DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিবাহ বিচ্ছেদে সলনি কৰি দিলে মহিলাৰ ভাগ্য; নিশাৰ ভিতৰতে হ’ল ২৪,০০০কোটি টকাৰ গৰাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2020 10:07 am
609b7b16142443f2432e3a9677c5e93d0efe0d0cf2e38cc10686ac0dd4d10616

প্ৰতিনিধিত্বমূলক ফটো

25.6k
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতে বিবাহিত জীৱনত বিবাহ বিচ্ছেদ এক বেদনাদায়ক অধ্যায় বুলি পৰিগণিত হৈ আহিছে।

তথাপি দিনক দিনে সমগ্ৰ বিশ্বত বিবাহ বিচ্ছেদৰ ঘটনা বৃদ্ধি পাই আহিছে।

ইয়াৰ মাজতে চীনত বিবাহ বিচ্ছেদক লৈ ঘটিছে এক আমোদজনক ঘটনা য’ত বিচ্ছেদৰ পাছতে এগৰাকী মহিলা নিশাটোৰ ভিতৰতে হৈ পৰিছে বিলিয়নাৰ।

ঘটনা অনুসৰি, চীনৰ এটা ভেকচিন প্ৰস্তুতকাৰী কোম্পানী ছেংঝেন কংটাই বায়’লজিকেল প্ৰডাক্টছৰ অধ্যক্ষ ড্যু বেইমিনৰ তেওঁৰ পত্নীৰ সৈতে বিচ্ছেদ ঘটে।

এই বিচ্ছেদৰ পাছত ক্ষতিপূৰণ হিচাপে তেওঁ পত্নী য়ুৱান লিপিঙক কোম্পানীটোৰ ১৬১.৩ কোটি টকাৰ শ্বেয়াৰ দিবলগীয়া হয়।

শ্বেয়াৰ ট্ৰেন্সফাৰৰ পাছত ৪৯বছৰীয়া য়ুৱান লিপিং বিশ্বৰ আটাইতকৈ ধনী মহিলা হৈ পৰে। বিচ্ছেদে লিপিঙৰ ভাগ্য সলনি কৰি দিলে।

বাতৰি অনুসৰি, শ্বেয়াৰ বজাৰৰ মূল্য অনুসৰি লিপিঙে লাভ কৰা ৩.২ বিলিয়ন ডলাৰৰ ভাৰতীয় টকাত মূল্য হ’ব ২৪,০০০কোটি টকা।

আনহাতে, স্বামী ড্যু বেইমিনৰ মুঠ সম্পত্তি ৩.১ বিলিয়ন ডলাৰ অৰ্থাৎ ২৩,২৫০কোটি টকালৈ হ্ৰাস পাইছে।

বৰ্তমান ৫৬ বৰ্ষীয় ড্যু বেইমিনে চীনৰ জিয়াংশ্বী অঞ্চলৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।

ৰসায়ন বিজ্ঞানত শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ১৯৮৭চনত এখন ক্লিনিকত কাম কৰিবলৈ আৰম্ভ কৰি ১৯৯৫চনত এটা বায়’টেক কোম্পানীৰ ছেলছ মেনেজাৰ হয়।

২০০৯চনত কংটাইয়ে মিনহাইক সামৰি লয় আৰু ড্যু বেইমিন ইয়াৰ অধ্যক্ষ হৈ পৰে। ২০০৪চনত ড্যু বেইমিনে কোম্পানী মিনহাই আৰম্ভ কৰিছিল।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd