• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

বিদেশী কায়দাৰে প্রেম কৰাৰ চলেৰে প্রেমিকক চকীত বহুৱাই বান্ধি লৈ জুই লগাই দিলে প্ৰেমিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:03 am
86
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱজ্ঞাৰ পোতক ল’বলৈ এগৰাকী নাৰী কিমান ভয়ংকৰ হৈ উঠিব পাৰে তাৰ এক চাঞ্চল্য্যকৰ উদাহৰণ পোৱা গৈছে বেংগালুৰুত। প্ৰেমিকৰ অৱজ্ঞাত অতিষ্ঠ হৈ এগৰাকী যুৱতীয়ে তেওঁক চকীত বহুৱাই বান্ধি লৈ জুই লগাই জীৱন্তে দাহ কৰাৰ দৰে এক লোমহৰ্ষক কাণ্ড সংঘটিত কৰিছে।

এই সমগ্ৰ হত্যাকাণ্ডৰ দৃশ্য যুৱতীগৰাকীয়ে নিজৰ ম’বাইলত ভিডিঅ’ ৰেকৰ্ডিং কৰিও ৰাখিছিল। মঙলবাৰে বেংগালুৰুৰ অঞ্জনাপুৰা অঞ্চলত এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে।

Apply Now

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি সাতাইশ বছৰীয়া যুৱতী প্ৰেৰণা আৰু কিৰণ নামৰ যুৱকজনৰ মাজত যোৱা এবছৰতকৈ অধিক সময় ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁলোক দুয়ো একেখন দোকানতে কাম কৰিছিল। কিন্তু শেহতীয়াকৈ কিৰণে প্ৰেৰণাক গুৰুত্ব নিদি অৱজ্ঞা কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও কিৰণে তেওঁক বিয়া কৰাব নে নাই সেই লৈও প্ৰেৰণাৰ মনত গভীৰ অনিশ্চয়তা আৰু সন্দেহৰ সৃষ্টি হৈছিল। প্ৰেমিকৰ এনে আচৰণত ক্ৰোধিত হৈ প্ৰেৰণাই তেওঁক হত্যা কৰাৰ এক ভয়ংকৰ পৰিকল্পনা হাতত লয়।

মঙলবাৰে অঞ্জনাপুৰাস্থিত নিজৰ ঘৰলৈ প্ৰেৰণাই কিৰণক নিমন্ত্ৰণ জনাইছিল। সেই সময়ত ঘৰত প্ৰেৰণাৰ মাতৃ আৰু ককায়েক কোনো উপস্থিত নাছিল। কিৰণ উপস্থিত হোৱাৰ পিছত দুয়োৰে মাজত কিছু সময় কথা-বতৰা হয়। ইয়াৰ পিছতে প্ৰেৰণাই কিৰণক কয় যে তেওঁ আজি তেওঁক বিদেশী কায়দাত প্ৰেম নিবেদন কৰিব বিচাৰে। কিৰণে কথাটো বিশ্বাস কৰি সন্মতি দিয়াত প্ৰেৰণাই তেওঁৰ চকু দুটা বান্ধি এখন চকীত বহুৱায় আৰু তাৰৰ সহায়ত চকীখনৰ সৈতে টানকৈ বান্ধি পেলায়। কিৰণে একো বুজি পোৱাৰ আগতেই প্ৰেৰণাই তেওঁৰ দেহত কেৰাচিন ঢালি জুই জ্বলাই দিয়ে।

কিৰণে চকীৰ সৈতে আবদ্ধ হৈ মৃত্যু যন্ত্ৰণাত ছটফটাই থকাৰ সময়তো প্ৰেৰণাৰ মনত কোনো দয়া ভাৱ অহা নাছিল। বৰঞ্চ তেওঁ নিৰ্বিকাৰ হৈ সমগ্ৰ দৃশ্যটো নিজৰ ম’বাইলৰ কেমেৰাত বন্দী কৰি আছিল। জুইত সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ থিতাতে কিৰণৰ মৃত্যু হয়।

এই কাণ্ডৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত প্ৰেৰণাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত যুৱতীগৰাকীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰিছে আৰু কেৱল প্ৰেমিকৰ অৱজ্ঞাৰ প্ৰতিশোধ ল’বলৈকে তেওঁ এই চৰম পথ বাছি লৈছিল বুলি জনাইছে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়া মতে ঘটনাটোৰ তদন্ত বৰ্তমান অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd