• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩.৫ মিনিটৰ ভিতৰত সাজু হৈ নুঠিল ৰন্ধা,পাস্তা কোম্পানীৰ বিৰুদ্ধে ৰুজু ৪০ কোটি টকাৰ গোচৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2022 7:43 am
121
VIEWS
Share on FacebookShare on Twitter

বিজ্ঞাপনটোত কোৱা হৈছে যে ইয়াক মাত্ৰ ৩.৫ মিনিটত ৰন্ধা সাজু হৈ উঠিব। কিন্তু প্ৰকৃততে ইয়াতকৈ বহুত বেছি সময় লাগে। এনে অভিযোগ তুলিয়েই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মহিলাই ইনষ্টেন্ট পাস্তা ব্ৰেণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ফ্লৰিডাৰ মহিলাগৰাকীৰ নাম আমাণ্ডা ৰামিৰেজ। তেওঁ কয় যে তেওঁ ‘ভেলভিটা শ্বেলচ এণ্ড চীজ’ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁ দাবী কৰে যে এই পাস্তাক ‘ইনষ্টেন্ট’ বুলি কোৱা হয়। প্ৰকৃততে, ইয়াক বনাবলৈ বহুত বেছি সময় লাগে। ইপিনে, কোম্পানীটোৱে তেওঁলোকৰ মাইক্ৰ’ৱেভত কৰিব পৰা পাস্তা কাপৰ বিজ্ঞাপনত কৈছিল ‘মাত্ৰ ৩.৫ মিনিটত প্ৰস্তুত’। এনে দাবীৰ খেলিমেলিৰ বাবেই বিৰক্ত ‘মেক এন চীজ’ অনুৰাগী।

লগতে পঢ়ক: বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ

বহুতেই হয়তো মেক এন চীজৰ সৈতে তেনেদৰে পৰিচিত নহ’ব পাৰে।  তেওঁলোকক কৈ থোৱা ভাল যে এইটো এক প্ৰকাৰৰ পাস্তা ব্যঞ্জন। ইয়াক সৰু অ’য়েষ্টাৰ আকৃতিৰ পাস্তা আৰু প্ৰচুৰ গলি যোৱা চীজৰে তৈয়াৰ কৰা হয়। এইটো খাবলৈ অতি সুস্বাদু। এই মেক এন চীজৰ ‘ইনষ্টেন্ট’ ৰূপটো আমেৰিকা যুক্তৰাষ্ট্ৰত যথেষ্ট জনপ্ৰিয়। এইটো ইয়াত আমাৰ ইনষ্টেন্ট নুডলছৰ দৰে।

মহিলাগৰাকীয়ে জানিবলৈ দি কয় যে ‘ভেলভিটা শ্বেলচ এণ্ড চীজ’ৰ বিজ্ঞাপনত কোৱা হৈছিল যে ই ৩.৫ মিনিটৰ ভিতৰত সাজু হ’ব। কিন্তু অভিযোগকাৰীৰ মতে ই সম্পূৰ্ণৰূপে ভুৱা। কিয়নো পেকেটটো খুলিবলৈ চছৰ পাউচটো কাটিবলৈ, মিহলি কৰিবলৈ, জোখত পানী দিবলৈ আৰু কিছু সময় লাগে। কোম্পানীটোৱে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ জৰিয়তে ক্ৰেতাসকলক প্ৰতাৰণা কৰি আছে। সেয়েহে তেওঁ কোম্পানীটোৰ বিৰুদ্ধে ৫ মিলিয়ন ডলাৰৰ গোচৰ ৰুজু কৰিছে।

ক্ৰাফ্ট হেইঞ্জ হৈছে এই ‘ভেলভিটা শ্বেলচ এণ্ড চীজ’ৰ প্ৰস্তুতকৰ্তা। অৱশ্যে, তেওঁলোকে এই গোচৰটোত বিশেষ গুৰুত্ব দিবলৈ অনিচ্ছুক। সংস্থাটোৱে কৈছে, “আমি এই অৰ্থহীন ঘটনাটোৰ বিষয়ে জানিবলৈ পাইছো।এই অভিযোগৰ বিৰোধিতা কৰিছো।‘’

লগতে পঢ়ক:হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নিৰ্লজ্জ কাণ্ড: কিতাপ দিয়াৰ চলেৰে নিজা বাসগৃহলৈ মাতি নি নিৰ্যাতনৰ চেষ্টা বিদেশী ছাত্ৰীক

অৱশ্যে মহিলাগৰাকীৰ অধিবক্তাগৰাকী এই বিষয়ে যথেষ্ট “ছিৰিয়াছ”। তেওঁ কয় যে যদি তেওঁৰ গ্ৰাহকে জানিলেহেঁতেন যে ইয়াক বনাবলৈ ইমান সময় লাগে, তেন্তে তেওঁ ইয়াক ইমান মূল্যত ক্ৰয় নকৰিলেহেঁতেন। তেওঁ লগতে দাবী কৰে যে কোম্পানীটোৱে এনে ভুৱা বিজ্ঞাপনৰ প্ৰচাৰৰ অভ্যাস ত্যাগ কৰিব লাগে।

পাস্তা বাৰু বাদ দিয়ক, আপুনি এইটোও ভাবি চাইছেনে যে ইনষ্টেন্ট নুডল এক বা দুই মিনিটত একেবাৰে ৰন্ধা সাজু হয়?

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd