আন এক দিল্লী কাণ্ড! এইবাৰ উত্তৰ প্ৰদেশত উদ্ধাৰ অচিনাক্ত মহিলাৰ টুকুৰা-টুকুৰকৈ কটা মৃতদেহ

Woman's Body Chopped In Several Pieces

দিল্লীৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ দিল্লী কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ আজমগড়ৰ অন্তৰ্গত পশ্চিমি নামৰ এখন গাঁৱত এটা কুঁৱাৰ পৰা উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ।

লক্ষ্যণীয়ভাৱে মহিলাগৰাকীৰ মৃতদেহটো টুকুৰা-টুকুৰাকৈ কেইবাটাও ভাগত কাটি থোৱা অৱস্থাত পোৱা গৈছে।

স্থানীয় গাঁওবাসীয়ে কুঁৱাটোত মৃতদেহটো দেখা পোৱাৰ পিছত আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত এই চাঞ্চল্যকৰ কাণ্ড পোহৰলৈ আহে।

ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত এটা ফৰেনচিক দল আৰু স্নিফাৰ ডগসহ বিশেষ আৰক্ষীৰ দলক তদন্তৰ বাবে মাতি অনা হয়।

মৃত মহিলাগৰাকীক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে।

জিলাখনৰ আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যই সংবাদ মাধ্যমৰ আগত ফৰেনচিক দলটো তদন্তত নিয়োজিত হৈ আছে আৰু ঘটনাটোৰ বিষয়ে অধিক বিৱৰণ শীঘ্ৰেই প্ৰকাশ কৰা হ’ব বুলি অৱগত কৰে।

উল্লেখ্য যে দিল্লীত সংঘটিত এনে এক অনুৰূপ হত্যাকাণ্ডই সম্প্ৰতি সমগ্ৰ দেশতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৮ বছৰীয়া এগৰাকী যুৱকে তেওঁৰ লিভ-ইন সঙ্গীক হত্যা কৰি মৃতদেহটো ৩৫ টুকুৰাকৈ কাটি প্ৰায় তিনি সপ্তাহ ধৰি এটা ফ্ৰিজত ভৰাই থোৱাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছিল।

এই মৃতদেহৰ টুকুৰাবোৰ যোৱা কেইবাদিন ধৰি হত্যাকাৰী যুৱকগৰাকীয়ে বিভিন্ন স্থানত নিক্ষেপ কৰিছিল। ইতিমধ্যে যুৱকগৰাকীক লগত লৈ আৰক্ষীয়ে মৃতদেহৰ কেইবাটাও টুকুৰা উদ্ধাৰ কৰিছে।