NORTHEAST NOW (Assamese)

কৃষ্ণাইত চাৰিদিন ধৰি সন্ধানহীন হৈ থকা মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

September 24, 2019 3:41 pm · নীলমণি শৰ্মা
কৃষ্ণাইত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহ

গোৱালপাৰা জিলাৰ কৃষ্ণাইত মঙলবাৰে ৰাতিপুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

কৃষ্ণাই আৰক্ষী থানাৰ সমীপৰ সাপ্তাহিক বজাৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ববিতা বেগমৰ বুলি চিনাক্ত কৰিছে স্থানীয় আৰক্ষীয়ে।

উল্লেখযোগ্য যে, বিগত চাৰিদিন ধৰি ববিতা বেগম সন্ধানহীন হৈ আছিল।

ববিতাৰ পৰিয়ালৰ অভিযোগ অনুসৰি, ববিতাক স্বামী বাসুৰ আলীয়ে পৰিয়ালৰ লোকৰ সৈতে পৰিকল্পিতভাৱে হত্যা কৰিছে।

জানিব পৰা মতে, ববিতা বেগমৰ ওপৰত দীৰ্ঘদিন ধৰি স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে যৌতুক বিচাৰি বিভিন্ন নিৰ্যাতন চলাই আহিছিল।

চাৰিদিন পূৰ্বৰে পৰা সন্ধানহীন হৈ ববিতাৰ পিতৃ গৃহৰ পৰিয়ালে কৃষ্ণাই থানাত এই সম্পৰ্কে এখন এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে, মৃত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কৃষ্ণাই আৰক্ষীয়ে সোমবাৰে ববিতাৰ স্বামী বাছুৰ আলীক গ্ৰেপ্তাৰ কৰিছিল।

Related News