্ঞাপনত কৈছিল ‘মাত্ৰ ৩.৫ মিনিটত প্ৰস্তুত’। এনে দাবীৰ খেলিমেলিৰ বাবেই বিৰক্ত ‘মেক এন চীজ’ অনুৰাগী।
লগতে পঢ়ক: বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
বহুতেই হয়তো মেক এন চীজৰ সৈতে তেনেদৰে পৰিচিত নহ’ব পাৰে। তেওঁলোকক কৈ থোৱা ভাল যে এইটো এক প্ৰকাৰৰ পাস্তা ব্যঞ্জন। ইয়াক সৰু অ’য়েষ্টাৰ আকৃতিৰ পাস্তা আৰু প্ৰচুৰ গলি যোৱা চীজৰে তৈয়াৰ কৰা হয়। এইটো খাবলৈ অতি সুস্বাদু। এই মেক এন চীজৰ ‘ইনষ্টেন্ট’ ৰূপটো আমেৰিকা যুক্তৰাষ্ট্ৰত যথেষ্ট জনপ্ৰিয়। এইটো ইয়াত আমাৰ ইনষ্টেন্ট নুডলছৰ দৰে।
মহিলাগৰাকীয়ে জানিবলৈ দি কয় যে ‘ভেলভিটা শ্বেলচ এণ্ড চীজ’ৰ বিজ্ঞাপনত কোৱা হৈছিল যে ই ৩.৫ মিনিটৰ ভিতৰত সাজু হ’ব। কিন্তু অভিযোগকাৰীৰ মতে ই সম্পূৰ্ণৰূপে ভুৱা। কিয়নো পেকেটটো খুলিবলৈ চছৰ পাউচটো কাটিবলৈ, মিহলি কৰিবলৈ, জোখত পানী দিবলৈ আৰু কিছু সময় লাগে। কোম্পানীটোৱে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ জৰিয়তে ক্ৰেতাসকলক প্ৰতাৰণা কৰি আছে। সেয়েহে তেওঁ কোম্পানীটোৰ বিৰুদ্ধে ৫ মিলিয়ন ডলাৰৰ গোচৰ ৰুজু কৰিছে।
ক্ৰাফ্ট হেইঞ্জ হৈছে এই ‘ভেলভিটা শ্বেলচ এণ্ড চীজ’ৰ প্ৰস্তুতকৰ্তা। অৱশ্যে, তেওঁলোকে এই গোচৰটোত বিশেষ গুৰুত্ব দিবলৈ অনিচ্ছুক। সংস্থাটোৱে কৈছে, “আমি এই অৰ্থহীন ঘটনাটোৰ বিষয়ে জানিবলৈ পাইছো।এই অভিযোগৰ বিৰোধিতা কৰিছো।‘’
অৱশ্যে মহিলাগৰাকীৰ অধিবক্তাগৰাকী এই বিষয়ে যথেষ্ট “ছিৰিয়াছ”। তেওঁ কয় যে যদি তেওঁৰ গ্ৰাহকে জানিলেহেঁতেন যে ইয়াক বনাবলৈ ইমান সময় লাগে, তেন্তে তেওঁ ইয়াক ইমান মূল্যত ক্ৰয় নকৰিলেহেঁতেন। তেওঁ লগতে দাবী কৰে যে কোম্পানীটোৱে এনে ভুৱা বিজ্ঞাপনৰ প্ৰচাৰৰ অভ্যাস ত্যাগ কৰিব লাগে।
পাস্তা বাৰু বাদ দিয়ক, আপুনি এইটোও ভাবি চাইছেনে যে ইনষ্টেন্ট নুডল এক বা দুই মিনিটত একেবাৰে ৰন্ধা সাজু হয়?