• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাৰকীয়: বিহাৰত দলৱদ্ধ বলাৎকাৰ কৰি সন্তানসহ মহিলাক দলিয়াই দিলে নদীত

পাঁচ বছৰীয়া পুত্ৰৰ মৃত্যু, এজন অপৰাধীক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 12, 2020 7:58 am

2 min read

a rape1
311
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী ১৯ বছৰীয়া দলিত সম্প্ৰদায়ৰ যুৱতীক বলাৎকাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ঘটনাৰ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে  এইবাৰ বিহাৰতো সংঘটিত হৈছে আন এক দলৱদ্ধ বলাৎকাৰৰ ঘটনা।

বিহাৰৰ বক্সাৰ জিলাত কেইজনমান লোকে নিজৰ পাঁচ বছৰীয়া  পুত্ৰ সন্তানৰ সৈতে বেংকলৈ গৈ থকা অৱস্থাতে এগৰাকী মহিলাক অপহৰণ কৰি বলাৎকাৰ কৰে।

দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীক সন্তানসহ অপহৰণ কৰি এখন খেতি পথাৰলৈ লৈ যায় আৰু তাতেই সন্তানৰ সন্মুখতে মহিলাগৰাকীক বলাৎকাৰ কৰে ।

ইয়াৰ পিছত দুৰ্বৃত্তৰ দলটোৱে ঘটনাৰ চিন-মোকাম নোহোৱা কৰিবলৈ সন্তানৰ সৈতে মহিলাগৰাকীক একেলগে ৰছীৰে বান্ধি কাষৰে নৈ এখনত পেলাই দিয়ে।

নৈৰ কোৱাল সোঁতত উটি যোৱা মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত নৈৰ কাষত বাস কৰা একাংশ লোকে শুনা পায়  আৰু মহিলাগৰাকীক সন্তানসহ উদ্ধাৰৰ ব্যৱস্থা কৰে।

স্থানীয় একাংশ সচেতন লোকৰ প্ৰচেষ্টাত মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰে যদিও পাঁচ বছৰীয়া সন্তানটিৰ মৃত্যু ঘটে।

পিছত মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে এজন দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও বাকী নৰ পিশাচ কেইটা এতিয়াও পলাতক অৱস্থাতে থকা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে পলাতক বলাৎকাৰী কেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। এই ঘটনাই নিৰ্বাচনমুখী ৰাজ্য খনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বাৰুকৈয়ে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে।

দিন দুপৰতে অপৰাধীয়ে সন্তানসহ মহিলাক অপহৰণ কৰি নি বলাৎকাৰ কৰাৰ ঘটনাকলৈ বিৰোধীয়ে নীতিশ কুমাৰৰ চৰকাৰক উভতি ধৰিছে।

বিৰোধীয়ে অভিযোগ কৰা অনুসৰি নীতিশ কুমাৰৰ শাসনত বিহাৰ এতিয়া ক্ৰমাৎ ধৰ্ষণৰ ৰাজধানীত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd