যুদ্ধ আৰু সংঘাতৰ প্ৰথম বলি নাৰী : ৰাষ্ট্ৰসংঘ

যুদ্ধ আৰু সংঘাতৰ প্ৰথম বলি নাৰী। কিন্তু কূটনৈতিক প্রক্রিয়াত মহিলাৰ প্রতিনিধিত্ব এতিয়াও অতি কম। মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এই কথা কয় নিৰাপত্তা পৰিষদৰ বিষয়াসকলে।

৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষণত যোৱা মঙল বাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে নাৰী, শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় এক আলোচনাচক্ৰ অনুষ্ঠিত কৰে। এই আলোচনাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ মহিলা কাৰ্যবাহী সঞ্চালক চিমা বাহৌছে আন্তঃৰাষ্ট্ৰীয় সমাজক মহিলাসকলৰ জীৱন, স্বাস্থ্য আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে অধিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আফগানিস্তানত চলি থকা ‘যৌন বৰ্ণবৈষম্য’ক তীব্ৰ সমালোচনা কৰে চিমা বাহৌছে। তেওঁ কয়, আফগানিস্তান হৈছে মহিলাৰ অধিকাৰ কাঢ়ি লোৱাৰ অন্যতম ডাঙৰ উদাহৰণ।

চিমা বাহৌছে ৰাছিয়াইউক্ৰেইন যুদ্ধৰ আঁত ধৰি মহিলাৰ দুদৰ্শাৰ বিষয়ে আলোচনা আৰম্ভ কৰে। তেওঁ কয় যে যুদ্ধৰ বাবে ইউক্ৰেইনৰ পৰা পলায়ন কৰিবলগীয়া হোৱা লাখ লাখ লোকৰ ভিতৰত প্ৰায় ৯০ শতাংশই মহিলা আৰু শিশু। এই যুদ্ধত স্থানচ্যুত হোৱাসকলৰ ৭০ শতাংশই মহিলা।

চিমা বাহৌছে মন্তব্য কৰে যে শান্তিয়েই হৈছে নাৰীৰ দুখকষ্ট কমোৱাৰ একমাত্ৰ উপায়।

ৰাষ্ট্ৰসংঘৰ এই আলোচনাচক্ৰত আমেৰিকাৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছগ্ৰীনফিল্ডেও একে কথাই কয়। তেওঁ বিশ্বত নাৰীৰ ওপৰত হোৱা হিংসাৰ কথা আলোচনা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

ফ্ৰান্সৰ বিষয়া মাৰ্লিন শ্বিপাই কয় যে যুদ্ধ আৰু সংকটৰ সময়ত মহিলাসকলে সৰ্বাধিক ত্যাগ কৰিবলগা হয়। উদাহৰণ হিচাপে তেওঁ ইউক্ৰেইন, য়েমেন, ছোমালিয়া আদি দেশৰ পৰিস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ কয়, সকলো সংঘাত আৰু সংকটতে মহিলাসকল বিশেষভাৱে বলি হয়। যুদ্ধৰ পৰিস্থিতি না না হিংসাত্মক ঘটনাৰ লগতে মহিলাসকল ব্যাপকভাবে যৌন শোষণৰ বলি হোৱা দেখা যায়।