• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাইক্ৰফাইনেন্সৰ ঋণ; ‘’মুখ্যমন্ত্ৰীয়ে আমাক কথা দিছিল, আমি তেওঁক সেইকথা সোঁৱৰাই দিছো’’

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 17, 2021 2:49 pm
20210617_012610(1)

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আই মাতৃ সকলক মই কথা দিছো, যদি এই কথা মই ৰক্ষা কৰিব নোৱাৰো তেন্তে মোৰ নিজৰ আইক প্ৰতাৰণা কৰা হব”। মুখ্যমন্ত্ৰীক এই কথা সোঁৱৰালে শিৱসাগৰৰ মহিলাই।

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত ৰাজ্যৰ চৌদিশে অব্যাহত আছে প্ৰতিবাদ। প্ৰতিদিনাই গ্ৰাম্যাঞ্চলৰ মহিলা ওলাই আহিছে মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত প্ৰতিবাদ কৰিবলৈ।

Apply Now

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ ৰাজ্যৰ মহিলাৰ।

মহিলা সকলৰ দাবী, ঋণ মাফৰ ক্ষেত্ৰত চৰ্ত নহয়, ৰাজ্যৰ সকলো মহিলাৰ ঋণ মাফ কৰক মুখ্যমন্ত্ৰীয়ে।

আজি মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই আৰু ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে আৰোপ কৰা চৰ্তৰ বিৰুদ্ধে শ শ মহিলা ওলাই আহে শিৱসাগৰ জিলাৰ বেতবাৰীৰ বালিবাটত। বালিবাটৰ ৰাজপথত এই ভুক্তভোগী মহিলা সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী মহিলা সকলে কয়, ‘’মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই। নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰৰ হাঁহচৰাৰ নিৰ্বাচনী সভাত ঘোষণা কৰিছিল ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ’লে সকলো মহিলাৰ ঋণ মাফ কৰা হব। কিন্তু ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে যি কেইটা চৰ্ত বান্ধি দিছে সেয়া কোনোপধ্যে মানি লব নোৱাৰি।‘’

ইপিনে মহিলাৰ প্ৰশ্ন চাহাৰা, এপিলেন পৰাগ, সাৰদা আদি কোম্পানীয়ে গ্ৰাম্যাঞ্চলৰ লোকক প্ৰতাৰণা কৰি কোটি কোটি টকা লুটি নিছিল। চৰকাৰে সেই টকা আমাক ঘূৰাই দিয়ক। আমি সেই টকাৰে মাইক্ৰফাইনেন্সৰ ঋণ পৰিশোধ কৰিম বুলি মন্তব্য কৰে।

উল্লেখ্য যে অসমত প্ৰায় ২৬ লাখ মহিলাই মাইক্ৰফাইনেন্সৰ পৰা ঋণ লৈছিল আৰু এই ঋণৰ পৰিমাণ প্ৰায় ১২ হাজাৰ কোটি টকা। নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত ঘোষণা কৰিছিল এইবাৰ বিজেপি চৰকাৰ হ’লে অসমৰ মহিলাৰ মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰা হব। যাৰ বাবে উৎফুল্লিত হৈ পৰিছিল এই মহিলাসকল।

কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত মখ্যমন্ত্ৰীৰ আসন লাভ কৰা হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অশোক সিংঘলৰ নেতৃত্বত মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰাৰ সন্দৰ্ভত এখন কমিটি গঠন কৰি দিছিল। এই কমিটিয়ে যি কেইটা চৰ্ত আৰোপ কৰিছিল সেই চৰ্তত মুঠেই সন্তুষ্ট নহয় ৰাজ্যৰ মহিলাসকল। যাৰ বাবে প্ৰতিদিনেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে এইসকল মহিলা।

প্ৰশ্ন হয়, দেশৰ পুঁজিপতিক হাজাৰ হাজাৰ টকাৰ ঋণ মাফ কৰি দিয়া বিজেপি চৰকাৰে খাটিখোৱা এই সকল মহিলাৰ ঋণ মাফ কৰি দিবনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নে? নে নিৰ্বাচনৰ সময়ত ভোটাৰক আকৃষ্ট কৰিবলৈ ৰাজনৈতিক নেতাই দিয়া ‘জুমলা’ হিচাপে পৰিগণিত হব মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ দিয়া প্ৰতিশ্ৰুতি?

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd