• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগৰ পৰিষ্কাৰৰ বাবে ওলাই আহিল মহিলা; শিৱসাগৰত উদ্বোধন হ’ল জাবৰ নিষ্কাশনৰ পাইলট প্ৰজেক্ট

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 2, 2019 6:55 am

2 min read

নগৰ পৰিষ্কাৰৰ বাবে ওলাই আহিল মহিলা; শিৱসাগৰত উদ্বোধন হ’ল জাবৰ নিষ্কাশনৰ পাইলট প্ৰজেক্ট
18.4k
VIEWS
Share on FacebookShare on Twitter

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিতানত শ্ৰেষ্ঠতাৰ পুৰষ্কাৰ লাভ কৰা শিৱসাগৰ পৌৰসভাই আজি আন এটা পদক্ষেপ ল’লে।  নগৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ পৌৰসভাৰ উদ্যোগত  আগবাঢ়ি আহিছে মহিলা শক্তি। মহিলাই কৰদাতাৰ পদুলিৰ পৰা সংগ্ৰহ কৰিব জাবৰ।

আজি নগৰৰ ফুকননগৰ পানী যোগান প্ৰকল্প চৌহদত জাৱৰ নিষ্কাশনৰ এক পাইলট প্ৰজেক্ট শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই। দে এন ইউ এল এম আঁচনিৰ অধীনত জাৱৰ পৃথকীকৰণ কৰি জৈৱিক আৰু যৌগিক জাৱৰ নিষ্কাশনৰ ব্যৱস্থা কৰা হ’ব।

অসমত প্ৰথমবাৰৰ বাবে এনে ব্যৱস্থাত নিয়োগ কৰা হৈছে মহিলা আত্মসহায়ক গোট। পাইলট প্ৰজেক্ট ৰূপে শিৱসাগৰ নগৰৰ ১০ নং আৰু ১৪ নং ৱাৰ্ডত ক্ৰমে মূলাগাভৰু আৰু জননী আত্মসহায়ক গোটৰ মহিলাসকলে কৰদাতাৰ পদুলিৰ পৰা জাবৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে এই পাইলট প্ৰজেক্ট আৰম্ভ কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে ১০ নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ পৰা জাবৰ সংগ্ৰহ কৰি এক উদাহৰণ দাঙি ধৰে। এই দুই ৱাৰ্ডৰ সফলতাৰ ভিত্তিত পৰৱৰ্তী সময়ত আন ১২ টা ৱাৰ্ডত জাবৰ নিষ্কাশনৰ বাবে মহিলা আত্মসহায়ক গোট নিয়োগৰ ব্যৱস্থা কৰিব বুলিও জানিব পৰা গৈছে।

পাইলট প্ৰজেক্ট উদ্ধোধনী অনুষ্ঠানত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, কাৰ্যবাহী বিষয়া ৰিতুৰাজ বৰদলৈ, নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে আজিৰ পৰা বহু দিনৰ আগত বিভিন্ন আঁচনি-পৰিকল্পনা হাতত লৈ নগৰখনক জাৱৰমুক্ত কৰিবলৈ বিফল হোৱা শিৱসাগৰ পৌৰসভাৰ এই নতুন আঁচনি কিমান দূৰ সফল হয় সেই কথা সময়ে প্ৰমাণ কৰিব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd